নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উপ-ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° শর্মাই অসমত শেহতীয়াকৈ হোৱা উন্নয়ন তথা বিকাশৰ সাক্ষী হ’বৰ বাবে অসমলৈ আমন্ত্রণ জনায়। প্রায় ৩০ মিনিট ধৰি উপ-ৰাষ্ট্ৰ পতিগৰাকীৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। উপ-ৰাষ্ট্ৰ পতি ভৱনত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ব্যক্তিগতভাবে উপ-ৰাষ্ট্ৰপতিগৰাকীক যোৱা আগষ্ট মাহত নিজৰ পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দনো জনায়। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীক অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰিৱৰ্তন আৰু শেহতীয়া বছৰবোৰত সম্পন্ন হোৱা উন্নয়নমূলক অগ্ৰগতিৰ সাক্ষী হ’বলৈ আনুষ্ঠানিকভাবে আমন্ত্রণ জনায়। এই সন্দর্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই লিখে- আজি নতুন দিল্লীত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত চিপি ৰাধাকৃষ্ণনক সম্মান জনাই গৌৰৱ অনুভৱ কৰোঁ। বিগত আগষ্ট মাহত তেওঁ উপ-ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ লোৱাৰ বাবে মই ব্যক্তিগতভাবে অভিনন্দন জনাইছোঁ আৰু শেহতীয়া বছৰবোৰত ৰাজ্যৰ ৰূপান্তৰৰ সাক্ষী হ’বলৈ অসম ভ্ৰমণৰ বাবে আমন্ত্রণ জনাইছোঁ।