২৬-২৭ ডিচেম্বৰত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক

২৬-২৭ ডিচেম্বৰত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা– শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে অহা ২৬ ডিচেম্বৰৰ পৰা  দুদিনীয়াকৈ অনুষ্ঠিত কৰিব কার্যনির্বাহক বৈঠক। এই বৈঠকতে বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাই নহয়, কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বাৰা দলীয় কাৰ্যকৰ্তালৈও প্ৰেৰণ কৰিব বিশেষ নির্দেশনা। উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক বিজেপিৰ এই কার্যনির্বাহক বৈঠকত উপস্থিত থাকিব দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। শেহতীয়াকৈ ৰাষ্ট্ৰীয় দায়িত্ব লাভ কৰা বিহাৰৰ এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাৰ আগমনৰ বাবে বিজেপিয়ে আন কেইবাটাও কার্যসূচী হাতত লৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্দৰ্ভত  বিস্তৃত তথ্য সদৰী কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি মনোজ বৰুৱাই জানিবলৈ দিয়া মতে এই বৈঠকত ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি পর্যালোচনাৰ লগতে সাংগঠনিক দিশৰ বিশ্লেষণ, নির্বাচনী ৰণনীতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব। প্রকৃতার্থত এই কার্যনির্বাহক সভাতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰোড মেপ প্রস্তুত কৰা হ’ব। জিলা পৰ্যায়ৰ পৰা বুথ, মণ্ডল পর্যায়লৈ সকলো বিষয়ববীয়া উপস্থিত থাকিবলগীয়া কার্যনির্বাহক বৈঠকত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰ লগতে দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক বিজেপিৰ নির্বাচনী প্ৰভাৰী তথা ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সহঃপ্ৰভাৰী সুনীল শৰ্মা, উত্তৰ-পূবৰ সমন্বয়ক সম্বিৎ পাত্ৰ, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাছা, ঋতুৰাজ শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলো মন্ত্রী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, কার্যনির্বাহক সদস্য, ৰাজ্যিক পৰিষদৰ সদস্যকে ধৰি প্ৰায়  ৮ শতাধিক কার্যকর্তা উপস্থিত থাকিব। ২৬ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই কার্যনির্বাহক সভা ২৭ ডিচেম্বৰ বিয়লি ২.৩০ বজাত অন্ত পৰিব। আনহাতে, ২৭ ডিচেম্বৰত ৰাজ্যিক নির্বাচন প্রবন্ধন সমিতি আৰু ইস্তাহাৰ প্ৰস্তুতি সমিতিৰ বৈঠকো অনুষ্ঠিত হ’ব। নিশালৈ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। ইফালে, ৰাষ্ট্ৰীয় কার্যকৰী সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিবলগা নীতিন নবীনক ২৬ ডিচেম্বৰত ৰাজ্যিক বিজেপিয়ে বৰঝাৰস্থিত বিমানবন্দৰত উষ্ম আদৰণি জনাব বুলিও দলৰ উপ-সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।