হিমন্ত বিশ্ব চৰকাৰৰ দিনত অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহ ব্যৱসায়িক কেন্দ্ৰ হৈ পৰিছে
চৰকাৰৰ ভুলৰ বাবেই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই স্বেচ্ছাচাৰী হৈ উঠিব পাৰিছেঃ মীৰা বৰঠাকুৰ
অসমৰ সচেতন মহলক তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ মাত মাতিবলৈ আহ্বান মীৰা বৰঠাকুৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অব্যাহত থকা অচলাৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভাপতি মীৰা বৰঠাকুৰে। বিশ্ববিদ্যালয়খনক অসমৰ আৱেগ হিচাপে অভিহিত কৰি বৰঠাকুৰে কয়, ”উপাচাৰ্য শম্ভূনাথ সিঙে মইমতালিৰে বিশ্ববিদ্যালয়খনত এক অসহনীয় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। যাৰ বাবে আজি দুমাহ ধৰি বিশ্ববিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু চৰকাৰে এই লৈ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি অহাতো অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে অতিশয় দুৰ্ভাগ্যজনক।’’ সদ্যসমাপ্ত বিধানসভাৰ শীতকালীন অধিৱেশনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উক্ত প্ৰসংগ উত্থাপন কৰাৰ পিছতো বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফালৰি কটা কাৰ্যই বহু কথাৰে ইংগিত বহন কৰিছে বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ আৰু কয়, ” মেঘালয়ৰ নেহু আৰু মণিপুৰৰ মণিপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্যই মইমতালি চলোৱাক লৈ পৰিস্থিতিৰ অৱনতি ঘটাত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি বিষয়টোৰ মীমাংসা কৰিছিল। কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সকলো দেখিও নেদেখাৰ ভাও ধৰা মুখ্যমন্ত্ৰীয়ে আকৌ প্ৰেমজী বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধানসভাত প্ৰস্তাৱ আনিছে।’’ নতুন বিশ্ববিদ্যালয় স্থাপন কৰাতো আদৰণীয় বুলি উল্লেখ কৰি বৰঠাকুৰে কয়, ”নতুন বিশ্ববিদ্যালয় স্থাপন হওক। পিছে অসম আন্দোলনৰ ফলশ্ৰুতিত লাভ কৰা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত দুমাহ ধৰি অচলাৱস্থা অব্যাহত থকাৰ পিছতো কিয় মুখ্যমন্ত্ৰীয়ে এষাৰ মাত মতা নাই? অসমৰ ৰাইজৰ ওচৰত ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকী জবাবদিহি হ’বই লাগিব।’’ বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা পৰিস্থিতিৰ অৱসান ঘটাবলৈ কেন্দ্ৰ চৰকাৰৰ সৈতে আলোচনা কৰি অসম চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে বিষয়টো সন্দৰ্ভত মাত মাতিবলৈ অসমৰ বৌদ্ধিক মহলকো বিশেষভাৱে আহ্বান জনাই মীৰা বৰঠাকুৰে। এখন ৫০০ টকীয়া চকীৰ দাম ৫৫০০ টকা কৰা, ৩৫০০ টকাৰ বিছনা এখনৰ দাম ১৮,০০০ টকা বুলি দেখুওৱা উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। নীতিবৰ্হিভূতভাৱে পাঠ্যক্ৰম সলনি কৰি বৰ্হিঃৰাজ্যৰ লোকৰ সৈতে মিলি কেবা কোটি টকাৰ অংক কৰাৰ দৰে কাৰ্য এগৰাকী উপাচাৰ্যই কেনেকৈ কৰিব পাৰিলে বুলিও আশ্চৰ্য প্ৰকাশ কৰে বৰঠাকুৰে। বিজেপি চৰকাৰৰ দিনত বহিঃৰাজ্যৰ অভিজ্ঞতাহীন লোকক উপাচাৰ্য নিযুক্তি দিয়া বাবেই আজি অসমৰ বিশ্ববিদ্যালয়সমূহ শৈক্ষিকস্থলীৰ পৰিৱৰ্তে ব্যৱসায়িক স্থলীত পৰিণত হৈ পৰিছে বুলিো মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ কয়, ”গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়তো মোহন ভাগৱতৰ দৰে লোকক নিমন্ত্ৰণ জনোৱা হৈছে আৰু জ্ঞান-বিজ্ঞানৰ চৰ্চাক একাষৰীয়া কৰি থৈ হিন্দুত্ববাদী পৰিৱেশ গঢ় দিয়াৰ চেষ্টা চলিছে। শিক্ষাৰ মন্দিৰসমূহক ৰাজনৈতিক আৰু ধৰ্মীয় প্ৰভাৱৰ মুক্ত কৰি ৰখাতো চৰকাৰৰ দায়িত্ব। কিন্তু চৰকাৰে সেই দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে।’’ নিজকে ভাৰতৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শম্ভূনাথ সিঙৰ দৰে উপাচাৰ্যগৰাকীৰ অনৈতিক কাৰ্য দেখিও কাৰ ভয়ত কিয় মনে মনে আছে বুলিও প্ৰশ্ন কৰে মীৰা বৰঠাকুৰে। মুখ্যমন্ত্ৰীক উদ্দেশ্যি তেওঁ আৰু কয়, ”শম্ভূনাথ সিং উপাচাৰ্য নে বেপাৰী? আমি শুনিছো যে ছিকিউৰিটি গাৰ্ডৰ দৰমহা ২৭০০০ টকা দেখুৱাই তেওঁ আদায় দিয়ে মাত্ৰ ১৭০০০ টকা। অৰ্থাৎ ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত লোকৰো ১০ হাজাৰ টকাকৈ তেওঁ নিজৰ জেপত ভৰাইছে।’’ বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰি উপাচাৰ্যগৰাকীৰ অনিয়মৰ কাহিনী শুনি হতচকিত হৈ পৰিছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে বৰঠাকুৰে। সেয়ে শৈক্ষিক প্ৰতিষ্ঠানখনত অব্যাহত থকা অচলাৱস্থাৰ অন্ত নপৰা পৰ্যন্ত ৰাজ্যখনৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত অসমৰ প্ৰতিজন সচেতন লোকক বিশ্ববিদ্যালয়খনৰ হৈ সজোৰে মাত মাতি যাবলৈকো আহ্বান জনাই মীৰা বৰঠাকুৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চকীখনৰ মৰ্যাদা ৰাখিব পৰা নাই বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে এখন আগশাৰীৰ প্ৰতিষ্ঠানত বহিৰাজ্যৰ এগৰাকী উপাচাৰ্যই স্বেচ্ছাচাৰী হৈ পৰিবলৈ সাহস পাইছে বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। ২০২৬তো এইখন চৰকাৰ থাকিলে অসমৰ পৰিৱেশ কি হৈ পৰিব সেয়া ভাবিবলৈকো ভয় লাগে বুলিও মন্তব্য কৰে বৰঠাকুৰে৷
