ৰাহুল গান্ধীৰ ৰূমত হ’ৰ্ডিঙৰ কথা আলোচনা হয়ঃ মুখ্যমন্ত্রী

ৰাহুল গান্ধীৰ ৰূমত হ’ৰ্ডিঙৰ কথা আলোচনা হয়ঃ মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন দিল্লীত ৰাহুল গান্ধীৰ উপস্থিতিত অনুষ্ঠিত কংগ্ৰেছৰ বৈঠকক লৈ তীব্র কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়- কংগ্ৰেছৰ বৈঠকত মোটামুটি কি আলোচনা হৈছে সেয়া মই জানোৱেই। ৰাহুল গান্ধীৰ ৰুমত হ’র্ডিঙক লৈ আলোচনা হৈছে। ৰাহুল গান্ধীৰ কোঠাত বহি কোনোবাই নিৰ্বাচনৰ হ’ডিঙৰ কথা পাতে জানো? তেওঁলোকে ইমান দূৰলৈ কথা পাতিছে যে বিজেপিয়ে নির্বাচনৰ বাবে সকলো হ’র্ডিং লৈ ল’লে। কিন্তু আমিতো এতিয়ালৈ কোনো হ’র্ডিঙেই লোৱা নাই। গতিকে তেওঁলোকৰ মিটিঙত এইধৰণে হ’ডিঙৰে আলোচনা হয়। এই আলোচনালৈ যোৱা আৰু নোযোৱা একে কথা। ইফালে শুকুৰবাৰে জনজাতিকৰণৰ প্ৰসংগক লৈ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিষয়টো সংসদত উত্থাপন কৰাৰ সময়ত কংগ্ৰেছ দলে কৰা হুলস্থূলৰ প্ৰসংগতো মুখ্যমন্ত্রী ড° শর্মাই কয়- ছয় জনগোষ্ঠীৰ বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছে প্রতিবাদ কৰা দেখিছোঁ। ইমানদিনে তেওঁলোকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমৰ্থনত আছিল। যেতিয়া দেখিলে বিজেপিয়ে কামটো কৰিবলৈ আগুৱাই গ’ল, তেতিয়াই বিৰোধিতা আৰম্ভ কৰিলে। তেওঁলোকে সংসদত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি বিষয়টো আলোচনা হোৱাত বাধা দিলে।