“সমবায় মেলা ২০২৫” ত বিনীতা দেৱীৰ পুতলা নাচৰ সফল মঞ্চায়ন
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেল পথাৰত অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত “চতুৰ্থ সমবায় মেলা ২০২৫” অনুষ্ঠিত হৈ যায়। “চতুৰ্থ সমবায় মেলা ২০২৫” ৰ সাংস্কৃতিক কাৰ্যক্ৰমত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত সুৰজিৎ একাডেমীয়ে “সমবায় নীতি: সহযোগিতাৰ আত্মা, উন্নতিৰ বাবে একেলগে কাম কৰা” শীৰ্ষক পুতলা নাটকখন প্ৰদৰ্শন কৰে। নাটখন পৰিচালনা কৰে সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে আৰু সামগ্ৰিক পৰিকল্পনা কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাই। নাটৰ কাহিনী নাবাৰ্ডৰ বিষয়া ৰাজেশ পাত্ৰ আৰু নাট্যৰূপ সীমান্ত শৰ্মাৰ। সংগীত পৰিচালনা হাৰ্দিক শৰ্মাৰ, সংগীতৰ ৰচনা অসম চৰকাৰৰ সমবায় বিভাগৰ শিলচৰ শাখাৰ যুটীয়া সহ-পঞ্জীয়ক আতিকুৰ ৰহমান, নাটখনৰ সহযোগিতা অসম চৰকাৰৰ সমবায় বিভাগৰ সহ-পঞ্জীয়ক চয়নিকা হাজৰিকা আৰু সংগীতৰ কণ্ঠস্বৰ সীমান্ত শৰ্মাৰ।নাটখনত সমবায়ৰ আঠটা মূল নীতি—একেলগে কাম, গণতান্ত্ৰিক সিদ্ধান্ত, ভাগৰ পুঁজি, শিক্ষা- প্ৰশিক্ষণ, সমাজপ্ৰতি দায়িত্ব, আন্তঃসহকাৰিতা আৰু সমষ্টিগত উন্নয়ন—সুন্দৰ আৰু সহজ ভাষাত উপস্থাপন কৰা হয়। মিলনপুৰ গাঁৱৰ কৃষক ৰমেনৰ জীৱনৰ কৃষিৰ জৰিয়তে নাটখনত দেখুওৱা হৈছে কিদৰে সমবায়ৰ সহযোগিতাৰে গ্ৰাম্য জীৱন, কৃষিকাজ আৰু উদ্যোগত বিপ্লৱ আনিব পাৰে। লগতে আধুনিক পক্ৰিয়াৰ সংস্কাৰৰ অংশৰূপে সমবায় সমাজত প্ৰাথমিক কৃষি ঋণ সমিতি (PACS)-ৰ কম্পিউটাৰ সহযোগ, সমবায় সমাজত বহু-উদ্দেশ্য প্ৰাথমিক কৃষি ঋণ সমিতি (MPACS)-ৰ বিস্তাৰ আৰু নতুন গ্ৰাম্য সেৱাসমূহো নাটখনত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো দৃশ্য দৰ্শকৰ হৃদয় স্পৰ্শ কৰে। খুহুতীয়া কথাৰেই নাটখন সমবায় নীতি সমূহ সুন্দৰ ভাৱে দৰ্শকৰ আগত উপস্থাপন কৰিছে। সমাবায় সকলো কথা সুন্দৰ ভাৱে নাট খনত বুজাই দিছে। নাট খনত পুতলাৰ জৰিয়তে অভিনয় যদিওঁ মানৱৰ অভিনয় কৰা যেন অনুভৱ হৈছিল দৰ্শক সকলৰ। কোনো ধৰণৰ জড়তা নাছিল পুতলা সমুহৰ অভিনয় ক্ষেত্ৰত। নাট সমাপ্তিৰ পিছত সমবায়ৰ সঞ্চালক, বিষয়া, সমবায় মেলাৰ অতিথি, শিল্পী আৰু দৰ্শক সকলে পুতলা নাটৰ শিল্পী সকলক অভিনন্দন জ্ঞাপন কৰে। উপস্থিত উদ্যোগী, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসকল নাটখনৰ প্ৰতি গভীৰ প্ৰশংসা প্রকাশ কৰি কয় যে পুতলা নাট সমাজিক বাৰ্তা আৰু চৰকাৰী আঁচনি প্ৰচাৰৰ এটা অত্যন্ত উত্তম মাধ্যম। পুতলা নাটৰ অনুষ্ঠানটোৱে “সমবায় মেলাৰ ২০২৫” ৰ সাংস্কৃতিক সন্ধিয়াৰ পৰেৱেশ দৰ্শক সকলক সমবায়ৰ নীতি সমূহৰ বিষয়ে জ্ঞান দিয়াৰ লগতে হৃদয়ঙ্গম কৰে লগতে দৰ্শক সকলে পুতলা নাচৰ শিল্পী সকলক প্ৰসংশা প্ৰদান কৰে। নাটখনত পুতলা সঞ্চালন কৰে সীমান্ত শর্মা, বিনীতা দেৱী, প্ৰনৱ জ্যোতি ৰাভা, হেমেন সেনাপতি, হাৰ্দিক শৰ্মা, কৰিস্মিতা তালুকদাৰ আৰু পলক কৈৰি। চৰিত্ৰসমূহৰ কণ্ঠস্বৰ বিনীতা দেৱী, স্বপন দাস, হাৰ্দিক শৰ্মা আৰু হেমেন সেনাপতি ।
