লিমাৰিক
উমা দেৱী,মৰিগাঁও
১)
চিকিৎসকক পাই বেমাৰ দেখালোঁ
বেমাৰৰ বাবে কত ঔষধ যে খালোঁ
তথাপি নহ’ল ভাল
নেদেখুৱাই হে ভাল
বেমাৰৰ বাবে কত পইচা খেদিলো।
২)
ঠাণ্ডাত অহা-যোৱা বৰ লাগে আমনি
চিকিৎসকে ৰোগী চাই লাগে টোপনি
কেতিয়া নম্বৰ মাতে
পুৱাৰ উদং পেটে
চিকিৎসা কৰিব গৈ পাতো যে জমনি।
