ছিডনীত সন্ত্রাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণ
ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সন্ত্রাসবাদীৰ আক্ৰমণ।দেওবাৰে ছিডনীৰ বণ্ডী সমুদ্রতীৰত ইহুদীসকলৰ হানুকা উৎসৱ চলি থকাৰ মাজতে দুজন বন্দুকধাৰীয়ে জধে-মধে গুলী চলাবলৈ আৰম্ভ কৰে।এই ঘটনাত প্ৰায় ৫০জাঁই গুলীচালনা কৰে দুৰ্বৃত্তই। গুলীয়াগুলীৰ ফলত ১১জন লোকৰ মৃত্যু ঘটে। দুই আৰক্ষীসহ ১২জন লোক আহত হয়। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান মতে পৰিকল্পনা কৰিয়েই ইহুদীসকলৰ উৎসৱত আক্ৰমণ চলোৱা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে বণ্ডী বিচ্চৰ শিশু পাৰ্কৰ ওচৰতে আয়োজন কৰা হৈছিল ইহুদীসকলৰ হানুকা উৎসৱ। তাতেই আক্রমণ চলায় বন্দুকধাৰীসকলে। তদন্তকাৰীসকলে প্ৰকাশ কৰা মতে কেইমাহমান পূৰ্বৰে পৰা পৰিকল্পনা কৰি এই ষড়যন্ত্ৰ ৰচা হৈছে। গুলীৰ শব্দ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত এজন ঘাতক নিহত হয়। আন এজন বন্দুকধাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সামাজিক মাধ্যমত ভাইৰেল হৈছে এই আক্ৰমণৰ ছবি আৰু ভিডিঅ’, য’ত দেখা গৈছে এজন বন্দুকধাৰীয়ে পথচাৰীৰ ফালে বন্দুক টোৱাইছে। তেওঁ খৰধৰকৈ পলোৱাৰ চেষ্টা কৰিছে। দ্বিতীয় বন্দুকধাৰীয়ে এখন দলঙৰ ওপৰত থিয় হৈ গুলী চলাইছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনী আলবেনিজে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। এই আক্ৰমণৰ ঘটনাক তেওঁ ‘হতবাক কৰা আৰু বেদনাদায়ক’ বুলি আখ্যা দিছে। নিহতসকলৰ পৰিয়াল আৰু আহতসকলৰ প্ৰতি তেওঁ সমবেদনা জনায়। আৰক্ষী আৰু প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে প্রধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বণ্ডী বিচ্চত আজি সংঘটিত এই সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক কঠোৰভাৱে গৰিহণা দিয়ে। এই শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি ভাৰতৰ তৰফৰ পৰা নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে। এনে দুখৰ মুহূৰ্তত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ ওচৰত সম্পূৰ্ণ সহযোগিতাৰে ভাৰত থিয় হৈ আছে বুলি তেওঁ নিশ্চিত কৰে। তেওঁ জোৰ দি কয় যে সন্ত্রাসবাদৰ ক্ষেত্ৰত ভাৰতে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে আৰু সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে গোলকীয় যুঁজখনৰ প্ৰতি সমর্থন আগবঢ়াইছে।
