মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিত্ব আৰু কৃতিত্ব – বন্দিতা শৰ্মা কন্দলি

Pc Pratidin Time

(১৪ নৱেম্বৰ জন্ম দিন উপলক্ষে)

মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিত্ব আৰু কৃতিত্ব

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

অসমীয়া ভাষা-সাহিত্যৰ নভোমণ্ডলৰ এটি প্ৰোজ্জ্বল নক্ষত্ৰসদৃশ, ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা বিজয়ী, মানৱদৰদী, গভীৰ ব্যক্তিত্বৰ অধিকাৰী মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত।বিশিষ্ট শিক্ষাবিদ উমাকান্ত গোস্বামী আৰু অম্বিকা দেৱীৰ কন্যা মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী। কামৰূপ জিলাৰ আমৰাংগা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মামণি ৰয়ছম গোস্বামীয়ে সৰ্বস্তৰৰ মানুহৰ মমত্ববোধ উপলব্ধি কৰিব পাৰিছিল।তেৱেঁই হৈছে অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী মহিলা সাহিত্যিক , যিগৰাকীয়ে ‘জ্ঞানপীঠ ‘ৰ দৰে বিৰল সন্মানৰ অধিকাৰী হ’বৰ যোগ্যতা অৰ্জন কৰিছিল।তেওঁ কেৱল অসমবাসীৰে গৌৰৱ নহয় বৈবাহিক সূত্ৰে কৰ্ণাটকৰ বোৱাৰী হোৱাৰ বাবে কানাড়ী সমাজেও তেওঁক তেওঁলোকৰ অষ্টমগৰাকী ‘জ্ঞানপীঠ’বিজয়িনী বুলি গৌৰৱ অনুভৱ কৰে। স্বকীয় প্ৰতিভা আৰু অদম্য সাহসেৰে সাহিত্য জগতত প্ৰেম আৰু মানৱতাৰ জয়গান গাই অসমীয়া জাতিটোক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়া মামণি ৰয়ছম গোস্বামী উত্তৰ পুৰুষৰ বাবে এক মহৎ অনুপ্ৰেৰণা, সাহস , ত্যাগ,আদৰ্শ আৰু ধৈৰ্যৰ প্ৰতীক।

সাহিত্যৰ ক্ষেত্ৰখনত সৰ্বাধিক খ্যাতি লাভ কৰা সাহিত্যিক গৰাকীয়ে ১৯৫০ চনত লতাশিল প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি শ্বিলঙৰ ‘পাইন মাউণ্ট ‘স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ১৯৫৭ চনত গুৱাহাটী তাৰিণী চৰণ চৌধুৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম লিখাইছিল।১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম এ পাছ কৰি তেওঁ গৱেষণাৰ কামত অগ্ৰসৰ হয়।১৯৬৫ চনৰ অক্টোবৰ মাহত মহীশূৰৰ মাধৱেন ৰয়ছম আয়েংগাৰৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি যুগ্ম জীৱনৰ পাতনি মেলিছিল যদিও ১৯৬৭ চনৰ ১৫ এপ্ৰিলত কাশ্মীৰত সংঘটিত এক জীপ গাড়ীৰ দুৰ্ঘটনাত আয়েংগাৰৰ মৃত্যু হয়। জীৱনৰ এনে বিষাদময় অৱস্থাৰ উপশম পাবলৈ তেওঁ সাহিত্যক আশ্ৰয় কৰি লৈছিল।প্ৰজ্ঞাৰ সাধকগৰাকীৰ কাপ মৈলামেৰে নিগৰিছিল ন ন বিনন্দীয়া সৃষ্টি।তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি বিশ্বদৰবাৰত ভাষা-সাহিত্যৰ পৰিচয়ৰে অগাধ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছিল। তেওঁ আছিল একেধাৰে কবি, লেখক, সম্পাদক, অধ্যাপিকা , সমাজকৰ্মী ।

