ৰঙিলী বাৰ্ত্তাসেৱা- চাহ শ্রমিকক ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ বাবে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল। উক্ত বৈঠক সন্দর্ভত মুখ্যমন্ত্রী ড০ শৰ্মাই কয়- চাহ বাগিচাৰ মাটিৰ পট্টাৰ বিষয়টোক লৈ জিলা আয়ুক্তসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে প্রতিখন বাগানতে এখন চাৰিজনীয়া সমিতি গঠনৰ জৰিয়তে ভূমিসমূহৰ জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জৰীপৰ পাছত পর্যায়ক্রমে পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে এই চাৰিজনীয়া সমিতিয়ে চাহ শ্রমিকসকলৰ আবেদন-পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব। বিশেষকৈ শ্রমিকসকলে কিমান ভূমি অধিকাৰ কৰি আছে এই বিষয়ে আবেদনত উল্লেখ কৰিব লাগিব। তেওঁলোকক সহায় কৰাৰ বাবেই এই সমিতিয়ে কাম আৰম্ভ কৰিব। আনহাতে ইতিমধ্যে বিধানসভাত ভূমিপট্টা প্ৰদানৰ বাবে গৃহীত হোৱা বিধেয়কখনত ৰাজ্যপালে অনুমোদন জনোৱাৰ পাছতে বাগানৰ পৰা মাটিসমূহ চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰিব পাৰি, তাৰ যাৱতীয় নির্দেশ কালি জিলা আয়ুক্তসকলক প্রদান কৰা হৈছে। পর্যায়ক্রমে এখন এখনকৈ চাহ বাগিচাত এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। কিয়নো ৮০০খন চাহ বাগিচাত একেলগে এই কাম আৰম্ভ কৰিলে খেলিমেলিৰ সৃষ্টি হ’ব। পর্যায়ক্রমে বাগানসমূহ ছার্ভে কৰি এটা নির্দিষ্ট সময়ৰ ভিতৰত যাতে ভূমিপট্টা প্ৰদানৰ বিষয়টো সম্পূর্ণ কৰে তাৰ বাবে কালিৰ বৈঠকত আলোচনা কৰা হৈছে। এইক্ষেত্রত জিলা আযুক্তসকলে ইতিবাচক মনোভাব দেখুৱাইছে। অতি সোনকালে জিলা আয়ুক্তসকলে মাটিৰ পট্টা দিয়াৰ কামটো সম্পূৰ্ণ কৰিব পাৰিব। ইফালে চাহ শ্রমিকক মাটিৰ পট্টা প্রদানক লৈ প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনৰ পূৰ্বে এয়া চৰকাৰৰ নাটক বুলি কৰা মন্তব্যৰো মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰত্যুত্তৰ দিয়ে। গৌৰৱ গগৈক উভতি ধৰি তেওঁ কয়- নাটক নাটক কৰি থাকোঁতেই এতিয়া চাহ শ্রমিকে ভূমিপট্টাৰ কাগজ হাতত পাই যাব। অচিৰেই ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই ভূমিপট্টা প্ৰদান কৰা হ’ব। আমি টার্গেট এটা লৈ চলি আছোঁ। যোৰহাটত যিদিনা ভূমিপট্টা প্রদান কৰা হ’ব তেওঁকো আমন্ত্রণ জনোৱা হ’ব। মিটিঙৰ মাজত থিয় হৈ তেওঁ সেইদিনা শ্ৰমিকৰ আগত এয়া নাটক বুলি কওক। সেইদিনা তেওঁ ইয়াক নাটক বুলি ক’বনে?
চাহ বাগিচাসমূহত চাৰিজনীয়া সমিতি গঠন কৰি চলোৱা হ’ব জৰীপঃ মুখ্যমন্ত্ৰী
