গুৱাহাটীত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

গুৱাহাটীত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনা বাহিনীৰ ৯৩সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এয়াৰ শ্ব’ত দেখা গ’ল নান্দনিক দৃশ্য। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত প্ৰথমবাৰৰ বাবে বায়ুসেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই এয়াৰ শ্ব’ৰ যোগেৰে ছুখয়, ৰাফেল, মিৰাজ, তেজছ, জাগোৱাৰ, মিগ-২৯, এমআই-১৭, সূর্য কিৰণ, চি-১৭ গ্ল’ব মাষ্টাৰ আদিকে ধৰি বিভিন্ন শ্ৰেণীৰ যুদ্ধ বিমানে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বিভিন্ন কলা-কৌশল প্রদর্শন, দৃষ্টিনন্দন ৰং-বিৰঙৰ ছবি আঁকি পাইলটসকলে প্ৰদৰ্শন কৰে ভাৰতীয় বায়ুসেনাৰ সৌর্য-বীর্য। ৭৫খনৰো অধিক এয়াৰক্রাফ্ট আৰু ২৫খনতকৈ অধিক ফর্মেচনত হেলিকপ্টাৰেৰে ভাৰতীয় বায়ু সেনাবাহিনীয়ে ব্রহ্মপুত্ৰৰ ওপৰৰ সুনীল গগনত নিজৰ কলা-কৌশল প্ৰদৰ্শন কৰি গুৱাহাটীৰ হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে আয়োজন কৰা ৯৩সংখ্যক প্রতিষ্ঠা দিৱসৰ এই এয়াৰ শ্ব’ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু বায়ুসেনাৰ এয়াৰ চীফ, মার্শাল অমৰ প্ৰীত সিঙৰ লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- ‘বায়ুসেনাই গুৱাহাটীত এয়াৰ শ্ব’ অনুষ্ঠানটোৰ আয়োজন কৰাৰ বাবে মই বহুত সুখী। তাৰ বাবে মই কৃতজ্ঞ। এই অনুষ্ঠানে নৱপ্ৰজন্মক বায়ুসেনাৰ প্ৰতি আকৰ্ষিত কৰিব।’। দুপৰীয়া ১২.৩০ বজাৰ পৰা অনুষ্ঠিত এয়াৰ শ্ব’ কাৰ্যসূচীত অংশ লোৱা যুঁজাৰু বিমান আৰু হেলিকপ্টাৰসমূহ গুৱাহাটী, তেজপুৰ, যোৰহাট, চাবুৱা, হাছিমাৰা, কীগদ’গ্ৰা আৰু পানাগড়ৰ পৰা উৰণ কৰি লাচিত ঘাটৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নিজৰ নিজৰ কলা-কৌশল প্রদর্শন কৰে। যুদ্ধ বিমানসমূহে প্রতিটো নান্দনিক কলা-কৌশলৰ যোগেৰে উত্তৰ-পূবৰ ঐতিহ্য আৰু ভৌগলিক খণ্ডৰ প্ৰতি বিশেষভাবে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। এইবিলাকৰ ভিতৰত তেজছে লাচিত, এপাচীয়ে গড়, চি-২৯৫ বিমানে মানস, আইএল-৭৮ এণ্ড মিৰাজে কাজিৰঙা, জাগুৱাৰে হিমালয় এইইউ-৩০ এম কে আয়ে ত্রিশূল, ৰাফেলে হাতী, চি-১৭ই ব্রহ্মপুত্র, এছ ইউ-৩০ এম কে আয়ে অর্কিড আদিক প্রতিনিধিত্ব কৰি আকাশ মার্গত কলা-কৌশল প্রদর্শন কৰে। বৰলুইতৰ আকাশত ত্ৰিৰংগাৰ বোল আঁকি দেশৰ প্ৰতি সম্মান আৰু বীৰত্ব প্ৰদৰ্শন কৰে আৰু সমতলত বাজি উঠে- ‘মা তুঝে চালাম, বন্দে মাতৰম…’ আদি কালজয়ী দেশপ্ৰেমৰ সংগীত। পাকিস্তানৰ বিৰুদ্ধে বীৰ বিক্ৰমেৰে অৱতীর্ণ হোৱা সেনাবাহিনীৰ সিন্দূৰ অভিযানক লৈয়ো প্রদর্শন কৰে বিশেষ সম্মান। উল্লেখ্য যে এয়াৰ শ্ব’ৰ আৰম্ভণি কৰা হয় ‘লাচিত’ ফৰ্মেচনৰ তেজছ যুদ্ধ বিমান উৰণৰ জৰিয়তে। এই সম্মান প্রদান কৰা হয় বিশ্ববীৰ লাচিত বৰফুকনৰ অসাধাৰণ যুদ্ধ শৈলী তথা যুদ্ধ নিপুনতাৰ বাবে। পৰৱৰ্তী সময়ত বায়ুসেনাৰ যুঁজাৰু বিমানে পর্যায়ক্রমে নিজৰ নিজৰ শৈলীৰে মহাবাহুৰ আকাশত আঁকি যায় ইখনৰ পিছত সিখন দৃষ্টিনন্দন ছবি। প্রদর্শন কৰে বিভিন্ন কলা। সূর্য কিৰণ এৰ’বোটিক টীমে ব্ৰহ্মপুত্ৰৰ মাজৰ ক্ষুদ্র নদীদ্বীপ উমানন্দৰ দিশেৰে সোমাই সম্মান জনায় অপাৰেচন সিন্দুৰক। আনহাতে, নীল গগনৰ বিশালতা জুৰি বায়ুসেনাৰ হেলিকপ্টাৰ আৰু যুঁজাৰু বিমানে নিখুঁট উৰণেৰে প্ৰদৰ্শন কৰে বিমানৰ ওলোটা কৌশল। ত্ৰিৰংগাৰ ধোঁৱাৰে ৰং কৰা ডিএনএ হেলিক্স আকৃতিৰ লুপ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাক প্রতিনিধিত্ব কৰে ত্রিশূল ফর্মেচন। গুৱাহাটীবাসীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আঁকা নীল আকাশত হৃদয় আকৃতিৰ ফৰ্মেচনে সকলাৰে মন আনন্দিত কৰি তোলাও দেখা যায়। আনহাতে, অসমৰ বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গৰ প্ৰতি সম্মান জনায়ো বায়ুসেনা বাগিনীয়ে এয়াৰ শ্ব’ কৰে। শিল্পীগৰাকীৰ প্ৰতি সম্মান জনাই ফ্লাই পাষ্টত বাজি উঠে ‘মায়াবিনী ৰাতিৰ বুকুত…’। বায়ুসেনাৰ ৯৩সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এই এয়াৰ শ্ব’ৰ কাৰ্যসূচী দৰ্শনৰ বাবে লাচিত ঘাটকে ধৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ লোকাৰণ্য হৈ পৰে। বিশেষকৈ ছাত্র-ছাত্রী আৰু স্থানীয় আবাল-বৃদ্ধ-বনিতাৰ কাৰণে প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰে। আনহাতে, নৱনির্মীত সতী ৰাধিকা উদ্যানৰ পৰা এয়াৰ শ্ব’ চাব পৰাকৈও প্ৰশাসনে সম্পূর্ণ ব্যৱস্থা কৰিছিল ।