মৃত্যু
ভাস্কৰ প্ৰিয়ম হাজৰিকা,
কৰচুং সত্ৰ,নগাঁও
মই বগাব পাৰোঁ,
মই কাঢ়ি নিব পাৰোঁ,
মই ধুই নিব পাৰোঁ,
শান্তি কঢ়িয়াব পাৰোঁ।
মোৰ ওচৰত ধম্ভালি নামাৰিবি
মোৰ ওচৰত অহংকাৰী নহ’বি।
মই এক চিৰসত্য
পৱিত্ৰ বাণী।
চিৰনিদ্ৰাৰ সোৱৰণি মই,
জীৱনৰ অন্ত পৰাণৰ শব্দ মই।
আকুল কান্দোনৰ মাজতো,
মই হওঁ নীৰৱতাৰ সান্ত্বনা
মই আঁতৰাও যন্ত্রণা,
আনো এক স্থায়ী বিশ্রাম।
মই মৃত্যু নহয়,
মই মাথোঁ অন্ত বেলিকাৰ নাম।
