কলিয়াবৰৰ ৰামধেনুৰ বর্নিল সত্তাতি ” মই ভাল শিক্ষক হব নোৱাৰিলোঁ ” গ্ৰন্থ খনৰ আধাৰিত  – পদ্ম মৰাণ 

Pc wikiHow

কলিয়াবৰৰ ৰামধেনুৰ বর্নিল সত্তাতি ” মই ভাল শিক্ষক হব নোৱাৰিলোঁ ” গ্ৰন্থ খনৰ আধাৰিত 

পদ্ম মৰাণ 

অসমীয়া সাহিত্য জগত খন হৈছে এক প্ৰেৰণা , জাগৃতিৰ এক অবিস্মৰণীয় সমল । এই খন সাহিত্যৰ পৃথিৱীতে যোগ যোগ ধৰি ধ্যান ধাৰণা কৰি আহিছে আমাৰ অমৰ ব্যক্তি সকলে । সাহিত্য মাজেৰে প্ৰতিফলিত হয় মানুহৰ জীৱন । কিছুমান গ্ৰন্থ কেৱল গ্ৰন্থ নহয় একো একোটা মানৱ জীৱনৰ অংশীদাৰ কাহিনী । কাহিনী বোৰ কেতিয়াবা যুক্তিপূৰ্ণ কিছুমান এটা মানৱ জীৱনৰ পৃষ্ঠা হৈ পৰে যি বোৰ আমাৰ জীৱনৰ বাবে অতি বেছি আবশ্যক। এনেকুৱা কিছুমান কাহিনী আছে যিবোৰ কাহিনীৰ আমেজ হয়টো কোনো ধৰণৰ ভ্ৰমণ , যাত্ৰা , তীৰ্থ ভ্ৰমণ , বা অমায়িক ভক্তি গীতৰ জৰিয়তে লাভ কৰিব নোৱাৰি ।
দিনটোৰ কেতিয়াবা বিৰক্তি লগা সময় খিনি পাৰ কৰিবলৈ বোলে এখন ভাল কিতাপ মেলি লব লাগে । তেতিয়া বোলে আমনি লগা সময়কন মধুৰ আৰু স্মৃতিময় হৈ পৰে । এই বাক্য শাৰী মই সঁচাকৈ বিশ্বাস কৰো । আমাৰ ওচৰলৈ সঁচাকৈ কেতিয়াবা এনেকুৱা অসহ্যকৰ সময় কিছুমান আহে তেতিয়া সঁচাকৈ এখন ভাল কিতাপে সেই সময় কনৰ প্রভাব বহু খিনি দুৰ কৰিব পাৰে । মইও মোৰ জীৱনত শেহতীয়া কৈ পঢ়া এখন অসমীয়া গুণসম্পন্ন আৰু ৰুচিসম্পন্ন কিতাপ হল মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ । উক্ত গ্ৰন্থ খন অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন প্ৰবন্ধ আৰু উপন্যাসৰ সমন্বয়পূৰ্ণ গ্ৰন্থ। পৰম্পৰাগত আসোঁৱাহযুক্ত শিক্ষা ব্যৱস্থাৰ বিকল্প পদ্ধতি এটাৰে কৰা বিদ্যালয় এখনৰ বৰ্ণনা কৰা হৈছে কিতাপখনত। প্ৰবন্ধ আৰু উপন্যাস দুয়োবিধৰ ছাঁ থকাৰ বিষয়ে লেখকে ‘আত্মকথা’ শীৰ্ষক কলমত লিখিছে, “কথাবোৰ লিখি গ’লে এখন ৰচনা হ’ব। ৰচনাখন শেষ কৰি পঢ়িব পৰাকৈ সোৱাদ ল’গা হ’ব জানো? এতেকে অকণমান উপন্যাসৰ কৌশল ল’ব লাগিব।” কিতাপখনৰ প্ৰাক্‌-কথন লিখিছে ড° পৰমানন্দ মহন্ত আৰু ড° অৰ্পনা মহন্তই। আঁক-বাঁক প্ৰকাশনে ২০১৩ চনৰ জানুৱাৰী মাহত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা কিতাপখনৰ একেটা বছৰৰে ডিচেম্বৰ মাহলৈ দ্বিতীয় সংস্কৰণ প্ৰকাশ হয়। ২০১৭ চনৰ জানুৱাৰী মাহত তৃতীয় সংস্কৰণ প্ৰকাশ পোৱা ৯৬ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ১১০ টকা। তৃতীয় সংস্কৰণত অশ্বিনী কলিতাৰ “‘মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ’ৰ পাণ্ডুলিপি পঢ়ি” শিৰোনামেৰে এটি আলোচনা সন্নিৱিষ্ট কৰা হৈছে। “শিক্ষাৰ স’তে জড়িত সহৃদয় সতীৰ্থ, শ্ৰদ্ধেয় অভিভাৱক আৰু হেঁপাহৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত” লেখকে কিতাপখন আগবঢ়াইছে।