১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষয়িত্ৰী ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।১৯৬৯ চনত গৱেষণাৰ বাবে বৃন্দাবনলৈ যায়। ১৯৭১ চনৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত  অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰি শেষত বিভাগীয় মুৰব্বী হিচাপে দায়িত্ব পালন কৰি অৱসৰ লয়।১৯৭৩ চনত ‘তুলসী দাসৰ ৰামচৰিত মানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন ‘শীৰ্ষক বিষয়ত অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰে।২০০০ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ডি লিট ডিগ্ৰী লাভ কৰে।ৰূপে- গুণে সমতুল্য মামণি বাইদেউৰ অসাধাৰণ ব্যক্তিত্ব আৰু কৃতিত্বই জনগণক মুগ্ধ কৰি ৰাখিছে। তেওঁৰ অসাধাৰণত্ব প্ৰকাশ পাইছিল যেতিয়া ১৯৬৮ চনৰ নীলাচল কাকতৰ সম্পাদক হোমেন বৰগোহাঞিৰ অনুৰোধমৰ্মে  আত্মজীৱনী লিখি সাপ্তাহিক কাকতত প্ৰকাশ পাইছিল। বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত ‘নতুন অসমীয়া ‘কাকতৰ জৰিয়তে মাত্ৰ ১৩ বছৰ বয়সতে সাহিত্যৰ জগতত খোজ পেলোৱা মামণি বাইদেউৰ প্ৰথম গল্প সংকলন ‘চিনাকি মৰম’প্ৰকাশ পায় ১৯৬২ চনত।বাইদেউৰ কলমে জিৰণি লোৱা নাছিল,তাৰ পিছত ক্ৰমে কইনা(১৯৬৬) , হৃদয় এক নদীৰ নাম(১৯৯০), মামণি ৰয়ছমৰ নিৰ্বাচিত গল্প (১৯৯৮), মামণি ৰয়ছমৰ প্ৰিয় গল্প (১৯৯৮) । উপন্যাস সমূহৰ ভিতৰত ‘চেনাবৰ স্ৰোত'(১৯৭২), ‘নীলকণ্ঠী ব্ৰজ ‘,    ‘অহিৰণ’ , ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস ‘, ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’,’ঈশ্বৰী জখমী যাত্ৰী ‘, ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা ‘, ‘ছিন্নমস্তাৰ মানুহটো’আদি উপন্যাসৰ উপৰি জীৱনীমূলক গ্ৰন্থ, অনুবাদ গ্ৰন্থ, গৱেষণা গ্ৰন্থ, সম্পাদনা কৰা গ্ৰন্থ , কেইবাখনো ইংৰাজী গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ৰচনাসমূহ  ইংৰাজী,  হিন্দী, নেপিলী , তেলেগু, কানাড়া, বাঙালী, মাৰাঠী ভাষালৈয়ো অনূদিত হৈছে। বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাগ লৈ, বিভিন্ন বঁটা -সন্মান অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

তেওঁৰ সাহিত্যকৰ্ম সমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেওঁৰ প্ৰকাশভংগী অত্যন্ত সংবেদনশীল আৰু সচেতন। তেওঁৰ এটা সাক্ষাৎকাৰত নিজৰ সৃষ্টি কৰ্মৰ বিষয়ে কয়

“যিহেতু বিষয়বস্তু ৰূক্ষ, কাব্যিক ভাষা প্ৰয়োগ কৰিবই লাগিব।মাকে সন্তানক দিয়াৰ দৰেই ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব।মোৰ গল্প হৈছে কঠোৰ বাস্তৱক লৈ লিখা, কিন্তু মই ইয়াক সাহিত্যলৈ ৰূপান্তৰিত কৰি পেলাওঁ, অন্যথা ই এখন প্ৰচাৰ পত্ৰিকাহে হ’বগৈ। তাৰবাবে নিজে শিল্পী হ’ব লাগিব, এজন মহান শিল্পী, অন্যথা জনতাই ইয়াক নপঢ়িব।”এক বিচিত্ৰ বৰ্ণিল জীৱনৰ অধিকাৰী মামণি বাইদেৱে ২০১১ চনৰ ২৯ নৱেম্বৰত জীৱন নাটৰ সামৰণি মাৰি লেখন স্পৃহা,ধৈৰ্য আৰু সাহসেৰে দেখুৱাই যোৱা জীৱনাদৰ্শ যুগে যুগে নাৰী সমাজৰ প্ৰেৰণাৰ উৎস হৈ ৰʼব।