সূৰুয উঠাৰ পৰত – বিনীতা কলিতা কুমাৰ

Pc ONE IN THE UNIVERSE

সূৰুয উঠাৰ পৰত

বিনীতা কলিতা কুমাৰ
শুৱালকুছি

সূৰুয উঠাৰ পৰত
আঘোণ মহীয়া পথাৰত
ঘণ কুঁৱলীৰ মাজেৰে
সোণগুটি ধাননিৰ ওপৰেৰে
লয়লাস ভংগীৰে
মধুৰ মূৰ্ছনা তুলি
জাকি মাৰি উৰি ফুৰা
চৰাইৰ জাকৰ
মনোমোহা দৃশ্যই
মন প্ৰাণ পুলকিত কৰে
সোণগুটি ধান পকিছে জানি
চৰাই বোৰে জাক পাতি আহি
গছে গছে উৰি ফুৰি
কল কাকলিৰে গান গাই সিহঁতে
ধাননি পথাৰ খন কৰিছে
অধিক সোন্দৰ্য্য ময়ী
কোন ডৰা ধাননিত পৰি
ধান খাব খুতি খুতি
নিয়ৰ কণা বোৰো আছে
ধানত মণি গঠা দি
পুৱাই আহে সিহঁতে
জাকি মাৰি উৰি
খাবলৈ বুলি সোণগুটি ধান
খুতি খুতি