৬য় নং দফা ৰূপায়ণ সন্দৰ্ভত আছুৰ নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক

৬য় নং দফা ৰূপায়ণ সন্দৰ্ভত আছুৰ নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণৰ সন্দৰ্ভত শনিবাৰে সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এক আলোচনা অনুষ্ঠিত হয় । উল্লেখ্য যে অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ইতিপূর্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱৰ কুমাৰ শৰ্মাই দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত অনুষ্ঠিত হৈছিল দুখনকৈ বৈঠক। এই বৈঠকত ৰাজ্য চৰকাৰৰ অন্তর্গত ৪০টা বিষয় আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ১২টা বিষয়ক লৈ বিস্তৃত আলোচনা অনুষ্ঠিত হৈছিল। এই বৈঠকত মুখ্যতঃ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১২টা বিষয় সন্দর্ভত বিস্তৃত আলোচনা হয়। বিপ্লব কুমাৰ শৰ্মা সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত কেন্দ্র আৰু ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব লগা মুঠ ৫২টা বিষয় সন্দর্ভতো এই বৈঠকত আলোচনা হয়।

আছুৱে এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১৫টা বিষয় কার্যকৰী কৰাৰ বাবে ২০২৬ চনৰ ৩১ জানুৱাৰী সীমা নির্ধাৰণ কৰাৰ বাবে প্ৰস্তাৱ দাঙি ধৰাৰ লগতে এই বিষয়সমূহ সন্দর্ভত কেন্দ্র-ৰাজ্য চৰকাৰ আৰু আছুৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী তোলে। আছুৰ এই দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় মুখ্যমন্ত্রী ড° শর্মাই। সমান্তৰালভাৱে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ১৫টা বিষয়ৰ কাম-কাজসমূহ ৰূপায়ণৰ বাবে এক ৰূপৰেখা তৈয়াৰ কৰাৰো দাবী তোলে আছুৱে। বৈঠকত এই সন্দর্ভত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত এখন কেবিনেট উপ-সমিতি গঠনৰ সিদ্ধান্ত লোৱাৰ লগতে এই উপ-সমিতিখনে প্রতি দুমাহৰ মূৰে মূৰে মিলিত হৈ এই বিষয়ৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰিব। আনহাতে বৈঠকত ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰিবলগীয়া তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ সমান্তৰালকৈ অসম আন্দোলনক লৈ মুক্তিযুঁজাৰু সন্মিলনীৰ উদ্যোগত মেহতা আয়োগে দাখিল কৰা প্রতিবেদনখনো বিধানসভাত দাখিলৰ বাবে আছুৱে দাবী তোলে। আছুৰ এই দাবী মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত গ্রহণ কৰা কেবিনেট উপ-সমিতিয়ে মুখ্যমন্ত্রীক দাখিল কৰে চূড়ান্ত প্রতিবেদন। মন্ত্রী অতুল বৰাৰ নেতৃত্বত গঠন হোৱা সমিতিখনে আছুৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ পূৰ্বেই এই প্রতিবেদন দাখিল কৰে। ইফালে বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধি মন্ত্রী অতুল বৰাই কয়- ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বিপ্লব কুমাৰ শৰ্মা সমিতিয়ে মুঠ ৬৭টা বিষয় দাঙি ধৰিছে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১৫টা বিষয় আছে। আনহাতে ৪০টা বিষয় ৰাজ্য চৰকাৰে কৰিব পৰা আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে কৰিব পৰা ১২টা বিষয় সন্দর্ভত বিস্তৃত আলোচনা হয়। এই বৈঠকতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিষয়সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আছুৱে অহা বৰ্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী তুলিছে।

মুখ্যমন্ত্রী ড° শর্মাই আছুৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে। তদুপৰি আছুৱে বিচৰা ধৰণে এই বিষয়সমূহৰ বৰূপৰেখা তৈয়াৰ কৰাৰ লক্ষ্যৰে এখন কেবিনেট উপ-সমিতি গঠনৰ দাবীতো ৰাজ্য চৰকাৰে ইতিবাচক সঁহাৰি দিছে। মন্ত্রী অতুল বৰাই ইয়াকো প্রকাশ কৰে যে ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ দৰাচলতে কেন্দ্ৰৰ অনুমোদন অনুসৰি ৰাজ্য চৰকাৰে কৰিব পাৰে। গতিকে এই বিষয়সমূহ কাৰ্যকৰী কৰাত সমস্যাৰ সৃষ্টি নহ’ব। ইফালে বৈঠকৰ পিছত আছুৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বিষয়সমূহ কাৰ্যকৰী কৰাৰ বাবে এখন কেবিনেট উপ-সমিতি গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। আনহাতে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বিষয়সমূহৰ ভিতৰত যিবোৰ বিষয়ৰ বাবে সংবিধান সংশোধনৰ প্রয়োজন বিশেষকৈ বিধানসভা-লোকসভাত আসন সংৰক্ষণ, নিগম-নিকায়ত আসন সংৰক্ষণ, কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ চাকৰিসমূহত সংৰক্ষণৰ ব্যৱস্থা কৰা, অসমৰ বাবে উচ্চ সদন গঠন, ইনাৰলাইন পার্মিট আদিকে কৰি গোটেই বিষয়সমূহক লৈ কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনাৰ প্রয়োজন আছে। এই বৈঠকত অসম চৰকাৰৰ অধীনস্থ বিষয়সমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আলোচনা সম্পূর্ণ হৈছে। মুখ্যমন্ত্রীক আছুৱে আহ্বান জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিষয়সমূহ ৰূপায়ণৰ বাবে এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগে। ইফালে অসম আন্দোলনকলৈ গঠন হোৱা তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰাৰ বাবে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ সমান্তৰালকৈ ‘৮৩ চনৰ নিৰ্বাচনৰ প্রসংগত সেই সময়ত মুক্তিযুঁজাৰু সস্থাই গঠন কৰি দিয়া মেহতা আয়োগৰ প্রতিবেদনো বিধানসভাত দাখিলৰ বাবে চৰকাৰক আহ্বান জনোৱা হয়। আছুৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত মন্ত্রী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ উপৰি মুখ্য সচিব ববি কোটা, অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জি বি ত্রিপাঠীৰ লগতে কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।