কিতাপখনৰ প্ৰাক্‌-কথনত ড° পৰমানন্দ মহন্ত আৰু ড° অৰ্পনা মহন্তই লিখিছে, “শিক্ষাৰ প্ৰকৃত উদ্দেশ্য যে শিশুৰ মানৱীয় গুণবোৰ বিকশাই ছাত্ৰ-ছাত্ৰীক ‘সামাজিক সম্পদ’ হিচাপে গঢ়ি তোলা, এই বিষয়ে শ্ৰীগোস্বামী সজাগ। তেখেতে অনুভৱ কৰে যে, প্ৰতিজন শিক্ষকেই শিক্ষকতাৰ মাজেৰে ‘নিজকে পূৰ্ণ মানুহ হোৱাৰ অনুশীলন’ কৰিব পাৰে।
“সত্যকাম , তোলৈ এতিয়া বৰকৈ মনত পৰিছে । বুজা বুলি ভাবিছিলোঁ যদিও তোৰ প্ৰশ্নময় জীৱনটো আচলতে বুজা নাছিলোঁ। ৰোমাণ্টিক জীৱনৰ অযথা প্ৰশ্ন বুলি তোৰ চকু -মুখত বিয়পি থকা প্ৰশ্নবোৰ একাষৰীয়া কৰি মই জীৱনৰ বাট বুলিছিলোঁ। তই সুধিছিলি মোক , নিস্প্ৰাণ কাঠ বা শিল কাটি শিল্পীয়ে একোটা যেন জীৱন্ত মূৰ্তি নিৰ্মান কৰে । তোৰ সন্মুখৰ ছাত্ৰ-ছাত্ৰীসকল টো পুতলা নহয় ,তেওঁলোকৰ চকু-মুখত কিয় আকি দিব নোৱাৰি উচ্চতৰ মানৱীয় আকংক্ষা । তই কৈছিলি সত্যকাম , – ” A school can create a hunger for knowledge , A school can create a thirst for changing the society.”…” এয়া গ্ৰন্থখনৰ আৰম্ভণিৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন । এই গ্ৰন্থখনৰ আলোক নামৰ শিক্ষকজনে জীৱনৰ পৈণত বয়সত বুজি পালে যে , শিক্ষকতা কেৱল শ্ৰেণীকোঠাৰ পেছাই নহয় ই এক স্ব আৰোপিত দায়িত্বও। মানুহৰ বাসোপযোগী সমাজ গঢ়াৰ বাবে শিক্ষকতা এক জীৱনাদৰ্শ , এক মহৎ জীৱনবোধ।

প্ৰত্যেক জন শিক্ষাৰ্থীৰ উন্নয়নত এজন শিক্ষকৰ প্ৰভাৱ অতি বেছি মূল্যবান । শিক্ষক অবিহনে এখন ভাল সমাজ গঠন কৰিব নোৱাৰি আৰু শিক্ষাৰ্থী অবিহনে এখন সমাজ উন্নতি দিশত আগবঢ়াই নিব নোৱাৰি । সুন্দৰ আৰু সাৱলীল সমাজ এখন পৰিকল্পনা কৰিবলৈ হলে দুইটা দিশ অৰ্থাৎ এজন শিক্ষক আৰু এজন শিক্ষকৰ সম্বন্ধ থকাটো অতি বেছি প্ৰয়োজন। বাস্তব জীৱনত বহুত কেইখন অসমীয়া সাহিত্য কিতাপ পঢ়িছো। তাৰে কিছুমান কিতাপৰ কিছুমান চৰিত্ৰ ইমান বেছি ব্যাকুল হৈ পৰে আমাৰ বাবে তাক বাস্তব পৃথিৱীত জীয়াই ৰখাৰ প্ৰয়াসত লাগি পৰো। মই ভাল শিক্ষক হব নোৱাৰিলোঁ গ্ৰন্থ খন পঢ়ি তেনেকৈ নষ্টালজিক হৈ পৰিলোঁ । মইও মোৰ বাস্তব জীৱনৰ এগৰাকীৰ শিক্ষকৰ কিছুমান ভাষ্য বৰ্ণনা কৰিব বিচাৰোঁ। মোৰ চিনাকি পৃথিৱী খনে নিচেই সৰু বৰ বেছি মানুহক যদিও চিনি নাপাওঁ তথাপিও যি কেইজন মানুহক চিনি পাওঁ তেওঁলোকৰ লগত সঁচাকৈ বেছি ঘনিষ্ঠ হৈ পৰো । আজি মই এগৰাকী সাহসী আৰু সাৱলীল নাৰী , লগতে এগৰাকী জ্যোতিৰ্ময় , পৱিত্ৰ ময় শিক্ষকৰ বৃত্তি লগত জৰিত ব্যক্তি কথা কব বিচাৰিছোঁ । যাৰ ব্যক্তিত্ব সঁচাকৈ এগৰাকী মাতৃ , এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ দৰে । যাৰ আচৰনেই আমাৰ বাবে সদায় কিছু অময়া বতাহৰ দৰে । যাক প্ৰত্যক্ষ কৰিয়েই মহাবিদ্যালয় খনৰ প্ৰত্যেক জন শিক্ষাৰ্থীয়ে নিজৰ দায়িত্ব বিষয়ে সজাগ হৈ পৰে । তেওঁ হল বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা টেঙাখাতৰ জীয়ৰী আৰু ডিব্ৰুগড়ৰৰ বোৱাৰী ড° গীতামনি হাজৰিকা ।

