লোকপাৰ্বণ “ছটপূজা” – মীনাক্ষী ৰায় ডাকুৱা

Pc Newsonair

লোকপাৰ্বণ “ছটপূজা”

 মীনাক্ষী ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী 

সূৰ্যদেৱ হিন্দুধৰ্মত পঞ্চদেৱৰ ভিতৰত অন্যতম । সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা, নিয়ন্তা তেওঁ । ভয়ঙ্কৰ হ’লেও শান্ত । প্ৰচণ্ড অগ্নিময় হৈও জীৱৰ জীৱনধাৰণৰ কাৰণ স্বৰূপ । সৰ্বদেৱ-সৰ্বভূতমান্য, পৰমাত্মা পৰমব্ৰহ্ম । প্ৰত্যেক দিনৰ আৰম্ভণিতে নৱীন সূৰ্যক মানুহে প্ৰণাম কৰি এই মন্ত্ৰটো উচ্চাৰণ কৰে,

“ওঁ জৱাকুসুমং সঙ্কাশং কাশ্যপেয়ং মহাদ্যুতিং ।
ধান্তাৰিং সৰ্বপাপঘ্নং প্ৰণতোঽস্মি দিবাকৰং ।।”

অৰ্থাৎ জৱাফুলৰ দৰে ৰঙা, অন্ধকাৰবিনাশী মহাদ্যুতিবিশিষ্ট, সৰ্বপাপহৰ সূৰ্যদেৱতাক প্ৰণাম কৰোঁ । কোৱা হয়, এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হে সূৰ্য, তুমিয়েই আমাৰ আদিশক্তি, আদি দেৱাদিদেৱ, তোমাক প্ৰণাম । অনন্ত আকাশ যাৰ মন্দিৰ, বিশ্বব্ৰহ্মাণ্ড যাৰ লীলাক্ষেত্ৰ, সেই সূৰ্যদেৱতা ঘৰে-বাহিৰে, সৰ্বজীৱৰ অন্তৰত একমাত্ৰ জাগ্ৰত দেৱতা । তেওঁৱেই সকলো জীৱৰ জন্মদাতা আৰু ত্ৰাতাও । সেয়ে ভাৰতবৰ্ষৰ প্ৰতিটো নদীসঙ্গম আৰু তীৰ্থক্ষেত্ৰত প্ৰতি প্ৰভাতত কোটি কোটি ভক্ত‌ই জলাশয়ত পূণ্যস্নানত অৱগাহন কৰি তেওঁক পানী, ফুল নিবেদন কৰি প্ৰণাম জনায় । বিশালায়ন সূৰ্য আকাশৰ ৰত্ন, তেওঁ সৰ্বদৰ্শী । সভ্যতাৰ সূচনালগ্নৰ পৰাই মানুহে সূৰ্যদেৱতাৰ উপাসনা কৰি আহিছে । ঋকবেদত সূৰ্যক তুলনা কৰা হৈছে চৰাইৰ সৈতে । দ্বাদশ ভিন ভিন নামেৰে স্তুতি কৰা হ’লেও তেওঁৰ প্ৰতিটো নামেই তাৎপৰ্যপূৰ্ণ । তেওঁ জীৱদাতা আৰু সৃষ্টিকৰ্তাৰ আত্মা হিচাবে পূজিত হৈ থাকে । বেদৰ বাহিৰেও পুৰাণ, ৰামায়ণ, মহাভাৰত আনকি তন্ত্ৰশাস্ত্ৰতো সূৰ্যদেৱ চিৰ মহিমান্বিত । তন্ত্ৰত বৰ্ণিত পঞ্চায়নী দীক্ষাত যন্ত্ৰৰ অগ্নিকোণত সূৰ্যৰ পূজাবিহিত দশদলবিশিষ্ট মণিপুৰচক্ৰৰ কৰ্ণিকাৰ মাজত ৰক্তবৰ্ণ ত্ৰিকোণ বহিঃমণ্ডলত মেঘবাহন সূৰ্য বা অগ্নি চিন্তনীয় ।

