সিহঁতে প্ৰেম কৰিছে
পাৰ্থ প্ৰতীম গগৈ
যোৰহাট, টিয়ক, খনামুখ
মন্দিৰত যাওঁতে জোতা যোৰ খুলি গʼলো
লগত গৈছিল মন্দাকিনী
তাইও খুলি ল’লে পানচু যোৰ
আহি দেখিলোঁ
দুয়ো প্ৰেমৰ নিচাত মগ্ন
ইমান নীৰৱতা অৱলম্বন কৰিছে
ইমান ধুনীয়াকৈ মূৰত মূৰ থৈ বহি আছে
ঠিক সিহঁতৰ দৰেই
চালোঁ, কেউদিশে চালোঁ
অকল মোৰ-এই
যোতা পানচু যোৰে নহয়
সকলো প্ৰেমিক প্ৰেমিকাৰ জোতা – চেণ্ডেলে প্ৰেম কৰিছে
নীৰৱতা অৱলম্বন কৰি
সিহঁতে কৈছে আমাক
হ’ব পাৰোঁ আমি
কাৰোবাৰ ওজন বহন কৰা
কিন্তু আমাৰো এখন
হৃদয় আছে প্ৰেম কৰাৰ
আমি হ’ব পাৰোঁ
অজীৱিত কিন্তু
আমাৰো প্ৰেম কৰাৰ
অধিকাৰ আছে
ঠিক তোমালোকৰ দৰেই।
মন্দিৰত যাওঁতে
জোতা যোৰ খুলি গʼলো।
(বি: দ্ৰ – মন্দাকিনী কোনো বাস্তৱিক চৰিত্ৰ নহয়, ই এক কাল্পনিক চৰিত্ৰ হে গতিকে কোনেও ভুল নুবুজিব)