বেটুপাত দেখিয়ে কেতিয়াও কিতাপ খনৰ ধাৰণা কৰি লব নালাগে । উক্ত বাক্য শাৰী মোৰ নহয় । অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী silpishikha boruah ৰ । সঁচাকৈ আমি কিতাপৰ খনৰ দস্তাবেগ বোৰ পৰ্যবেক্ষণ নকৰাকৈয়ে কিতাপ খনৰ বেটুপাত টো দেখিয়ে সামৰি থৈ দিও । এইয়াই আচলতে আমাৰ বাবে ভুল বিষয় , বেটুপাত ৰঙীন নহলেও কিন্তু ভিতৰৰ কাহিনী ভাগ সদায় ৰঙীন হৈ থাকে , ভিতৰি ৰঙীন আৰু সৌন্দৰ্য্য মানুহ বোৰে কেতিয়াও বেটুপাতৰ ৰঙীন ছবি অংকন কৰি নথয়।ঠিক তেনেকুৱা এগৰাকী ব্যক্তি গীতামণি বাইদেউ। দেখাত এগৰাকী খঙাল আৰু গম্ভীৰ ব্যক্তি যেন লাগিলেও যেতিয়া মানুহ গৰাকীক পঢ়িবলৈ ললো বুজিবলৈ ললোঁ সঁচাকৈ মানুহ গৰাকী বহল পৰিসৰ এগৰাকী মানুহ , দয়া মমতা আদিৰে ভৰি আছে হৃদয় খন , বুজি উঠিলো তেওঁৰ মনটোৱে আমাক লৈ বহু কথা কৈ থাকে , বহু কাহিনী লৈ আহে আমাৰ জীৱনলৈ । মানুহক সদায় সত আৰু লক্ষ্য প্ৰাপ্তি ৰাস্তা দেখুৱাই দিয়া মানুহ গৰাকীয়ে তেওঁ । মোৰ বৰ বেছি অভিজ্ঞ নাই যদিও কওঁ আমাৰ মহাবিদ্যালয়ৰ ওপৰৰ শ্ৰেণীৰ দাদা বাইদেউ মুখত সদায় শুনি থাকো বাইদেউৰ কিছুমান যুক্তিপুৰ্ণ মন্তব্য। জীৱনৰ সংগ ,আদৰ্শ এইবোৰ সঠিক মাত্ৰাত কেনেকুৱা হব লাগে তাৰ বিষয়ে কিছু যুক্তিবাদী ধাৰণাৰ উদাহৰণ দাঙি ধৰে।কোনোবা এখন উপন্যাসত পঢ়িবলৈ পাইছিলোঁ জীৱনৰ অত্যাধিক সমস্যা আৰু যন্ত্ৰণাই মানুহক বাহ্যিক ভাৱে কঠোৰ কৰি পেলায় । হয়টো বাইদেউ ক্ষেত্ৰতো তেনেকুৱা হব পাৰে । জন্ম পিছৰ পৰ্য্যায় পৰা বহু কষ্টৰে নিজক গঢ় দিছে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিবৰ বাবে কঠোৰ সংগ্ৰাম কৰি আহিছে ।বাহিৰে সঁচাকৈ এগৰাকী অমায়িক আৰু ধীৰ ব্যক্তি যাৰ আগত এটা কথা ব্যক্ত কৰিবলৈ শিক্ষাৰ্থী সকলে থমকি ৰয় , । কিন্তু যেতিয়া পৰা বাইদেউক লগ পালো ভালকৈ কথা বতৰা পাতিবলৈ সুযোগ পালো সঁচাকৈ বাইদেউৰ অন্তৰ খনেই পঢ়ি পেলালো যেন অনুভৱ হল , বাইদেউ ভিতৰত সঁচাকৈ নিচ্চুপ হৈ আছে হাজাৰ তা মৰমৰ সুত , কিছুমান মানুহ থাকে ন হাজাৰ মৰম থাকিলেও প্ৰকাশ কৰিব নজনাৰ ফলতেই মৰমৰ মূল্য দিব নোৱাৰে , ঠিক বাইদেউ তেনেকুৱা এগৰাকী ব্যক্তি, মৰম অমাক লৈ বহুত মৰম, বাইদেউৱে কিন্তু কলমৰ চিয়াঁহীৰ দৰে শ্ৰুতলিপি কৰিব নাজানে সেয়েহে মানুহ বোৰে মানুহ গৰাকীৰ হৃদয় খন মনটোক নুবুজাকৈয়ে এৰি যায় । মই ভাবো বৰ্তমান মন বুজা মানুহৰ সংখ্যা প্ৰায় কম সেয়েহে মানুহ গৰাকী সকলোৰে আঁৰত ৰৈ যায়। মই কল্পনা কৰিব নোৱাৰাৰ পৰিসৰৰ এগৰাকী মানুহ তেওঁ । যিয়ে সদায় আমাৰ আগত দেখুৱাই যায় জীৱনৰ প্ৰবাল সুতৰ ৰাস্তা ।

