বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাংবাদিক পদ্মশ্ৰী প্রফুল্ল গোবিন্দ বৰুৱা আৰু আমাৰ মাজত নাই।দেওবাৰে নিশা প্রায় ৯.৩০ বজাত মহানগৰীৰ এপল’ হাস্পতালত মহীৰদহগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৬ বছৰ। দীর্ঘদিন ধৰি বিশিষ্ট সাংবাদিকগৰাকী বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰফুল্ল গোবিন্দ বৰুৱা ৪ ডিচেম্বৰৰ পৰা এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল। ১৯৩৩ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ৰ অসমীয়া সংবাদ সাহিত্য জগতৰ প্ৰপিতামহ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু লীলাৱতী দেৱীৰ ঔৰসত প্রফুল্ল গোবিন্দ বৰুৱাৰ জন্ম হৈছিল। ডিব্ৰুগড়তে দশম শ্রেণীলৈকে পঢ়ি প্রফুল্ল গোবিন্দ বৰুৱাই পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দুটা বিষয়ত লেটাৰ নম্বৰসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫১ চনত কটন কলেজৰ পৰা আইএছচি পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫৩ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু আইন বিষয়ত অধ্যয়ন কৰে। ন’বেল বঁটাপ্ৰাপক অমর্ত্য সেনৰ ঘনিষ্ঠ বন্ধু তথা একেটা শ্ৰেণীৰ প্ৰথম বেঞ্চত একেলগে বহা প্রফুল্ল গোবিন্দ বৰুৱাই পৰৱৰ্তী সময়ত অর্থনীতিত স্নাতকোত্তৰ ডিগ্রী আৰু এলএলবিত কলকাতা বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সুখ্যাতিৰে পদক অর্জন কৰে। কলকাতাত বি এ পৰীক্ষা দি উঠিয়েই ‘দ্য ষ্টেটছমেন্ট’ কাকতৰ মিষ্টাৰ এণ্ডাৰচনৰ অধীনত সম্পাদকীয় পৃষ্ঠাত কাম কৰি থাকোঁতে বৰুৱাই ‘দ্য আছাম ট্রিবিউন’ৰ বাবে বা-বাতৰি প্ৰেৰণ কৰে। ১৯৫৫ চনত তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। ১৯৬৪ চনত তেওঁ গ্রেট ব্রিটেইনৰ থমছন ফাউণ্ডেচনৰ পৰা সাংবাদিকতা আৰু ছপা প্ৰযুক্তিৰ অধ্যয়নৰ বাবে এটা জলপানি লাভকৰে। ১৯৬৬ চনত তেওঁ ‘দ্য আছাম ট্রিবিউন’ কাকতগোষ্ঠীৰ পৰিচালন সঞ্চালক পদৰ দায়িত্ব লয় আৰু মৃত্যুৰ সময়লৈকে এই দায়িত্ব পালন কৰে। ১৯৯৭ চনত প্ৰয়াত বৰুৱাই আছাম ট্রিবিউন কাকতৰ সম্পাদক হিচাপে দায়িত্ব লয় আৰু মৃত্যুৰ সময়লৈ এই পদত কাৰ্যনিৰ্বাহ কৰে। সাংবাদিকতা, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰয়াত বৰুৱাক ২০১৮ চনত দেশৰ চতুৰ্থ সর্বোচ্চ সন্মান ‘পদ্মশ্রী’ৰে সন্মানিত কৰা হয়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়েও তেওঁক সন্মানিত কৰে। মৃত্যুৰ সময়ত বৰুৱাই দুই জীয়ৰী ক্ৰমে ববিতা ৰাজখোৱা আৰু বনিতা বৰুৱাৰ লগতে পত্নী ৰেখা বৰুৱাক ইহসংসাৰত এৰি যায়। বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদ জগতত শোকৰ ছাঁ পৰিছে । ইফালে বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে । এক শোকবার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয়- ‘দ্য আছাম ট্রিবিউন গ্রুপ’ৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক আৰু অসমৰ সংবাদ জগতৰ মহীৰূহ প্রফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। নীতিগত সাংবাদিকতাৰ প্ৰতি তেওঁৰ আজীৱন সমর্পণ আৰু সাহিত্য, শিক্ষা আৰু জনজীৱনত তেওঁৰ অপৰিসীম অৱদান অনস্বীকার্য। তেওঁৰ শোকসন্তপ্ত পৰিয়াল, সহকর্মী আৰু অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তথ্য-জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকায়ো প্রফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ সামাজিক মাধ্যম এক্সত তেওঁ কয়, ‘দ্য আছাম ট্ৰিবিউন গ্ৰুপ’ৰ সম্পাদক তথা পৰিচালন সঞ্চালক শ্ৰী পি জি বৰুৱা দেৱৰ বিয়োগত মৰ্মাহত হৈছো । সংবাদ মাধ্যমৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব । অসমৰ প্ৰগতিক আগুৱাই নিয়াৰ লগতে ৰাজ্যৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ প্ৰতিও তেওঁ উৎসাহী আছিল । তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো । ওম শান্তি ।”কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমযোগে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷  প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু অসমৰ বাবে এক উল্লেখ্যযোগ্য ক্ষতি বুলি উল্লেখ কৰি তেওঁ কয়, প্ৰবীণ সাংবাদিক তথা অসমৰ সংবাদ জগতৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি, “দ্য আছাম ট্ৰিবিউন”ৰ স্বত্বাধিকাৰী, পদ্মশ্ৰী সন্মানেৰে বিভূষিত প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ সংবাদ জগতৰ মহীৰূহগৰাকীয়ে সততা, নিষ্ঠা আৰু সামাজিক দায়বদ্ধতাৰে অভূতপূৰ্ব অৰিহণা যোগাই থৈ গৈছে। তেখেতৰ দেহাৱসান সংবাদ জগতৰ লগতে অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুখৰ ক্ষণত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ, সহকৰ্মী তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক। ঔঁ শান্তি।