ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৫ জনৰ ভিতৰত আৰু এজনৰ মৃতদেহ উদ্ধাৰ

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৫ জনৰ ভিতৰত আৰু এজনৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা বাহিনী (NDRF)-এ গুৱাহাটী মহানগৰীৰ জয়পুৰ-খাৰঘূলিৰ ব্ৰহ্মপুত্ৰৰ পাৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ৫ জন কৃষ্ণভক্তৰ ভিতৰত পুনৰ আন এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাত এতিয়াও তিনিজন লোক নিখোজ হৈ আছে। সোমবাৰে পুৱা ব্ৰহ্মপুত্ৰৰ বুকুত উপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বনাথ চাৰিআলিৰ ১৮ বছৰীয়া প্রতাপ ৰায়ৰ বুলি চিনাক্ত কৰা হৈছে ।  জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ১০ বজাত খাৰঘূলিৰ পানীটেংকীৰ সমীপৰে ব্ৰহ্মপুত্ৰৰ পাৰত এটা মৃতদেহ উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ লগে লগে লতাশিল আৰক্ষী থানাত খবৰ দিয়ে । এই খবৰৰ ভিত্তিত যথাস্থানত উপস্থিত হয় এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু নদী আৰক্ষীৰ দল । এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো । উদ্ধাৰ কৰা মৃতদেহটো আৰক্ষীয়ে চিনাক্ত কৰাৰ অন্তত বিশ্বনাথৰ প্রতাপ ৰায়ৰ হয় বুলি নিশ্চিত কৰে । ইয়াৰ পূৰ্বে শনিবাৰে ১৩ ডিচেম্বৰত বঙাইগাঁৱৰ বাসিন্দা ৰোনক চাদকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।উল্লেখযোগ্য যে ১০ ডিচেম্বৰৰ পৰা নিখোজ হৈ থকা বাকী তিনিজন লোকক বিচাৰি NDRF আৰু অন্যান্য উদ্ধাৰকাৰী দলৰ তৰফৰ পৰা অনুসন্ধান অভিযান অব্যাহত আছে।নিখোজ লোককেইজন হৈছে-বিশ্বনাথ চাৰিআলিৰ উপেশ কুমাৰ, গুৰগাঁৱৰ সাগৰ গৌতম আৰু গুৱাহাটীৰ উজান বজাৰৰ অভিজিৎ। উল্লেখ্য যে যোৱা বুধবাৰে ঘটনাটো সংঘটিত হৈছিল । তেজপুৰৰ পৰা অহা ৯ জন কৃষ্ণভক্তই একেলগে খাৰঘূলিৰ জয়পুৰ ঘাটৰ সমীপৰ ইস্কন কৰ্তৃপক্ষই স্থাপন কৰা ভক্তি কুটীৰ মন্দিৰলৈ আহি পূজা-পাৰ্বন কৰি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ইয়াৰে ৫ জন লোক সন্ধানহীন হৈছিল ।