এইবেলি শৰতে আনিছে জানো সুখ
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
শৰৎ কাল প্ৰকৃতিয়ে দিয়া অনুপম সময়।বছৰ টোৰ অতিকৈ সুখৰ সময় শৰৎকাল।গ্ৰীস্মকালৰ যন্ত্ৰণাদায়ক গৰম,বাৰিষাৰ বোকা পানীৰ পৰা পৰিত্ৰাণ পোৱাৰ সময়।অসমত এক নাতিশীতোষ্ণ পৰিৱেশ বিৰাজ কৰে এই সময়ত।লাহে লাহে শীতে টোকৰ মাৰে।ধৰিত্ৰীৰ বুকু প্ৰচণ্ড গৰমৰ পৰা শীতল পৰে।পুৱাঁ কুৱঁলীৰ বগা চাদৰে অসমৰ পৰিৱেশ মনোমোহা কৰে।মানুহৰ হৃদয়ত ন-প্ৰাণৰ সঞ্চাৰ হয়।পথাৰত ধানৰ ঠোক লহপহকৈ বাঢ়ি আহে।শুভ্ৰ কহুৱাই শুৱনি কৰে প্ৰকৃতি।সোণত সুৱগা চৰাবলৈ শৰৎৰ আজন্ম লগৰী শেৱালি ফুল ফুলি উঠে।নিশাবোৰ শেৱালিৰ গোন্ধত আমোল-মোলাই উঠে। পুৱাঁ নিয়ৰৰ টোপাল মুকুতাৰ দৰে জিলিকি উঠে। খেতিয়ক সকলেও এইখিনি সময়ত খেতি পথাৰৰ পৰা আহৰি পায় ।সময়বোৰ উপভোগ কৰে।
কিন্তু এইবাৰ শৰৎ কালে পূৰ্বৰ দৰে সুখৰ সঞ্চাৰ কৰিবলৈ সক্ষম হোৱা নাই।সকলো থাকিও যেন প্ৰতি অসমীয়াৰ হৃদয়ত বিশাল শূণ্যতা।যি শূণ্যতা কাহানিও পুৰা নহয়।যোৱা ১৯ ছেপ্তেম্বৰ ২০২৫ তাৰিখে কেতিয়াও কোনো অসমীয়াই নিবিছাৰা খবৰ টিয়ে স্তব্ধ কৰি পেলালে অসমীয়াৰ হৃদয়।অকল অসমীয়াই নহয় অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক তথা ভাৰতবাসীক স্তম্ভিত কৰিলে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জনৰ আকস্মিক বিয়াগে।এইবেলি শৰতৰ মাদকতা নাই।নাই উন্মাদনা মানুহৰ হৃদয়ত।কি আছিল জুবিন গাৰ্গ।যাৰ বাবে মানুহৰ ইমান আৱেগ আকুলতা।নিজৰ প্ৰাণ দিবলৈও আগবাঢ়ি আহে তেওঁৰ বাবে।৩৯ হাজাৰ গীতেৰে মোহাচন্ন কৰি ৰখা অসমীয়াৰ বুকুত এটুকুৰা ঘাঁ সৃষ্টি হ’ল।যি কোনো ঔষধে শুকুৱাব নোৱাঁৰে।তেওঁৰ দৰদী কণ্ঠত আছিল যাদু।সুখত -দুখত তেওঁৰ গীত শিশুৰ পৰা বৃদ্ধ লৈকে শুনে।অসমীয়া বোলছবি জগত খন পুনৰাই জীয়াই তুলিলে জুবিন গাৰ্গে।
শিল্পীৰ উপৰিও তেওঁ আছিল এজন প্ৰকৃত মাটিৰ মানুহ।মানুহ বুলি ক’লে ভুল হ’ব।তেওঁ স্বয়ং ভগৱান।দুখিয়া আৰ্তজনক সদায় সহায় কৰিছিল।সঁচা কথা ক’বলৈ কাৰোলৈ ভয় কৰা নাছিল।দুনীৰ্তিৰ বিৰুদ্ধে মাত মাতিছিল।এই দৰদী কণ্ঠৰ শিশু সুলভ মানুহজনক হেৰুৱাই আমি কোঙা হৈ পৰিলোঁ।পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ হতবাক হৈছে জুবিনদাৰ প্ৰতি অসমৰ মৰম দেখি।তেওঁৰ মৃত্যুত শেষকৃত্যত লাখ লাখ মানুহৰ সমাগমে বিশ্বঅভিলেখ গঢ়িলে।জুবিন গাৰ্গ এক সন্মোহিনী শক্তি।এক বিশাল সত্তা।জুবিন গাৰ্গে কৈছিল “মই যি কৰি যাম সেইয়া এশ বছৰলৈও কোনেও কৰিব নোৱাঁৰে”।সচাঁকৈ তেওঁ যি কৰি গ’ল সেইয়া কেইবা জনমতো কৰা মানুহ নোলাব।তেওঁ মানুহ জিনিলে।
সেইবাবেই তেওঁৰ সমাধি স্থল উপাসনা গৃহলৈ ৰূপান্তৰিত হৈছে।দিনে-নিশাই বৈছে মানুহৰ শ্ৰোত।জ্বলিছে বন্তি ধূপ।জুবিন গাৰ্গৰ কায়িক শৰীৰটো নেদেখাৰ দুখে আহত কৰিব আজীৱন হৃদয়।।
