কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ পিতৃ-মাতৃৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী। ভৰলুমুখৰ ৮ নং গেটত থকা অট্টালিকাত সংঘটিত হয় এই ঘটনাটো।৮ বছৰীয়া কন্যাৰ জন্মদিন উপলক্ষে সেয়ে হাঁহি-স্ফূর্তিৰে সকলোৰে সৈতে একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যে পুৱাৰে পৰাই ৰান্ধনীশালত ব্যস্ত হৈ পৰিছিল দম্পতীটো। কিন্তু আনন্দৰ আঁৰত যে মৃত্যু লুকাই আছিল সেয়া কল্পনাই কৰিব পৰা নাছিল দুৰ্ভগীয়া দেৱব্রত চৌধুৰী আৰু পম্পী চৌধুৰীয়ে। জানিব পৰা মতে, ব্যক্তিগত খণ্ডত কৰ্মৰত আছিল দেৱব্রত চৌধুৰী। ৮ বছৰীয়া কন্যা সন্তান আৰু পত্নীসহ মহানগৰীৰ ভৰলুমুখৰ কুমাৰপাৰা ৰ’ডৰ ৮নং ৰে’লগেটৰ সমীপত বিমল চন্দ্ৰ শৰ্মাৰ ঘৰত ভাৰাতীয়া ৰূপে আছিল দেৱব্ৰত চৌধুৰী। একমাত্র কন্যা সন্তানটিৰ শনিবাৰে ৮ বছৰীয়া জন্মদিন উপলক্ষে অকণমানি ভাৰাঘৰটোত অনুষ্টুপীয়াকৈ দম্পতীটোৱে আয়োজন কৰিছিল নাৰায়ণ পূজাৰ। নাৰায়ণ পূজাৰ বাবে জীয়ৰীৰ জন্মদিনৰ খানা খুৱাব নোৱাৰি ৰবিবাৰে সকলোকে লগে-ভাগে এসাঁজ খাবলৈ নিমন্ত্রণ জনাইছিল দুর্ভগীয়া দম্পতীটোৱে। পুৱাৰ ভাগত কণমানি কন্যাক ওচৰৰে আৰ্ট স্কুলত থৈ আহি দুয়ো পিতৃ-মাতৃ ব্যস্ত হৈ পৰিছিল নিমন্ত্রিত অতিথিক আপ্যায়নৰ বাবে ৰন্ধা-বঢ়াৰ কামত। জুতি লগাকৈ এফালৰ পৰা দুয়োজনে প্রস্তুত কৰি গৈছিল ইখনৰ পিছত আনখন ব্যঞ্জন। এনেদৰে ৰন্ধা-বঢ়াত ব্যস্ত হৈ থকাৰ মাজতে হঠাতে চিলিণ্ডাৰৰ বাৰ্নাৰৰ পৰা নিৰ্গত স্ফুলিংগই ৰন্ধন গেছৰ সংস্পৰ্শলৈ আহি ভয়ানক বিস্ফোৰণ সংঘটিত হয়। প্রতিৱেশীয়ে সদৰী কৰা মতে, পুৱা প্ৰায় ১০.৩০ বজাত এটা কাণতাল মৰা বিস্ফোৰণৰ শব্দ হোৱাৰ লগে লগে তীব্রগতিত তিনিমহলীয়া ঘৰটোৰ খিৰিকীৰ পৰা নিৰ্গত হ’বলৈ ধৰে ক’লা ধোঁৱা। হঠাতে সৃষ্টি হোৱা বিস্ফোৰণত আহত পত্নীক উদ্ধাৰৰ বাবে গৈ অগ্নিৰ লেলিহান শিক্ষাৰ মাজত সোমাই পৰিল দেৱব্ৰত। জানিব পৰা মতে, বিস্ফোৰণৰ শব্দ প্রত্যক্ষ কৰি দুয়ো স্বামী-স্ত্রীক উদ্ধাৰৰ বাবে আন কেইবাজনো লোক ঘৰটোলৈ আহিছিল যদিও অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে ওচৰ চাপিবলৈ কাৰো সাহস নহ’ল। তথাপি তাৰ মাজতে ভাৰাঘৰটোৰ মালিক বিমল চন্দ্র শর্মাই দুয়োজনক ৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও অসাৱধানতাবশতঃ তৃতীয় মহলাৰ পৰা পৰি তেওঁ কিছু পৰিমাণে আহত হয়। আহত শর্মাক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে বিস্ফোৰণৰ পাছতে ঘৰটোৰ ভিতৰত থকা আন দুটা চিলিণ্ডাৰলৈও জুই সম্প্ৰসাৰিত হোৱাত পুনৰ আন এটা বৃহৎ বিস্ফোৰণে সমগ্ৰ অঞ্চলটো কঁপাই তোলে। লগে লগে স্থানীয় লোকে অগ্নিনির্বাপণ বাহিনী তথা ভৰলুমুখ থানাক এই বিষয়ে অৱগত কৰে। খবৰ পোৱা মাত্রকে কিছু সময় পিছতে অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপণ কৰিবলৈ চেষ্টা চলায়। কিন্তু অগ্নিকাণ্ডটোৰ তীব্রতা ইমানেই বেছি আছিল যে এখন নহয়, ৫খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী আহি কেইবাঘণ্টাজুৰি চেষ্টা চলাই অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিৰ লেলিহান শিখাই ইতিমধ্যে দম্পতীটোক সম্পূৰ্ণৰূপে দগ্ধ কৰি পেলাইছিল। এছডিআৰএফৰ লোকে ভিতৰৰ পৰা দুয়োজনৰে মৃতদেহ উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে। ঘটনাটোৰ কিছু সময় পাছতে স্থানীয় লোকে আর্ট স্কুলৰ পৰা লৈ আহে দুৰ্ভগীয়া দম্পতীটোৰ কণমানি কন্যাক। কিছু মুহূৰ্তৰ আগলৈকে পিতৃ-মাতৃৰ সৈতে হাঁহি-মাতি আর্ট স্কুললৈ যোৱা কণমানিটোৱে হঠাতে মৰমৰ ঘৰখনৰ এই দৃশ্য প্রত্যক্ষ কৰি হতভম্ব হৈ পৰাৰ লগতে পিতৃ-মাতৃক বিচাৰি কান্দি-কাটি বাৰম্বাৰ বিভিন্নজনক প্রশ্ন কৰা দৃশ্যটোৱে তাত উপস্থিত থকাপ্রতিজন হৃদয়ৱান লোকক যথেষ্ট আৱেগিক কৰি তোলে। ঘটনাটো সন্দৰ্ভত পশ্চিম আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে কয় যে বাৰ্নাৰৰ পৰা নিৰ্গত হোৱা স্ফুলিংগৰ বাবেই এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হ’ল। মহিলাগৰাকীয়ে ৰান্ধনীশালত খাদ্য প্রস্তুত কৰি থকা সময়তে এই দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল। দুর্ভগীয়া কণমানিটো সম্প্ৰতি খুৰাকৰ ঘৰত ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