                        বাইদেউয়ে মুখত এটা কথা প্ৰায় থাকিছিল সময়ৰ শৰ সময়ত মাৰিব পাৰিব লাগিব । নহলে যান্ত্ৰিকতা পৃথিবীত খোজ দিয়াটো বৰ কঠিন । লগতে এটা কথা প্ৰায়ে কৈছিল জীৱনৰ আদৰ্শ হিচাপে মানুহ বোৰক কিন্তু ভাবি চিন্তি লবা , নহলে ৰাস্তাতত আগুৱাই যাওঁতে কায়েট বিন্ধে যে তেনেকুৱা লাগিব । কথাষাৰ আমাৰ বাবে সঁচাকৈ গ্ৰহনযোগ্য। সকলোৱে এটা কথা মন কৰিবলগীয়া যে বাস্তব জীৱনৰ খলা বমা বোৰ কিন্তু খুব কম ব্যক্তিয়ে হে আঙুলিয়াই দিয়ে । নহলে টো আপুনি মই সকলোৱে দূৰণিৰ ধুনীয়া পাহাৰ টোৰ দৰে ভাবি থাকো । ধুনীয়া আকৰ্ষণীয় এইবোৰ ধাৰণা লৈয়ে থাকো । মই অনুসন্ধান কৰি গম পালো যে বাইদেউৰ এটা গুণৰ বাবে সকলোৱে ভাল পায় তেওঁ যি কব লগা থাকে প্ৰত্যক্ষ ভাৱে ব্যক্তি জনৰ সন্মুখত ভুল খিনি আঙুলিয়াই দেখুৱাই ব্যক্ত কৰে । এই গুণৰ শিক্ষক কিন্তু মই খুব কম দেখিছোঁ । বৰ্তমান সমাজ খনত এনে কিছুমান শিক্ষক আছে যিয়ে চিনেমা কাহিনীৰ ৰহস্যময় ৰাস্তা বোৰ হে দেখুৱাই দিয়ে । কিন্তু বাইদেউ সেইবোৰ শিক্ষকৰ তুলনাত ব্যতিক্ৰম। মানৱ জীৱনৰ কঠিন আৰু সংগ্ৰাম ৰাস্তা টোৰ বিষয়ে সদায় প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে দেখুৱাই দিয়ে মই ভাবো প্ৰত্যেক জন শিক্ষাৰ্থীৰ বাবে বাস্তব জীৱনৰ অভিজ্ঞ সম্বল বোৰ হে প্ৰয়োজন । কাহিনীৰ দৰে জীৱন টো চাবলৈ টো চিনেমা উপন্যাস বোৰ আছেই কিন্তু সঁচা অৰ্থত জীৱনৰ সংজ্ঞা প্ৰদান কৰিব পৰা জন হে প্ৰকৃত প্ৰবক্তা, কিছুমান কাহিনীৰ আৰম্ভণি বোৰ নুবুজা সাঁথৰ দৰে লাগে ন ঠিক গীতা মনি বাইদেউৰ কিছুমান কথা আমাৰ বাবে সাঁথৰৰ দৰে । প্ৰথম অৱস্থাত কিছুমান কথা সঁচাকৈ বুজি পোৱা নাছিলো কিন্তু এতিয়া বাইদেউক সম্পূৰ্ণ কৈ নহলেও কিছু ক্ষেত্ৰত বুজি উঠো । আমাৰ বাবে সদায় নিজক সময় উলিয়াই নিজক আমাৰ মাজতে এৰি দিয়ে । তেওঁ উদাহৰণ আমাৰ মানৱ সভ্যতাৰ বিকাশৰ বাবে । গীতা মনি বাইদেউৰ তাত কিছুমান এনেকুৱা সুকুমাৰ ৰম্ভা জৰিত হৈ আছে যিবোৰ চাগে এজন শিক্ষাৰ্থী য়ে ভাল কৈ অনুভৱ কৰিব পাৰে । বহু কিছুমান কথা, বাইদেউৰ জীৱনৰ ভাল লগা কাহিনীৰ কিছু আমেজ” মই ভাল শিক্ষক হব নোৱাৰিলোঁ “গ্ৰন্থ খনত গতানুগতিক চৰিত্ৰ বোৰৰ জৰিয়তে ফুটি উঠিছে ।

বেটি বাচাও বেটি পঢ়াও অভিযান আঁচনি খন ২০১৯ চনত কাৰ্যকৰি কৰি তুলিছিল যদিও পূৰ্বৰ পৰা আমাৰ সমাজ খনে নাৰীক ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়া দেখিবলৈ পোৱা গৈছিল । ৰামায়ণ মহাভাৰত সাহিত্য পুৰাণ বোৰত নাৰীক বিশেষ মৰ্য্যদা প্ৰদান কৰা হৈছিল । নাৰী সকল শিক্ষিত আছিল , সমাজত উচ্চ স্থান লাভ কৰিছিল কিন্তু মাজৰ সময়ছোৱাত নাৰী সকল একেবাৰে নিম্ন গামি হৈ পৰিছিল । সামাজিক অৰ্থনৈতিক ভাৱেও পিছ পৰি ৰৈছিল । ঠিক তেনেকুৱা সময়ত বিংশ শতিকাৰ সময়ছোৱাত টেঙাখাত অঞ্চলটোৰ সামুকণি গাঁওৰ পৰা একমাত্ৰ গীতা মনি বাইদেউ আছিল যিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা Ageing and Women বিষয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল । বাইদেউ এনেকুৱা এখন গাঁৱত ডাঙৰ দীঘল হৈছিল, আপোনালোকে পৰিবেশ টোৰ কথা শুনিলে আচৰিত আৰু হতভম্ব হৈ পৰিব । মই নিজেও কেতিয়াবা ভাবো মানুহৰ চাগে