৪,৫০০টা নিম্ন প্রাথমিক-উচ্চ প্রাথমিক শিক্ষকৰ পদত শীঘ্ৰে হ’ব নিযুক্তি

৪,৫০০টা নিম্ন প্রাথমিক-উচ্চ প্রাথমিক শিক্ষকৰ পদত শীঘ্ৰে হ’ব নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  অতি শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিকৰ খালী হৈ থকী শিক্ষক পদত দিয়া হ’ব নিযুক্তি। শেহতীয়াকৈ শিক্ষক পদৰ বাবে হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত ৪,৫০০টা পদত নিযুক্তি দিয়াৰ বাবে শিক্ষা বিভাগে প্রক্রিয়া আৰম্ভ কৰিছে। এই সন্দর্ভত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে প্ৰকাশ কৰা অনুসৰি অহা ১৭ নৱেম্বৰত উত্তীর্ণ প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ’ব। উল্লেখ্য যে নিম্ন প্রাথমিকত ২,৯০০ আৰু উচ্চ প্রাথমিকত ১,৬০০ পদৰ বিপৰীতে চলিত বৰ্ষৰ জানুৱাৰী মাহতে বিজ্ঞাপন প্রকাশ হৈছিল। প্রায় ৪২ হাজাৰ চাকৰিপ্ৰত্যাশীয়ে আবেদন কৰাৰ পাছত ৪,৫০০ পদৰ বিপৰীতে প্ৰাৰ্থী বাছনি কৰা হৈছিল। ১৭ নৱেম্বৰৰ পৰা এই উত্তীর্ণ প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ’ব। প্রাথমিক শিক্ষা সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথমতে দিব্যাংগ প্রার্থীসকলৰ বাবে সংৰক্ষিত হৈ থকা ৪০২টা পদৰ বিপৰীতে নথি পৰীক্ষণৰ কাম আৰম্ভ হ’ব। ইয়াৰ পাছত অন্যান্যসকলৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ’ব । দিব্যাংগ প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম কাহিলিপাৰাস্থিত প্রাথমিক শিক্ষা সঞ্চালকালয়ত আৰম্ভ হ’ব। পৰৱৰ্তী সময়ত অন্যসকলৰ পৰীক্ষণৰ কাম আৰম্ভ হ’ব।