ৰাজীৱ ভৱনত জননেতা ভীমবৰ দেউৰীক শ্ৰদ্ধাৰে স্মৰণ
হিমন্ত বিশ্ব শৰ্মা এজন ভয়াতুৰ মুখ্যমন্ত্ৰীঃ ৰকিবুল হুছেইন
নিৰ্বাচনী প্ৰচাৰ বিভাগৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- সামাজিক ন্যায়, জনজাতীয় লোকসকলৰ স্বাভিমান আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তিসকলৰ ভিতৰত ভীমবৰ দেউৰী আছিল অন্যতম। শিৱসাগৰ জিলাৰ পানীদিহিঙত ১৯০৩ চনৰ ১৬ মে’ত জন্মগ্ৰহণ কৰা ভীমবৰ দেউৰী অসমৰ জাতি-জনগোষ্ঠীৰ বাবে আছিল এক দৃঢ় কণ্ঠস্বৰ। উচ্চ শিক্ষাধাৰী ভীমবৰ দেউৰীয়ে অসমক গ্ৰুপিঙৰ জৰিয়তে পূৱ পাকিস্তানত চামিল কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ৰূপনাথ ব্ৰহ্ম, যাদৱ চন্দ্ৰ খাখলাৰীৰে মিলি ব্ৰিটিছ গভৰ্ণৰৰ ওচৰত অসমক পূৱবংগৰ লগত চামিল নকৰিবলৈ দাবী জনাইছিল। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত বন আৰু শ্ৰম মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা জননেতা ভীমবৰ দেউৰীক আজি সমগ্ৰ অসমৰ লগতে ৰাজীৱ ভৱনতো শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। ধুবুৰী সংসদীয় সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে আজি ভীমবৰ দেউৰীৰ স্মৃতিচাৰণ কৰি গুৱাহাটীৰ ৰাজীৱ ভৱনত বন্তি প্ৰজ্বলনৰে প্ৰথিতযশা জননেতাজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। সাংসদ হুছেইনে জননেতা ভীমবৰ দেউৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কংগ্ৰেছ নেতা-কৰ্মীসকলে দীৰ্ঘদিন ধৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সমবিকাশ আৰু উন্নয়নৰ পোষকতা কৰি আহিছে বুলি উল্লেখ কৰে। ভীমবৰ দেউৰী স্মৃতিচাৰণ সভা পৰিচালনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে। সভাত বিধায়ক আব্দুৰ ৰহিম আহমেদ, আছিফ আহমেদ নজৰ, শিৱামণি বৰা, খলিল উদ্দিন মজুমদাৰ, ছোৱাহন আলী, প্ৰদেশ কংগ্ৰেছৰ নেতা জয়প্ৰকাশ দাস, মুনমী দত্ত, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাস, প্ৰফেশ্যনেল কংগ্ৰেছৰ অধ্যক্ষ ৰিমঝিম বৰাকে প্ৰমুখ্যে কৰি নেতা-কৰ্মীসকল উপস্থিত থাকে। ইফালে, আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী প্ৰচাৰ বিভাগৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নিৰ্বাচনী প্ৰচাৰ বিভাগৰ অধ্যক্ষ সাংসদ ৰকিবুল হুছেইনৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত কেবাজনো বিধায়ক আৰু বিভাগটোৰ সদস্যসকল উপস্থিত থাকে। বৈঠকৰ অন্তত সাংসদ ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া সাংঘাতিকভাৱে ভীতিগ্ৰস্ত হৈ পৰিছে। ভয়াতুৰ মুখ্যমন্ত্ৰীজনে সেয়ে বিভিন্ন সময়ত ভুল পদক্ষেপ গ্ৰহণ কৰি আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীৱিত কালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া কষ্টৰ বাবে তেওঁ আনকি বিজেপিক ভোট দিব নালাগে বুলিও ক’বলৈ বাধ্য হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে হাইটেক প্ৰচাৰ অভিযানৰ দ্বাৰা এইবাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰচাৰ চলাব বুলি তেওঁ জানিবলৈ দিয়ে।
