মানুহৰ অমানৱীয় আচৰণৰ কাৰণ আৰু ইয়াক নিৰ্মূল কেনেকৈ কৰিব পাৰি
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
অমানবীয় আচৰণৰ কোনো শিক্ষা বিভাগ দায়ী নহয়। ইয়াৰ কাৰণে প্ৰথম দায়ী ঘৰখন আৰু অভিভাৱক সকল।
ঘৰখনৰ পৰিৱেশ আৰু মাক-দেউতাকৰ ওপৰত নিৰ্ভৰ কৰে ।যদি মাক- দেউতাকৰ নৈতিক আৰু মানৱীয় গুণ নাথাকে সন্তানে কি শিকিব। কাৰণ ঘৰখনৰ পৰা সমাজ আৰম্ভ হয় ,ঘৰখনত মাক-দেউতাকৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ লোকসকলক সৰুৰে পৰা শিশুসকলে অনুকৰণ কৰি শিকে।যদি ডাঙৰৰ মানৱীয় গুণ নাই সৰু সকলে কি শিকিব?প্ৰত্যেকটো পৰিয়ালৰ দায়িত্ব নিজৰ ঘৰৰ পৰিৱেশ বাতাবৰণ সুস্থ ৰখা ,এনেধৰণৰ সজাগতাই সমাজখন সুস্থ হব।
প্ৰতিকাৰ -তাৰ কাৰণে অভিভাৱক সকল নিচাসক্তৰ পৰা মুক্ত হব লাগিব,লগতে ঘৰৰ হাই কাজিয়া পৰিৱেশ থাকিব নালাগিব। তাৰ লগতে “মানুহে মানুহৰ বাবে” ড০ ভূপেন হাজৰিকাৰ দেৱ গানটো আমাৰ সন্তান সকলক শিকাব লাগিব। এনেকুৱা কিছুমান ব্যৱস্থা কৰিলে, সৰুৰে পৰা নৱ প্ৰজন্মৰ মাজত সমাজ সচেতন মনোভাৱ গঢ়ি তুলিব পাৰিম ।
প্ৰথম বিবেকক আগস্থান দিব লাগিব লগতে আমি নিজে সজাগ হ’বই লাগিব।
মানুহ এজনক কোনোবাই মাৰিব ওলাইছে সহায় কৰিব নোৱাৰিলে ,লগে লগে পুলিচক, বিভিন্ন সংগঠনক ফোন কৰি মানুহ জনক ৰক্ষা কৰা ,তাৰ পিছত হে আলোচনা কৰি তেওঁ যদি দোষী সেই হিচাপে পুলিচক গটাই দিয়া । কোনো কাৰণত মৰেল পুলিচ হৈ আইন হাতত তুলি লোৱা উচিত নহয়। কোনোবাই কাৰোবাক মাৰি আছে ফটো তুলি আপলোড কৰাৰ সলনি,প্ৰথমে ঐক্যবদ্ধ হৈ ৰক্ষা কৰাত গুৰুত্ব দিয়া ।এনেকৈয়ে কিছুমান ব্যৱস্থাৰে প্ৰতিকাৰ কৰিলে এই বোৰ নিৰ্মূল হব ।এখন সুস্থ সমাজৰ আশা কৰিব পাৰিম।
