জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ সন্তানক হিতেশ দেৱ শৰ্মাৰ হত্যাৰ ভাবুকিক নিন্দা আৰু গৰিহণা অসম জাতীয় পৰিষদৰ

জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ সন্তানক হিতেশ দেৱ শৰ্মাৰ হত্যাৰ ভাবুকিক নিন্দা আৰু গৰিহণা অসম জাতীয় পৰিষদৰ
বহুবল্কী হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী অজাপৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বজালী জিলাৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই মৃত্যুৰ ভাবুকি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয় পৰিষদে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক জৰুৰী প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘সাংবাদিক ৰাণা ডেকাক হত্যাৰ ভাবুকি দিয়া ঘটনাটোৱে গণ মাধ্যমৰ স্বাধীনতা আৰু সংবাদকৰ্মীৰ নিৰাপত্তাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনা একেবাৰে নেতিবাচক, নিন্দনীয় আৰু গণতান্ত্ৰিক মূল্যবোধৰ সম্পূৰ্ণ পৰিপন্থী।”গগৈ আৰু ভূঞাই লগতে কয়, “সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। সাংবাদিকসকলক ভয়-ধমকি, চাপ বা হুমকিৰ দ্বাৰা স্তব্ধ কৰাৰ চেষ্টা সভ্য সমাজত কোনোকাৰণতেই গ্রহণযোগ্য নহয়। সত্যক প্ৰকাশ কৰা, প্ৰশ্ন উত্থাপন কৰা আৰু জনস্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা— এয়াই সাংবাদিকৰ কৰ্তব্য। এই কৰ্তব্য পালন কৰিবলৈ গ’লেই যদি সাংবাদিকসকল আক্ৰমণ, অপমান বা মৃত্যুৰ ভাবুকিৰ সন্মুখীন হয়, তেন্তে ই সকলোৰে বাবে বিপজ্জনক দৃষ্টান্ত হৈ পৰে।”সভাপতি গগৈয়ে কয়, ‘‘হিতেশ দেৱ শৰ্মা এজন সাম্প্ৰদায়িক, বৰ্ণবাদী আৰু অপৰাধ মানসিকতাৰ ব্যক্তি৷ এই কাৰ্যৰ দ্বাৰা এই ব্যক্তিজনে নিজৰ জিঘাংসু মনোবৃত্তিৰ উন্মুক্ত বহিঃপ্ৰকাশ ঘটাইছে৷ হিতেশ দেৱ শৰ্মাই যিধৰণৰ অহমিকা আৰু গুণ্ডামিৰে সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ আঠবছৰীয়া পুত্ৰ সন্তানটিক গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি দিছে, এয়া অতি ভয়ংকৰ কথা আৰু সাংবাদিক দমনৰ তলসুঁতীয়া অনুশীলনৰ নামান্তৰ মাথোঁ৷ এই অশোভনীয় আৰু অগণতান্ত্ৰিক ভাবুকিক আমি অসম জাতীয় পৰিষদে তীব্ৰ নিন্দা জনাইছোঁ। অনতিবিলম্বে হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে৷”সাধাৰণ সম্পাদক ভূঞাই কয়, ‘‘গণমাধ্যম মুক্ত হৈ থাকিলেহে দেশ-সমাজ সুস্থ হৈ থাকিব৷ সাংবাদিকৰ ওপৰত যিকোনোধৰণৰ সামাজিক অথবা ৰাজনৈতিক ভয়, ধমকিক কেতিয়াও সহ্য কৰা নহ’ব।” গগৈ আৰু ভূঞাই ৰাণা ডেকাৰ নিৰাপত্তা নিশ্চিত কৰা আৰু ভাবুকি প্ৰদান কৰা হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে চৰকাৰ আৰু সংশ্লিষ্ট তদন্তকাৰী সংস্থাসমূহক তৎপৰতাৰে পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে পৰিয়ালটোৰ নিৰাপত্তা নিশ্চিত কৰিবলৈও দাবী জনায়৷