ডিব্ৰুগড়ত ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ ৭ম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন: অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল বৰুৱাৰ সভা পৰিচালনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ৰেডক্ৰছ চ’ছাইটি, ডিব্ৰুগড় জিলা শাখাৰ ৭ম বাৰ্ষিক সাধাৰণ সভাখন আজি ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়।সভাত অধ্যক্ষ বিক্ৰম কৈৰী অনুপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত ৰেডক্ৰছ চ’ছাইটিৰ উপাধ্যক্ষ তথা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাই সভাখন পৰিচালনা কৰে।সভাৰ আৰম্ভণিতে ভাৰতীয় ৰেডক্ৰছ চ’ছাইটি, ডিব্ৰুগড় জিলা শাখাৰ সভাপতি ডঃ পঙ্কজ কুমাৰ শ্ৰুতিকৰে উপস্থিত সকলোকে আদৰণি জনায় । যোৱা ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে যিসকলে ত্যাগ আৰু সেৱাৰ মনোভাৱেৰে আগবাঢ়ি আহি অতি কম সময়ৰ ভিতৰতে অৰ্থ সাহায্য আগবঢ়ালে তেওঁলোকৰ সকলোকে ৰেডক্ৰছ ছচাইটিৰ তৰফৰ পৰা কৃতজ্ঞতা জনায় । এই সংগৃহীত ধন অতি তৎপৰতাৰে যোৱা ২৩ জুলাইত চৰাইদেউ জিলালৈ প্ৰেৰণ কৰা হয় । ইয়াৰ ওপৰিও ৰেডক্ৰছ চ’ছাইটিৰ এগৰাকী উদীয়মান সদস্যা মিতালী বৰুৱাৰ একনিষ্ঠ প্ৰচেষ্টাত বিভিন্ন ৰাজ্যৰ পৰা আৰু বিদেশৰ পৰাও এক বুজন সংখ্যক ধন সংগ্ৰহ কৰি ৰেডক্ৰছ চ’ছাইটিক অৰ্পণ কৰাৰ বাবে তেওঁৰ এই মানৱীয় দৃষ্টিভংগীৰ বাবে ছচাইটিৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। সভাৰ আৰম্ভণিতে যোৱা বিধ্বস্ত বানত নিজৰ প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া লোকসকলৰ প্ৰতি সন্মান জনাই সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। জিলাৰ উপাধ্যক্ষ তথা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাই সভাখন আনুষ্ঠানিকভাৱে পৰিচালনা কৰে। সভাত যোৱা বৰ্ষৰ ৬ষ্ঠ বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিবেদন পাঠ কৰে সহ-সম্পাদিকা ড: গায়ত্ৰী দেৱী গোস্বামীয়ে। সভাত প্ৰতিবেদনখন সৰ্বসন্মতিক্ৰমে গৃহীত হয় । ইয়াৰ পাছত সম্পাদক অনুজ কুমাৰ বৰুৱাই বিগত বৰ্ষত ডিব্ৰুগড় জিলা ৰেডক্ৰছ চ’ছাইটিৰ উদ্যোগত সম্পন্ন হোৱা বিভিন্ন সেৱামূলক আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। লগতে আগন্তুক দিনত গ্ৰহণ কৰিবলৈ লোৱা বিভিন্ন কাৰ্যসূচী আৰু পৰিকল্পনাৰ বিষয়েও সভাক অৱগত কৰে। কোষাধ্যক্ষ ৰাজকুমাৰ আগৰৱালাই বিগত বৰ্ষৰ হিচাপ-নিকাচ নিৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰোৱাই সভাত দাখিল কৰে। সভাই হিচাপ-নিকাচ পৰ্যালোচনা কৰি অনুমোদন জনায়। ইয়াৰ পিছত উপ-সমিতিৰ বিত্ত বিভাগৰ চেয়াৰপাৰ্চন ডঃ ৰুনুমা শৰ্মাই আগন্তুক বৰ্ষৰ বাবে প্ৰস্তাৱিত বাজেট সভাত দাখিল কৰে। সভাৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হিচাপে চ’ছাইটিৰ ডিব্ৰুগড় জিলা শাখাৰ বিশেষ ই-মেগাজিন” সেৱক” “দ্বিতীয় বছৰৰ দ্বিতীয় প্ৰকাশ” উন্মোচন কৰে ৰেডক্ৰছ চ’ছাইটিৰ উপাধ্যক্ষ প্ৰাঞ্জল বৰুৱাই। তেওঁ সম্পাদনা সমিতিৰ সদস্যসকলক অভিনন্দন আৰু ধৃতিমান বৰুৱা ধন্যবাদ জ্ঞাপন কৰে। সভাত উপস্থিত কেইবাগৰাকীও বিশিষ্ট সদস্য ক্ৰমে ড০ কন্দৰ্প কুমাৰ ডেকা, জ্যোতিপ্ৰসাদ কানৈ, ড০ কৰবী ডেকা হাজৰিকা,ড০ভাৰতী দত্ত , তৰুণ কুমাৰ গগৈ আৰু ড০ চুলতানা হাজৰিকাই বিভিন্ন দিশত তেওঁলোকৰ দিহা পৰামৰ্শআগবঢ়ায় । সভাপতিৰ মন্তব্যত উপাধ্যক্ষ প্ৰাঞ্জল বৰুৱাই ৰেডক্ৰছৰ সকলো কাৰ্য্যৱলীত সক্ৰিয় সহায়, সহযোগিতা আগবঢ়াব বুলি সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে।ড০ ৰুনুমা শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।
