ৰাধা – প্ৰভাত বণিয়া

Pc JKYog.org

ৰাধা

প্ৰভাত বণিয়া

শৰতৰ পূৰ্ণিমা ৰাতি সুগন্ধত আমোলমোল‌ ফুলিছে শেৱালি
মনত দোলনা লাগিছে সুখে দুখে আছে বৈ প্ৰাণৰ যমুনা নৈ
সুন্দৰী ৰাধা আহে বা নাহে উগুল থুগুল মন
শুনি কি নুশুনি
কি সুৰে বজায় বাঁহী আজি প্ৰভু
কৃষ্ণ গোঁসাই ।