পৰ্বতক খুন্দিওৱা বতাহৰ দৰে
মুজাম্মেল হ’ক
গুৱাহাটী
কেৱল স্মৃতিবোৰ জীয়াই ৰাখিবলৈ
তেওঁ জীয়াই আছে সপোন ধৰিবলৈ
আত্মীয় নথকা লোক
নুগুচে পেটৰ ভোক
বাটটো আছে নাঙঠ মহানগৰলৈ।
মানুহ পোহৰ শোষণ কৰিব পৰা
তেওঁহে সমাজৰ উজ্বল ভোটা তৰা
যাৰ মিতিৰালি নাই
স্বাৰ্থ ৰক্ষা মাথো চায়
অন্তিমত গম পাওঁ অভংভতৰা।
পৰ্বতক খুন্দিওৱা বতাহৰ দৰে
খাদ্যহীন শিশুৱে তেওঁক বেঢ়ি ধৰে
দেখুৱাই ভাল পায়
চুৰি কৰি ভাগ খায়
সেয়ে কিন্তু শিশুবোৰ বেমাৰত মৰে।