দৰিদ্ৰতাই কেতিয়াও জীৱনৰ বাটত হেঙাৰ হব নোৱাৰে , যিটো বাইদেউ ক্ষেত্ৰত প্ৰযোজ্য । বাইদেউৱে টেঙাখাট অঞ্চল টোৰ পৰা ভিতৰৰ সামুকণি নামৰ গাঁও খনত ডাঙৰ দীঘল হৈছিল । বাইদেউৰ পৰিয়াল টো আৰ্থিক ভাৱে ইমান সবল নাছিল, নিম্ন আৰু মধ্য এই মানদণ্ডৰ মাজতে সীমাবদ্ধ আছিল , দেউতাকে যদিও দোকান এখন দিছিল মাত্ৰ পৰিয়াল টো পোহ পাল দিবলৈ হে পাৰিছিল , সেই সময়ত সামুকণি গাঁৱৰ পৰিবেশ টো ইমানেই বেছি ব্যাকুল আৰু কষ্টকৰ আছিল যে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰা বিষয় টো যেন তত্ত্ব গধূৰ এটা বিষয় হৈ পৰিছিল । বিদ্যালয় যাবলৈ হলেও বোকা ৰে আৱৰা পথাৰ এখন পাৰ হব লগা হৈছিল । কেতিয়াবা বোকাৰ বুলনিতে কাপোৰ কানি বোৰ লেতেৰা হৈ গৈছিল । চাবলৈ গলে একেবাৰে ভাৱিব নোৱাৰা এটা পৰিবেশৰ এগৰাকী মানুহ তেওঁ ,জীৱনৰ কষ্ট কি বস্তু ওচৰৰ পৰা বুজি পোৱা এগৰাকী মানুহ । দুৰ্বাৰ কষ্ট সংগ্ৰাম আৰু দেউতাকৰ অশেষ কৃতি সাধনাৰ বলত গীতা মণি বাইদেউ আজি এই স্থানত পাইছে । যেতিয়া বাইদেউ লগত কথোপকথন হৈছিল এটা কথাই মোৰ মনটোক বাৰে নাৰে আমনি দিছিল , তেওঁৰ পৰিয়াল টো আমাৰ বোৰৰ দৰে নিম্ন মানদণ্ডৰ আছিল সপোন বোৰ ৰঙীন ভাৱে দেখিছিল যদিও জীৱন যাপনলৈ মন কৰিলে একেবাৰে সাধাৰণ ভাৱে জীৱন যাপন কৰিছিল । , উচ্চ শিক্ষাৰ বিষয়ে কোনো অভিজ্ঞ সম্বল নাছিল, শিক্ষাৰ ক্ষেত্ৰত থকা অবয়ব সমূহ ৰ বিষয়ে সাম্যক জ্ঞান প্ৰদান কৰা পৰিয়াল টোত এজন অভিজ্ঞ ব্যক্তি নাছিল , । এটা বয়স লৈকে টো মাত্ৰ বিদ্যালয়ৰ যাব লাগে শিক্ষা গ্ৰহণ কৰিব লাগে এনেকুৱা এটা বিষয়ৰ মাজত সোমাই আছিল কিন্তু , কোৱা হয় ন কেতিয়াবা কিছুমান মানুহ ভগৱানে আমাৰ কাৰণে এই পৃথিৱীলৈ পঠিয়াই , ঠিক বাইদেউ ক্ষেত্ৰত তেনেকুৱা হল বিশিষ্ট লেখক জ্যোতি প্ৰসাদ শইকীয়া ছাৰ ক বাইদেউ ওচৰলৈ দেৱতা হিচাপে পঠাই দিলে । যিজন ব্যক্তিয়ে বাইদেউক এটা নতুন জীৱন দিলে ,তেখেতৰ আদৰ্শৰ বলতেই আজি বাইদেউ নিজৰ লক্ষ্যত এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হৈ পৰিল , । কেতিয়াবা আমাৰ আগত বাইদেউৱে তেওঁ গুৰু কথা ব্যক্ত কৰে , আমি তেতিয়া সঁচাকৈ মনত সন্তোষ লাভ কৰোঁ । কাৰোবাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সেই ব্যক্তি জনৰ কথা কাৰোবাৰ সন্মুখত ব্যক্ত কৰিব পৰা টো কিন্তু গৌৰৱৰ কথা । যিজন ব্যক্তিৰ বাবে আজি গীতা মণি বাইদেউ আমাৰ ওচৰৰ এজন শিক্ষক হিচাপে আমাৰ সন্মুখত থিয় দিবলৈ সক্ষম হৈছে এই চেগতে মইও তেখেতক নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মানুহ সঁচাকৈ এই পৃথিৱী খনত এতিয়া মানুহ হিচাপে জীয়াই আছে । মানুহ গৰাকীক আপোনালোকে ইয়াতে বুজি চাওক, কিমান পঢ়াত তীক্ষ্ণ আৰু মেধা সম্পন্ন হলে পঢ়া শুনা পিছ পৰি ৰোৱা , কোনো ধৰণৰ প্ৰযুক্তি বিদ্যা নথকা , উন্নয়নৰ থল নথকা অঞ্চল এটাৰ পৰা নিজে সমাজলৈ ওলাই আহি নিজৰ পৰিচয় গঢ়ি