অস্পৃশ্য
প্ৰভাত বণিয়া
চকু পানীৰে বাট নেদেখা ক্ষণভঙ্গুৰ জীৱনৰ দুখানুভৱ
ধূসৰিত আবেগ আকাংক্ষা
বুজা নুবুজাৰ ভাৱনাত
এদিন মোৰ সৈতে সংপৃক্ত হৈছিল
সৰ্বজনপৰিত্যক্ত এটা তথাকথিত জয়াল পথ
দুখ যাতনা, গালি শাও শপনিত দুৰ্বিহ হৈ পৰা
নিঠৰুৱা পথটোৰ সৈতে ক্ৰমে মোৰ সম্পৰ্ক গাঢ় হৈ উঠিছিল
নিৰ্জন নিমাও মাও এই পথেৰে নিৰন্তৰ আহ-যাহ
বিষ এটাই কিলবিলাই ফুৰিছিল মোৰ ভৰিৰ পৰা মূৰলৈ
লোকচক্ষুৰ নিলগত থকা পথ
ভগা ছিগা বোকা পানীৰে ভৰা
দুয়ো কাষে হাবি জঙ্ঘলে আবৰা
ৰাতি মানুহ নাযায় ভূত প্ৰেত খোজ কাঢ়ি ঘূৰি ফুৰে
দিনত গলে সমদল কৰি যায় দূৰণিৰ পথিক
দুখে ভাগৰে,লাজে অপমানে চকু পানীৰে
বাট নেদেখা হয় আপোন পথ
আপোন পথৰ বিননিত হৃদয় কপি উঠে
পাণ্ডৱ বৰ্জিত পথ আৰু জৰা জীৰ্ণ,
অৱহেলিত মানুহৰ সুখ-দুখৰ একো প্ৰভেদ নাই
মই পথৰ ক্ষোভৰ উমান লও পথেও
মোৰ বুকুৰ স্তুপীকৃত আবেগ বুজিবলৈ আগবাঢ়ি আহে
এটা শানিত সপোনে উক্ দিয়ে
এই পথ এদিন মসৃণ হ’ব
ভদ্ৰ সমাজৰ লানি নিছিগা সোত বব
শোভাযাত্ৰাৰে মুখৰিত হ’ব আকাশ বতাহ
দুখিত,শোকাৰ্ত মানুহৰ মুখত
বিৰিঙি উঠিব কষ্টোপাৰ্জিত শতাব্দীৰ হাঁহি
এনেকৈয়ে দুয়ো দুয়োৰো অধিক আপোন হৈ পৰো ।
