উদৰবন্দ বিধানসভা সমষ্টিৰ ১৫,৩০১ গৰাকী উদ্যমী মহিলালৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলাৰ উদৰবন্দ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১৫,৩০১ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ ১৩,৪৯১ গৰাকী গ্রামাঞ্চলৰ আৰু ১,৮১০গৰাকী নগৰাঞ্চলৰ। এই উপলক্ষে উদৰবন্দৰ দুর্গানগৰ নয়াৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্যৰ নাৰী সমাজক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰাজ্যৰ আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যাৰ বহুসংখ্যকে ইতিমধ্যে ১০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ চেক লাভ কৰিছে আৰু বাকীসকলেও অতি সোনকালে এই চেক লাভ কৰিব।দুদিনীয়া বৰাক উপত্যকা ভ্রমণত হাইলাকান্দি সমষ্টিৰ ১৭,৭৭৪ গৰাকী আৰু ধলাই সমষ্টিৰ ২০,০৪৫ গৰাকী উদ্যমী মহিলাক চেক প্ৰদানৰ পাছত দেওবাৰে উদৰবন্দৰ ১৫,৩০১ গৰাকী মহিলাই এই পুজি লাভ কৰিব বুলি তেওঁ সদৰী কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনি কোটি মহিলাক ব্যৱসায়-বাণিজ্যৰ মাধ্যমেৰে বাৰ্ষিক ১ লাখ টকাতকৈ অধিক উপাৰ্জন কৰিব পৰাকৈ ‘লাখপতি দিদি’ বা লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য নির্ধাৰণ কৰিছিল।

একেই আদৰ্শৰে ৰাজ্য চৰকাৰে অসমৰ ৪ লাখ আত্মসহায়ক গোটৰ সৈতে জড়িত ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান হাতত লৈছে। আজি বিতৰণ কৰা ১০ হাজাৰ টকাৰ চেকখন এই আঁচনিৰ মাথোঁ আৰম্ভণিহে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিগৰাকী সদস্যা লাখপতি বাইদেউ নোহোৱালৈকে এই আঁচনি অব্যাহত থাকিব। কিন্তু তাৰ বাবে মহিলাসকলে উদ্যমিতা পুঁজিৰ ধনৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰিব লাগিব। আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভকৰিব। উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিব। ৰাজ্য চৰকাৰে নাৰী সমাজৰ সন্মান বৃদ্ধি আৰু মহিলা সবলীকৰণৰ বাবে হাতত লোৱা পদক্ষেপসমূহৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, নিযুত মইনা, বাল্যবিবাহ ৰোধ, বহুবিবাহ প্ৰতিৰোধী আইন আদিৰ কথা বিশদভাৱে ব্যাখ্যা কৰে।

তেওঁ কয় যে উদৰবন্দ সমষ্টিত প্রায় ২৭ হাজাৰগৰাকী হিতাধিকাৰীয়ে বৰ্তমানে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আন চাৰি হাজাৰ মহিলাকো অৰুণোদয়ৰ অধীনত শীঘ্রেই সামৰি লোৱা হ’ব। অৰুণোদয়ৰ হিতাধিকাৰীসকলে অহা ১ জানুৱাৰীত ৰাজ্য চৰকাৰৰ পৰা এক ডাঙৰ উপহাৰ লাভ কৰিব বুলিও তেওঁ ইংগিত প্রদান কৰে। তেওঁ কয় যে শেহতীয়াকৈ ৰাজ্যৰ ৰেচন কার্ডধাৰী পৰিয়ালসমূহক ১১৭টকাত এক কেজিকৈ দাইল, নিমখ আৰু চেনি যোগান ধৰা হৈছে, যিসমূহ সামগ্ৰী অহা ১ জানুৱাৰীৰ পৰা মাথোঁ ১০০ টকাতে যোগান ধৰা হ’ব। এই চেক বিতৰণ সভাত মন্ত্রী কৌশিক ৰায়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য আৰু কনাড পুৰকায়স্থ, বিধায়কসকল ক্ৰমে মিহিৰকান্তি সোম, দীপায়ন চক্ৰৱৰ্তী, নিহাৰ ৰঞ্জন দাস, কমলাক্ষ দে’ পুৰকায়স্থ, প্রাক্তন সাংসদ ৰাজদীপ ৰয়, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্ৰমুখ্যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল তথা গণ্য-মান্য ব্যক্তি আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