তুলিব পাৰে । আচলতে সংগ্ৰামৰ মাজেৰে আমাৰ জীৱন পৰিচালিত হয় বুলি কোৱা হয় ন জীৱনৰ অৰ্থ বোলে সংগ্ৰামৰ জৰিয়তে বেছি সবল ভাৱে বুজিব পাৰি । বাইদেউ তেনেকুৱা এগৰাকী উদাহৰণৰ ব্যক্তি । নিজৰ অভিজ্ঞতা থকা হেতুকে বাইদেউ সদায় জীৱন টো পৰিচালনা কৰাৰ ক্ষেত্ৰত সুকীয়া অৱলম্বনৰ দিশ সমূহ দেখাই যায়। পিছ পৰি ৰোৱা অঞ্চল এটাৰ পৰা এনেদৰে নিজক উলিয়াই আনি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে । মানুহ গৰাকী সঁচাকৈ বৰ্তমান আমাৰ বাবে গৌৰৱ । কেতিয়াবা ভাৱো মানুহ বোৰে নিজৰ সংগ্ৰামৰ ওপৰত কেন্দ্ৰ কৰি এখন এখন গ্ৰন্থ প্ৰকাশ কৰে । নিজৰ সপোন বোৰকে কাহিনী ৰূপ প্ৰদান কৰি উপন্যাস এখন সৃষ্টি কৰি পেলাই। উদাহৰণ হিচাপে প্ৰাসংগিক ভাৱে ৰুবুল মাউতৰ কথাকে উনুকীয়াব পাৰি । ৰুবুল মাউতো বাইদেউৰ দৰে কষ্ট আৰু সংগ্ৰামেৰে ডাঙৰ হোৱা এজন ব্যক্তি আছিল । নিজৰ প্ৰতিভা আৰু শিক্ষাৰ জৰিয়তে আজি এজন খ্যাত নামা ব্যক্তি হৈ পৰিল ।গীতামণি বাইদেউ এগৰাকী তেনেই সাধাৰণ মানুহ ঠিক ৰুবুল মাউতৰ দৰে । পাৰিলে হয় বাইদেউয়ে জীৱনৰ ওপৰত কেন্দ্ৰ কৰি এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ,জীৱনৰ প্ৰতিঘাট সমূহ মেৰপাক , এইবোৰক মূল বিন্দু হিচাপে লৈ এখনআদৰ্শৰ গ্ৰন্থ লিখি উলিয়াবলৈ । অন্ততঃ তেওঁৰ জীৱনৰ পৰ্য্যায় সমূহ পঢ়ি বহু লোকে বুকু ডাঠ কৰি নিজৰ সৈতে , নিজৰ সপোন বোৰৰ সৈতে যুঁজ দিবলৈ দুগুণ সাহস পালে হয় ,কিন্তু থাকে ন কিছুমান মানুহ যিয়ে নিজক লুকুৱাই ৰাখি ভাল পায় , নিজক অকলশৰে মজবুত কৰি ভাল পায় ঠিক বাইদেউ তেনেকোৱা এগৰাকী ব্যক্তি । সাহসী স্পষ্ট বাদী মানুহ গৰাকীয়ে নিজৰ সংগ্ৰাম খিনি সদায় ঢাকি ৰাখি থৈ দিয়ে । এইয়াই চাগে এগৰাকী সাহসী আৰু সবল নাৰী ।।

The human mind should be brave and not the body উক্ত বাক্য শাৰী সকলোৱে নিশ্চয় জ্ঞাত , বাইদেউ ক্ষেত্ৰত এই বাক্য শাৰী বেছি প্ৰযোজ্য। গীতামনি বাইদেউ তেনেকুৱা এগৰাকী সাহসী মনৰ ব্যক্তি । নিজক এনেকৈ সাহসেৰে সকলোৰে আগত উপস্থাপন কৰে , আচলতে এই গুণ টো দেখি সকলোৱে ভয় কৰে । বেলেগৰ কথা হয়টো নাজানো কাৰণ ব্যক্তি বিশেষে মানুহৰ মনবোৰ সদায় বেলেগ বেলেগ হয় কিন্তু মোৰ দৃষ্টি কোণৰ পৰা মই এইটো অনুভব কৰো যে এনেকুৱা সাহস খিনি কিন্তু মোক অতিকৈ প্ৰয়োজন। অন্ততঃ বাস্তব জীৱনৰ খলা বমা বোৰ নিজে প্ৰত্যক্ষ কৰিবলৈ সাহসী হব পাৰিম । বাইদেউৰ এই সাহসী গুণৰ বাবে শিক্ষাৰ্থী সকলে ভয় কৰে , কিন্তু বাইদেউৱে শিক্ষক দিৱস দিনা সকলোৰে আগত ব্যক্ত কৰিছিল। ” মই কোনো দেৱতা বা অসুৰ নহয় তোমালোকে মোক দূৰত দেখিয়ে ভয় কৰা , মইও মানুহেই হয় , মই নিজৰ কৃতিত্ব বলত হে এই স্থানত আছে মোক ভয় কৰিবলগীয়া কোনো কথা নাই , কিন্তু জীৱনত এটা কথা মনত ৰাখিবা মা দেউতা আৰু তোমাৰ গুৰুক কেতিয়াও প্ৰণাম কৰিবলৈ পাহৰি নাযাবা কাৰণ তেওঁলোকৰ অবিহনে আমাৰ জীৱন