ধৰ্মশালাত ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা- ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ তৃতীয় টি-২০ত দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে। টীম ইণ্ডিয়াৰ বলাৰৰ নিখুঁত বলিঙৰ সন্মুখত সহজে আত্মসমর্পণ কৰিলে দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলে। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ১০ উইকেটত ১১৭ ৰাণ সংগ্ৰহ কৰে । ভাৰতে ১৫.৫ অভাৰত ৩ উইকেটত ১২০ ৰাণ সংগ্ৰহ কৰি এই লক্ষ্যত উপনীত হয় । এই বিজয়েৰে ভাৰতে শৃংখলাত ২-১ ব্যৱধানত অগ্রগতি লাভ কৰিলে। টছত জয়লাভ কৰি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক সূর্যকুমাৰ যাদৱে। দলটোত যশপ্রীত বুমৰাহ আৰু অক্ষৰ পেটেলৰ স্থানত অন্তর্ভুক্ত হয় গৌতম গম্ভীৰৰ প্ৰিয় শিষ্য হৰ্ষিত ৰাণা আৰু কুলদীপ যাদৱ। প্রথম অভাৰতে দক্ষিণ আফ্রিকাই ৰেজা হেন্দ্ৰিখৰ উইকেট হেৰুৱায়। অর্শদীপ সিঙে তেওঁক শূন্য ৰানতে বিদায় দিয়ে। ইয়াৰ পিছত হৰ্ষিতৰ দ্বাৰা আউট হয় কুইন্টন ডি ক’ক (১)। হৰ্ষিতে ২ ৰানত ডেৱাল্ড ব্রেভিছক বিদায় দিয়ে। ইয়াৰ পিছত ত্রিষ্টান ষ্টাবছ, কৰবিন বছ , ড’নোভান ফেৰেৰাই আৰু এণ্ড্ৰিখ নটজে বিদায় লয়। ইয়াৰ পিছত ৰান কৰাৰ দায়িত্ব হাতত লয় অধিনায়ক এইডেন মার্কৰামে। তেওঁ আগ্রাসী বেটিঙেৰে ৬১ ৰানত বিদায় লয়।ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা, আৰ্শদীপ সিং আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰে । ভাৰতৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল অভিষেক শৰ্মা আৰু শুভমান গিলে । প্ৰথম উইকেটৰ বাবে দুয়োজনে ৫.২ অভাৰত ৬০ ৰাণ সংযোজন কৰে । ভাৰতৰ প্ৰথম আঘাত অভিষেকৰ ৰূপত । ১৮টা বলত ৩৫ ৰাণৰ ইনিংছ খেলি ৩টা চাৰি আৰু ৩টা ছয়ৰে পেভিলিয়নলৈ উভতি আহে। তেওঁৰ পিছতে ৫টা চাৰিৰ সহায়ত ২৮টা বলত ২৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে শুভমান গিল । দলটোৰ হৈ অধিনায়ক সূৰ্যই ১২ ৰাণ আগবঢ়ায় । তিলক ভাৰ্মা ২৬ আৰু শিৱম ডুবে ১০ ৰাণ কৰি ভাৰতক জয়লাভ কৰে । আফ্ৰিকাৰ হৈ কৰবিন বছ, মাৰ্কো জান্সেন আৰু লুংগি ঙিডিয়ে ১টাকৈ উইকেট দখল কৰে ।
