গৌৰৱ গগৈয়ে পাকিস্তানত গৈহে নির্বাচনত অৱতীৰ্ণ হ’ব লাগিবঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে ৪০নং টিহু বিধানসভা সমষ্টিৰ চামতাত ৩৩ হাজাৰ আত্মসহায়ক গোটৰ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । আগন্তুক জানুৱাৰী মাহৰ ভিতৰত অসমৰ ১২৬ টা বিধানসভা সমষ্টিতেই এই আঁচনিৰ চেক বিতৰণ সম্পূৰ্ণ হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ । এই অনুষ্ঠানতে ২০২৬ৰ নিৰ্বাচনত বিজেপিয়ে অসমত ক্লীন ছুইপ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই স্পষ্টভাৱে কয়- এইবাৰ আমি ক্লীন ছুইপ কৰি লৈ যাম। গৌৰৱ গগৈয়ে পাকিস্তানত গৈহে নির্বাচনত অৱতীৰ্ণ হ’ব লাগিব। কেৱল মিঞাক সমর্থন কৰা কংগ্রেছক কোনো অসমীয়াই ভোট নিদিয়ে। উল্লেখ্য যে বিধানসভা নির্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত নির্বাচনী পৰিৱেশ আৰম্ভ হোৱাৰ সময়তে পুনৰবাৰ দিছপুৰৰ ক্ষমতা বিজেপিয়ে দখল কৰিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বিপৰীতে এই নিৰ্বাচনত কংগ্রেছক কোনো অসমীয়াই ভোট নিদিয়ে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- অসমৰ মানুহৰ মূল চিন্তা হৈছে মিঞাক লৈ। মিঞাক সমর্থন কৰা কোনো দলক অসমীয়াই ভোট নিদিয়ে। কংগ্রেছ দলে সেয়েহে উচ্ছেদ যাতে নহয়, মিঞাই যাতে ৰক্ষা পায় তাৰ বাবেই ইমানদিনে জুবিনক লৈ ৰাজনীতি কৰি আছে। জুবিনৰ প্ৰতি তেওঁলোকৰ তিলমানো মৰম নাই। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিল- মোৰ কথাহে কৈছিল। জুবিনক সন্মান কোনে দিছে- আমি দিছোঁ। জুবিনৰ মৃত্যুৰ পিছত কেৱল মিঞাক বচোৱাৰ স্বাৰ্থত জুবিন গাৰ্গৰ সমৰ্থক হৈছে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া লোকসকল। ইফালে বিহাৰ নিৰ্বাচনত বিজেপি-এনডিএৰ বৃহৎ বিজয়ৰ পিছত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিহাৰ নিৰ্বাচনক লৈ কৰা মন্তব্যকো কটাক্ষ কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত গৌৰৱ গগৈয়ে কৈছিল- বিহাৰ, বিহাৰেই, অসম অসমেই, বিহাৰ আৰু অসম একে নহয়। অসমৰ ফলাফল বেলেগ হ’ব। গৌৰৱ গগৈৰ এই মন্তব্যক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° শর্মায়ো ক’লে- বিহাৰ বিহাৰেই, অসম অসমেই, অসমত আমি ক্লীন ছুইপ কৰি লৈ যাম। একো নাথাকে কংগ্ৰেছৰ বাবে। উল্লেখ্য যে ফেব্ৰুৱাৰীৰ শেষভাগত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনাক ইতিমধ্যে স্পষ্ট কৰিছে মুখ্য নির্বাচনী বিষয়াই। কার্যতঃ এই পৰিৱেশক লৈয়েই এতিয়া তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। কংগ্ৰেছৰ নেতৃত্বত পুনৰ বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰচেষ্টা চলিছে। কিন্তু এই সকলো তৎপৰতাক নস্যাৎ কৰি মুখ্যমন্ত্রী ড° শর্মাই স্পষ্টভাৱে কয়- কোনোধৰণৰ ৰাজনীতি নচলে। সকলো হাৰিব। বিজেপিয়ে এইবাৰ ক্লীন ছুইপ কৰিব। ‘২৬ৰ নিৰ্বাচনত নিশ্চিত বিজেপিৰ বিজয়। বিহাৰত অসমৰ পৰাহে আঁচনি নি জিকিছে। অসম হৈছে আঁচনিৰ জননী। আজিও অসমত বিজেপি অধিক শক্তিশালী।
