ডিব্ৰুগড়ৰ গৰাখহনীয়া ৰোধৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে ’বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি’ৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়ৰ গৰাখহনীয়া ৰোধৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে ’বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি’ৰ গুৰুত্বপূৰ্ণ বৈঠক

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক ডিব্ৰুগড় চহৰখনক ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ পৰা স্থায়ীভাৱে ৰক্ষা কৰাৰ সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে ’বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি’ তথা জিলাখনৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকত জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা সমীৰণ ডেকা, কাৰ্যবাহী অভিযন্তা প্ৰদীপ কুমাৰ দাস আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা হৃদয়ানন্দ গগৈ উপস্থিত থাকে। বৈঠকত জলসম্পদ বিভাগৰ তৰফৰ পৰা ডিব্ৰুগড়ৰ খহনীয়া প্ৰৱণ এলেকাসমূহৰ এক দৃশ্যশ্ৰাব্য উপস্থাপন কৰা হয়। বিভাগে বৰ্তমানলৈ গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা, অনুমোদিত আৰু সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহৰ তথ্য দাঙি ধৰে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি, ঠাকুৰবাৰীত ২০ মিটাৰ, মাইজানত ১৩০ মিটাৰ, কাহাইত ৩০ মিটাৰ, ৪ আৰু ৫ নম্বৰ স্পাৰৰ কাষত ৭৭০ মিটাৰ আৰু মোহনাঘাটৰ পৰা টিংখাঙৰ আইথানলৈকে প্ৰায় ২৪০০ মিটাৰ এলেকা খহনীয়াৰ বাবে অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে। জলসম্পদ বিভাগৰ এই সাময়িক প্ৰতিৰোধমূলক কাম-কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে প্ৰতিনিধিসকলে। ’বৃহত্তৰ ডিব্ৰুগড় গৰখহনীয়া প্ৰতিৰোধ সমিতি’ৰ সভাপতি তথা ’অসম আদিত্য’ কাকতৰ  সম্পাদক মনজিৎ বৰাই জিঅ’বেগৰ দ্বাৰা কৰা সাময়িক সুৰক্ষা ব্যৱস্থাক সমালোচনা কৰি কয় যে খহনীয়া আৰম্ভ হোৱাৰ পিছত জিঅ’বেগ দি ডিব্ৰুগড়ক বচাব নোৱাৰি। ইয়াৰ উদাহৰণ দি তেওঁলোকে কয় যে পুৰণি এছপি অফিচৰ পিছফালে থকা যোগাৰ্চ পাৰ্কৰ ভূমি খহনীয়াৰ বুকুত জাহ গ’ল। গতিকে কেৱল অস্থায়ী মেৰামতিৰে চহৰখনক স্থায়ী সুৰক্ষা দিব নোৱাৰে। দল-সংগঠনৰ তৰফৰ পৰা বগীবিল দলং নিৰ্মাণৰ সময়ত ৰে’ল বিভাগে গ্ৰহণ কৰা স্থায়ী খহনীয়া প্ৰতিৰোধী আৰ্হি আৰু মুম্বাইৰ সাগৰীয় খহনীয়া ৰোধত ব্যৱহৃত ’ব্লাষ্টেড বোল্ডাৰ’ প্ৰযুক্তি ডিব্ৰুগড়তো ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। ১৯৫৪-৫৫ চনতে নিৰ্মাণ কৰা ৭ টা পুৰণি স্পাৰৰ উচ্চতা আৰু শক্তি বৃদ্ধি কৰা, প্ৰয়োজন সাপেক্ষে ডাঙৰ স্পাৰসমূহৰ মাজত সৰু সৰু স্পাৰ নিৰ্মাণ কৰা আৰু পূৰ্বতে ব্যৱহাৰ কৰা শাল কাঠ পুতি দিয়া ভেটাৰ প্ৰযুক্তিৰ দৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশেষজ্ঞসকলক আহ্বান জনোৱা হয়। সংগঠনসমূহৰ প্ৰতিনিধি দলে স্পষ্ট কৰি দিয়ে যে ডিব্ৰুগড়ক সুৰক্ষিত কৰিবলৈ চৰকাৰে এটা স্থায়ী বৃহৎ প্ৰকল্প হাতত ল’ব লাগিব। যদি চৰকাৰে পৰ্যাপ্ত পুঁজি আবণ্টন নকৰে, তেনেহ’লে ডিব্ৰুগড়ৰ ৰাইজে ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হ’ব। এই গুৰুত্বপূৰ্ণ বৈঠকত ‘বৃহত্তৰ ডিব্ৰুগড় গৰা খহনীয়া প্ৰতিৰোধ সমিতি’ৰ সাধাৰণ সম্পাদক উদয় শংকৰ মহন, নাগৰিক সংঘৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা যোগেন বৰা, সম্পাদক ড° কুমুদ চন্দ্ৰ বৰা, ডিব্ৰুগড় বাৰ এছ’চিয়েশ্যনৰ সভাপতি হেমচন্দ্ৰ বৰা, সম্পাদক সত্যব্ৰত শৰ্মা, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বুধিন সোণোৱাল, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, গণমঞ্চৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু আট্‌ছাৰ নেতা সুনীল কুৰ্মী আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি নিজ নিজ মতামত ব্যক্ত কৰে।