লিমাৰিক
মামণি পাপৰি বৰুৱা বৰা,
কলিয়াবৰ
১
নাৰ্জী ফুল সুগন্ধিৰে চৌপাশে ফুলিছে
ৰাসৰ বাবে বিচাৰি ছোৱালী আহিছে
চিঙিবা যে চাই চিতি
নিঁয়ৰত থাকে তিতি
ঘৰৰ সমুখ ভাগ যে ভাল লাগিছে।
২
সুন্দৰ কৈ ফুলিছে শীতৰ প্ৰাৰম্ভত
ৰাসো আহে যে এই ফুলৰ আৰম্ভত
কিমান ৰঙীন হৈছে
গোন্ধ বিয়পি পৰিছে
খোপা হাতত পিন্ধে ৰাস উৎসৱত।