অন্ধকাৰ ,। আজিৰ পৰা মোক দেখি মনলৈ ভয় ভাৱ নানিবা মই মানুহ গৰাকীয়ে অলপ দেখিবলৈ কঠোৰ যেন ” কথাকেইটাৰে মনলৈ পুনৰ কিছু ক্লান্তি সুভাস বিয়পাই আনিছিল । আদৰ্শ কি বস্তু অলপ হলেও বুজি উঠিছিলো, জীৱনৰ শ্ৰেষ্ঠ তম উপহাৰ আমাৰ বাবে কি হয় পুনৰ বা সোঁৱৰাই দিছিল । কথা খিনি ব্যক্ত কৰাৰ পিছত মই অনুভব কৰিছিলো সঁচাকৈ মানুহ গৰাকীৰ ভিতৰৰ লুকাই আছে এগৰাকী। সাদৰি মানুহ, এগৰাকী মৰম আকলোৱা মানুহ , যিয়ে অলপ পাতলীয়া পৰিবেশ এটা পালে হয়টো নিজক বিলীন কৰি দিব পাৰে । বহুতে মোৰ দৰে তেতিয়া বুজি উঠিছিল। পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে মানুহৰ স্বভাব বোৰ বেলেগ বেলেগ হয় ঠিক বাইদেউ ব্যক্তিত্ব টো টেঙাখাত অঞ্চল টোৰ কঠোৰ সহনশীলতা, সংগ্ৰামৰ বাৰে হয়টো আজি বাইদেউ ব্যক্তিত্ব টো সাহসী আৰু প্ৰৱাল হৈ পৰিল ।

মানুহ বোৰে কেৱল সামাজিক ভাৱে শিক্ষিত হলে কিন্তু সম্পুৰ্ণ শিক্ষিত বুলি কব নোৱাৰি , সামাজিক শিক্ষাৰ বাহিৰেও মানুহক প্ৰয়োজন হয় আধ্যাত্মিক , ধৰ্মীয়, কিছু গতানুগতিক শিক্ষা । মানুহ এজন তেতিয়া হে সম্পূৰ্ণ শিক্ষিত হৈ পৰে যেতিয়া সমাজৰ সামাজিক অৰ্থনৈতিক,ৰাজনৈতিক সকলো দিশতে শিক্ষিত হৈ পৰে । মানুহে যে ধাৰ্মিক দিশ টোৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে তাৰ বিষয়ে বাইদেউৰ পৰা সবল ভাৱে বুজি উঠিলো । ভগৱান অস্তিত্ব মই বিশ্বাস কৰো , ভগবানক সদায় ভক্তি কৰো কিন্তু এদিন বাইদেউৱে ক্লাছৰ সময়ত কৈছিল ” যদি জীৱনত কেতিয়াবা কষ্ট সন্মুখীন হোৱা ন তেতিয়া কেৱল শ্ৰী কৃষ্ণৰ আগত কবা ,মানুহ বোৰৰ আগত কথা ব্যক্ত কৰি লাভ নাই , মিছাকৈ গৰিহণা খাব লগাত হে পৰিব লগীয়া হয় । সেয়েহে মূৰ্তি বোৰৰ আগত দুখ খিনি ব্যক্ত কৰিবা, তেতিয়া কৃষ্ণৰ উপশম হিচাপে কাৰোবাক নহয় কাৰোবাক তোমাৰ ওচৰলৈ পঠিয়াই দিয়ে । আৰু সমাধানৰ ৰাস্তা অতি সোনকালে দেখা দিয়ে । আৰু যদি কেতিয়াবা অতি বেছি মন বেয়া লাগে তেতিয়া ধৰ্মীয় পাঠ গীতা খন কে মেলি লবা এই কিতাপ বোৰৰ পৰা শিকিব লগীয়া বহু কথাই আছে । এইবোৰৰ পৰা ভগবানৰ আৰাধ্য লাভ কৰিব পাৰি “। কথা খিনি শুনাৰ পিছত আৰু বেছি ভগৱানক ভাল পাবলৈ ধৰিলো , ভগবানৰ অস্তিত্ব উপৰত আৰু বেছি বিশ্বাস গাঢ় কৰি উঠিছিল । কৃষ্ণৰ অস্তিত্ব আৰু বেছি মোৰ বাবে বিশ্বাস যোগ্য হৈ পৰিল । শিক্ষা বিষয়ক কোনোবা এখন কিতাপত পঢ়িবলৈ পাইছিলো এজন শিক্ষকে কেৱল শ্ৰেণীকোঠাত কিতাপৰ জ্ঞানে প্ৰদান কৰিব নালাগে বা কিতাপৰ জ্ঞান খিনিয়ে জসেষ্ট নহয় । পাঠ্য পুথিৰ জ্ঞানৰ বাহিৰেও অনান্য জ্ঞান সমূহৰ সম্ভেগ দিব লাগে যিয়ে এজন শিক্ষাৰ্থীক সম্পুৰ্ণ কৰি তুলিব পাৰে । ঠিক বাইদেউ তেনকুৱা এগৰাকী ব্যক্তি, পাঠ্য পুথিত অংকিত বৈশিষ্ট বোৰেৰে সবল হৈ আছে । আমাক গীতা , ৰামায়ণ মহাভাৰত কাহিনীৰ প্ৰতি মনত ধাৰ্মিক ভাৱ জগাই তুলিলে সঁচাকৈ মানুহ গৰাকীক অধ্যয়ন কৰিবলৈ গলে বহুত বেলেগ বেলেগ দিশ সমূহ স্পষ্ট ভাৱে ওলাই আহে ।

