উজান বজাৰৰ ৰিভাৰ ফ্ৰণ্ট পার্ক উদ্বোধন কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে

উজান বজাৰৰ ৰিভাৰ ফ্ৰণ্ট পার্ক উদ্বোধন কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে

ৰঙিলী বাৰ্ত্তাসেৱা-  মুকলি হ’ল ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্রন্ট-সতী ৰাধিকা শান্তি উদ্যান। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে অনুষ্ঠানিকভাৱে এই প্রকল্পৰ শুভ উদ্বোধন কৰে। ৩২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ব্ৰহ্মপুত্ৰ নদীপাৰ – সতী ৰাধিকা শান্তি উদ্যান নৈসর্গিক শোভাৰে আৱৰা বিনোদনৰ এক অনন্য ক্ষেত্র ।  এই প্ৰকল্পৰ অধীনত কামৰূপ (মহানগৰ) জিলা আযুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ পাৰটো নৈসর্গিক শোভাৰে আৱৰা বিনোদনৰ এক অনন্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা হৈছে। ব্ৰহ্মপুত্ৰ পাৰৰ ১.২ কিলোমিটাৰ বিস্তৃত বীথিকা, পথ, চাইকেল ট্রেক আৰু বহা ঠাইৰ ব্যৱস্থা, শিশুৰ বাবে খেলা ঠাইৰ ব্যৱস্থা, শৰীৰ চৰ্চাৰ সুবিধা আদিকে ধৰি নাগৰিকৰ বাবে বিভিন্ন সা-সুবিধা সন্নিৱিষ্ট কৰা হৈছে। এই অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ মন্তব্য- ব্ৰহ্মপুত্ৰ হৈছে অসমৰ সভ্যতাৰ আত্মা আৰু ৰাজ্যখনৰ পুনৰুত্থানৰ সৈতে ই অন্তর্নিহিতভাবে জড়িত হৈ আছে। আজি উদ্বোধন কৰা প্ৰকল্পৰ দ্বাৰা প্ৰযুক্তিৰ সৈতে সংস্কৃতিৰ সংমিশ্রণ ঘটাই নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব। এই প্রকল্পত স্থানীয় জীৱিকা তথা পৰম্পৰাগত আন্তঃগাঁথনি যাতে বিঘ্নিত নহয়, সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। নদীপাৰৰ মাছৰ বজাৰখন সংৰক্ষিত হৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ নৈসর্গিক দৃশ্য উপভোগ কৰাত সাধাৰণ লোক উপকৃত হৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- নদীপাৰ প্ৰকল্প উন্নয়নে গুৱাহাটীক অধিক সুন্দৰ আৰু সাধাৰণ নাগৰিকৰ মনোৰঞ্জনৰ বাবে সুবিধাজনক স্থান তথা পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব। পুৰণি ডিচি অফিচ, মুখ্য ন্যায়িক দণ্ডাধীশৰ পুৰণি কাৰ্যালয় থকা স্থানত নদীপাৰ সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক প্রকল্পসমূহ এতিয়া চকুত পৰাকৈ উদ্ভাসিত হৈছে। এই ভাষণতে মুখ্যমন্ত্রী ড° শর্মাই কয়- অহা জানুৱাৰী মাহত ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ব। এই দলঙে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে যাতায়াত ব্যৱস্থালৈ নতুন পৰিৱৰ্তন আনিব। আনহাতে গুৱাহাটীৰ চাৰিওফালে নির্মাণ হৈ থকা প্ৰায়বোৰ প্ৰকল্পই জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- এই প্রকল্পসমূহে গুৱাহাটীক কেৱল উত্তৰ-পূব ভাৰতৰেই নহয়, দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব। এই প্রকল্পসমূহ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বদান্যতা আৰু কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সহযোগিতাৰ বাবে সম্ভৱ হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগি-কুৰুৱা, গুৱাহাটী-উত্তৰ গুৱাহাটী, পলাশবাৰী-শুৱালকুছি সংযোগী তিনিখন বৃহৎ দলঙৰ নির্মাণকার্য চলি আছে। আজি মুকলি কৰা সতী ৰাধিকা শান্তি উদ্যান ধনৰ বাবে নহয়, গুৱাহাটীবাসী ৰাইজৰ বাবে নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- কোনো মাতৃয়ে উদ্যানখনলৈ তেওঁ সন্তানক লৈ আহি বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। তদুপৰি পুৱা ৯ বজাপর্যন্ত খোজ কাঢ়িবলৈ অহা যিকোনো লোকৰ বাবে উদ্যানখনত প্রৱেশ বিনামূলীয়া হ’ব। মুখ্যমন্ত্রীয়ে ব’হাগ বিহু পর্যন্ত উদ্যানখনত প্ৰৱেশ বিনামূলীয়া কৰিবলৈ স্মার্ট চিটী লিমিটেড আৰু গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষক পৰামৰ্শ দিয়ে। এই মকুলি অনুষ্ঠানত মন্ত্রী অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, চৰণ বড়ো, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব ড° ৰবি কোটাৰ লগতে প্রশাসনিক শীর্ষ বিষয়াসকল উপস্থিত থাকে।