সময় বৰ কঠিন – আয়শা ছিদ্দিকা 

সময় বৰ কঠিন 

আয়শা ছিদ্দিকা 
বাংলিপাৰা, বৰপেটা 

সময় বৰ কঠিন। সৰ্বনিয়ম মানি চলা এজন আদৰ্শ শিক্ষক ৰূপে দায়িত্ব পালন কৰে সময়ে। আমি দুৰ্বল শিক্ষাৰ্থীস্বৰূপ নৈমিত্যিক কাম কাজ, ব্যৱ্হাৰ, আচাৰ- আচৰণ, কথা-বাৰ্তাত সেয়া প্ৰদৰ্শন কৰি থাকোঁ।

কেতিয়াবা সময়ৰ এই নৈতিক শিক্ষা আমি বুজি পোৱাৰ পিছতো আবেগৰ বশৱৰ্তী হৈ চকু মুদি বহি থাকোঁ।

আকৌ কেতিয়াবা সময়ে দিয়া শিক্ষা ইমানেই গভীৰ হয় আমাৰ সাধাৰণ মস্তিষ্কই সেই শিক্ষাৰ মৰ্মখিনি ধাৰণ কৰিব নোৱাৰে।

জীৱন এটা পৰীক্ষাকেন্দ্ৰ। প্ৰতিটো খোজত প্ৰতিটো ধাপত সময়ে দিয়া শিক্ষাৰ পৰীক্ষা দিব লগা হয় কোনো আগজাননী নোপোৱা কৈ কোনো প্ৰস্তুতি নোলোৱাকৈ। আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তুলনাত অৱনতিৰ হাৰ বেছি থাকে।

জীৱনটো সুখ- দুখৰ সমাহাৰ। হাঁহি কান্দোনৰ মিশ্ৰিত এক কাহিনী। আমি এই জীৱন ক্ষণস্থায়ী বুলি জানিও সময়ৰ মূল্য, সময়ৰ গুৰুত্ব দিয়াৰ অপৰাগ। সুখৰ সময়ত দুখ পাহৰি থাকোঁ আকৌ দুখৰ সময়ত সুখৰ সেই সুন্দৰ অনুভূতি আমাৰ পাহৰণিৰ গৰ্ভত থাকে। আৰু সেই বাবেই চাগে আমাৰ জীৱনক কৈ আমি সুখী হ’ব নোৱাৰোঁ আৰু ইমান অভিযোগ, অভিমান জমা হৈ থাকে হৃদয়ৰ এক কোণত।

ধনকুবেৰে বিচাৰে মানসিক শান্তি আৰু মানসিক শান্তিত থকা সম্পদৰ অভাৱগ্ৰস্ত মানুহে বিচাৰে পৰ্যাপ্ত ধন। কি এক সংযোগ। কি এক অনিয়মত আক্ৰান্ত কাল। থাকা সকল সুখী হ’ব পৰা নাই  শত্ৰুৰ আতংকত, নথকাজনে সুখী হ’ব পৰা নাই নথকাৰ বেজাৰত। সময় সঁচাই নিদাৰুণ।বৰ জটিল।

সুখৰ সময়ত আত্মীয়-স্বজন হাতে গণি শেষ কৰিব পৰা নাযায়। কিমান হাই-উল্লাস, কিমান কিমান আমোদ- প্ৰমোদ, কিমান আয়োজন ,কিমান স্ফূৰ্তি , কিমান হৈ চৈ

কিন্তু দুখৰ সমভাগী হোৱাৰ বাবে মানুহ হাতে গণি পোৱা টান। সময় সঁচাই বৰ নিৰ্মম প্ৰশিক্ষক।

সেই বাবে আমি কৃতজ্ঞ হোৱা উচিত। পৰিস্থিতি ভাল হওক কিংবা বেয়া হওক সময়ৰ স্ৰোতত সেয়া বৈ নিঃশেষ হৈ যায়। দুখ অনুভৱ কৰিলে বেজাৰ হ’ব নালাগে সময়ে এই দুখ নাইকীয়া কৰিব সঠিক সময়ত। আকৌ সুখত থাকিলেও অহংকাৰী হ’ব নালাগে কাৰণ সময়ে কেতিয়া আকৌ দুখৰ বা বোৱাই যায় কোৱা কঠিন।

আমি যদি মানুহৰ সুখৰ সমভাগী হোৱাৰ কাৰণে সময় উলিয়াব পাৰোঁ তেন্তে সেই একেই মানুহৰ দুখৰ সময়ত কিয় ইমান ব্যস্ততা বাঢ়ে।  ব্যস্ত জীৱনৰ মাজতো নিজৰ আপোন মানুহৰ বাবে তাৰ বেয়া সময়ত অকন সময় উলিয়াব লাগে। যাতে এইটো অনুভৱ নহয় যে মানুহ সঁচাই স্বাৰ্থলোলী। সময় সঁচাই বৰ কঠিন কেতিয়া কাক কোনটো পৰিস্থিতিৰ স্বীকাৰ কৰি পেলায় তাৰ কোনো নিশ্চয়তা নাই। সেয়ে আমি সদায় বিনয়ী আৰু সহায়কাৰী হোৱা উচিত। কেৱল সুখ লগৰী নহয় দুখৰ সমভাগী হ’বলৈ যত্ন কৰা উচিত।