বাইদেৱে প্ৰত্যেক টো সময়তে নিজৰ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰূপে পালন কৰে এইয়াই তেওঁৰ বৈশিষ্ট । সকলো শিক্ষাৰ্থীকে নিজৰ লক্ষ্য আৰু নিজৰ গুৰুক সন্মান প্ৰদৰ্শন কৰি যাবৰ বাবে আমাক সতৰ্ক কৰে , ভাল লাগে যেতিয়া কোনোবাই জীৱনৰ সন্মান , আদৰ এইবোৰৰ বিষয়ে গতানুগতিক ভাৱে বুজাই দিয়ে । বাইদেউয়ে সদায় এটা কথা সোঁৱৰাই দিছিল ” পঢ়াত বেছি তীক্ষ্ণ হলে যে কেৱল জীৱনত সফলতা আহৰণ কৰিব পাৰিবা এনে নহয় জীৱনত সফলতা সেই সকল মানুহে লাভ কৰে যিয়ে একতা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য সমূহ লিপিবদ্ধ কৰিবলৈ জানে । তেওঁ পুনৰ কৈছিল ” মই পঢ়াত বৰ বেছি মেধা সম্পন্ন নাছিলো যদিও মই নিজে নিজৰ ওপৰত আত্ম নিৰ্ভৰ্শীল হব পৰাই শক্তিশালী আছিলো , প্ৰত্যেক ব্যক্তিয়ে নিজৰ সময় খিনি সত ব্যবহাৰ কৰিবলৈ জানিব লাগিব তেতিয়া হে সময়ত সফলতা লাভ কৰিবলৈ সক্ষম হবা ” কথা কেইটাৰে সেইদিনা শ্ৰেণীটোত পঢ়াত মধ্য সম্পন্ন শিক্ষাৰ্থী সকলৰো মনত জয়ী আশা এটা ফুটাই তুলিছিল । সকলোৱে বাইদেউ কথা কেইটাৰ প্ৰত্যক্ষ কৰি মনত প্ৰেৰণা আৰু আদৰ অলপ বৃদ্ধি পাইছিল । নিজে জীৱনত কিবা এটা কৰাৰ বাসনা জাগি উঠিছিল । আচলতে এইয়াই জীৱনৰ অৰ্থ সুচক মহৎ বাণী আছিল । এজন শিক্ষাৰ্থীক কেনেকৈ উন্নতি জখলাৰে উঠাই দিব লাগে আৰু কেনেকৈ তললৈ নমাই আনিব লাগে সম্পূৰ্ণ অধিকাৰ এজন গুৰুৰ হাততেই থাকে । অনুভব কৰিছিলোঁ সেইদিনা , ভালকৈ অনুভৱ কৰিছিলো , আজিৰ সমাজৰ এজন শিক্ষক হবলৈ এজন ভাল শিক্ষক হবলৈ কিমান বেছি ভাল গুণৰ প্ৰয়োজন। মাৰ্মন্তিক ভাৱে সেইদিনা উপলদ্ধি কৰিলোঁ । সমাজ খনৰ আটাইতকৈ পবিত্ৰ আৰু সুন্দৰ বৃত্তি টোৱে হল শিক্ষক পদ টো । যিটো প্ৰস্তিতিয়ে এজন ব্যক্তিৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে জীৱনৰ অফুৰন্ত মৰম ।

এগৰাকী ব্যক্তিক নিজৰ বাহিৰে কোনেও ভালকৈ অনুভৱ কৰিব নোৱাৰে । হয়টো বেলেগে অনুভৱ কৰাটো সম্ভব নহয় । মাত্ৰ অনুমান হে কৰিব পাৰি । কিন্তু কিছুমান মানুহক অনুমানৰ জৰিয়তে বুজিব পাৰি,জানিব পাৰি , মানুহ গৰাকীৰ ব্যাহিক আৰু আভ্যন্তৰিণ ভাৱে উপলদ্ধি কৰিব পাৰি । কিন্তু এটা কথা গম পাও যে বাইদেউৰ শিক্ষকৰ এই যাত্ৰাত বহুতো সংগ্ৰাম লুকাই আছে । সেয়েহে কেতিয়াবা মইও বাইদেউক কৈ সুকীয়া কিছুমান ভাৱ অনুভৱ কৰোঁ সদায় আমাৰ মংগলৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। আমিও এই চেষ্টাৰ , ত্যাগৰ ফল নিশ্চয় এদিন আপোনাৰ আগত প্ৰতিফলিত কৰিম । মানুহ এজনৰ বৰ্ণনা হয়টো কেতিয়াও দি শেষ কৰিব নোৱাৰি , জীৱনৰ সকলো বোৰ উক্তি উল্লেখ কৰাটো সম্ভৱ নহয় মাথোঁ এইটোৱে বুজি উঠিছো গীতামনি বাইদেউ আমাৰ বাবে এজন আদৰ্শ শিক্ষক। সেয়েহে মই এটা কথাই উল্লেখ কৰিব বিচাৰোঁ কলিয়াবৰৰ ৰামধেনুৰ বনিল সত্তা টি সদায় জিলিকি থাকক।