বাঁহীবাদক দীপক শৰ্মা আৰু নাই

বাঁহীবাদক দীপক শৰ্মা আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যবাসীৰ বাবে আন এক শোকৰ খবৰ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই।  আজি পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল দীপক শর্মা। কিছুদিন পূর্বে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল তেওঁক। চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় প্রতিভাৱান বাঁহীবাদকগৰাকীৰ। ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্রহণ কৰিছিল দীপক শৰ্মাই। গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ স্থায়ী বাসিন্দা আছিল তেওঁ। দীপক শৰ্মা নিজৰ বাঁহীৰ সুৰেৰে দেশ-বিদেশত অসমৰ সংস্কৃতিক প্রতিনিধিত্ব কৰিছিল। দীপক শর্মাই কেইবাটাও বঁটা লাভ কৰিছিল। তেওঁ লাভ কৰা বঁটাসমূহ হল- ব্যক্তিগত টিভি চেনেলে ২০০৬ চনত আগবঢ়োৱা “বেষ্ট মিউজিচিয়ান অৱ দ্য ইয়াৰ”, “সংগীত প্রভা” বঁটা (২০০৭), “অসম স্পর্টছ কাল্টাৰেল জুৰী এৱাৰ্ড” (২০০৭), “জেচ্ছ অৱ অসম” (২০০৮), “আজিম হাজৰিকা বঁটা” (শিৱসাগৰ প্ৰেছ ক্লাব)। বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। বিভিন্ন সাংস্কৃতিক সংগঠন, শিল্পী, সংগীতপ্রেমী আৰু অনুৰাগীয়ে দীপক শৰ্মাৰ অৱদানক স্মৰণ কৰি গভীৰ শোক প্ৰকাশ কৰিছে।