সূৰ্য অন্ধকাৰ নিবাৰক, পাপনাশক । তেওঁৰ দিব্য কিৰণত বিদূৰিত হয় শাৰীৰিক আৰু মানসিক ব্যাধি । দেৱীপুৰাণত কুষ্ঠৰ দৰে ৰোগৰ বিনাশকাৰী দেৱতা হিচাবেও সূৰ্যৰ প্ৰশংসা কৰা হৈছে । অন্ধকাৰৰ পৰা আলোকৰ পথত উত্তৰণৰ বাবে, সৰ্বপাপৰ পৰা বিমুক্তিৰ বাবে, ব্যাধি নিৰাময়ৰ বাবে আৰু সৰ্বপ্ৰকাৰ সুখ প্ৰাপ্তিৰ উদ্দেশ্যে মানুহে তেওঁৰ ব্ৰতসাধনত ৰত হয় । মানুহৰ অভীষ্ট আৰু ব্ৰত পূৰ্ণ কৰাৰ সামৰ্থ‌ও তেঁৱেই প্ৰদান কৰে, “ব্ৰতানি দেৱ সবিতা ভিৰক্ষতে ।” ভাৰতবৰ্ষত অদ্বিতীয় সূৰ্যোপাসক ৰূপে স্মৰণীয় হৈ আছে কৃষ্ণ-জাম্বৱতী পুত্ৰ বীৰ শাম্ব । শাম্ব কৃষ্ণৰদ্বাৰা কুষ্ঠ ৰোগাক্ৰান্ত হোৱাৰ শাপগ্ৰস্ত হয় আৰু মুক্তিৰ বাবে কৰে দুঃসাধ্য সূৰ্য আৰাধনা । মহাব্যাধি কুষ্ঠ আমূল ধ্বংস কৰাৰ বাবে শাকদ্বীপীয় ওঠৰজন ব্ৰাহ্মণক কাবো-কাকুতি কৰি আনে । সূৰ্যোপাসনাৰ ক্ষেত্ৰত শাম্বৰ ভূমিকা অতুলনীয় । চন্দ্ৰভাগাৰ মিত্ৰবনৰ সূৰ্য বিগ্ৰহৰ সৈতে বিজড়িত হৈ আছে তেওঁৰ নাম—তাত সূৰ্যদেৱ অৰ্ঘ্য গ্ৰহণ কৰে শাম্বাদিত্য ৰূপে ।

ভাৰতীয় সনাতন ধৰ্মত আদিত্য(সূৰ্য), গণনাথ(গণেশ), দেৱী(দুৰ্গা), ৰুদ্ৰ(শিৱ) আৰু কেশৱ(বিষ্ণু)—এই পঞ্চদেৱৰ আৰাধনাৰ মহত্ব আছে । এওঁলোকৰ মাজত আদিত্যদেৱৰেই নিতৌ প্ৰত্যক্ষ দৰ্শন পোৱা যায় । সেয়ে সূৰ্য উপাসনাত বিগ্ৰহ আৱশ্যক নহয় । লোকপাৰ্বণ “ছটপূজা” অস্তাচলগামী আৰু উদীয়মান সূৰ্যৰ সাক্ষাৎ উপাসনা । শাকদ্বীপীয় ব্ৰাহ্মণৰদ্বাৰা সূৰ্য উপাসনাৰ প্ৰসাৰণৰ পিছত সৰ্বসাধাৰণ মানুহৰ মাজতো এই বিশ্বাস জাগ্ৰত হয় যে, সূৰ্যদেৱ সমস্ত শক্তিৰ উৎস আৰু ইয়াৰ ফলতেই ভাৰতৰ নানান স্থানত সূৰ্য উপাসনাও বহুবিস্তৃত ৰূপ ধাৰণ কৰে । ব্ৰত পালনৰ মাজেৰে সূৰ্য উপাসনাৰ আটাইতকৈ ডাঙৰ এনেকুৱাই এটি ৰূপ “ছটপূজা ।” পূৱ ভাৰতৰ বিহাৰ, ঝাড়খণ্ড, উত্তৰপ্ৰদেশ, আৰু নেপালৰ তৰাই অঞ্চলৰ পৰাই এই লোকপাৰ্বণটো সময়ত সৰ্বত্ৰ প্ৰসাৰিত হৈছে । কাতিমাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিৰ পৰা সপ্তমী তিথি পৰ্যন্ত এই ব্ৰত উদ্‌যাপিত হয় । সাধাৰণতে সন্তানৰ মঙ্গলকামনাত হিন্দুনাৰীসকলে এই ব্ৰত পালন কৰিলেও মানত ৰক্ষা বা মনোকামনা পূৰণ কৰাৰ কামনাত পুৰুষসকলেও এই ব্ৰত পালন কৰে । ব্ৰত উদ্‌যাপনৰ ক্ষেত্ৰত পুৰোহিত সকলেই মন্ত্ৰাদি পাঠ কৰি দক্ষিণা গ্ৰহণ কৰে । বহুতে সন্তানপ্ৰাপ্তিৰ কামনাৰে এই ব্ৰত পালন কৰে । এই উপলক্ষ্যে কাতিমাহৰ শুক্লা ষষ্ঠীত ছঠী মাইয়া(ষষ্ঠী মাতৃ)ৰ বিশেষ ভোগ নিবেদন কৰা হয় । লোকপাৰ্বণ ছটপূজা সেয়ে সূৰ্যদেৱ আৰু ছঠী মাইয়া উভয়ৰেই উপাসনা । ছঠী মাইয়াৰ সৈতে মিল আছে বৈদিক যুগৰ প্ৰত্যুষৰ দেৱী ঊষাৰ । মূলত ষষ্ঠীব্ৰত হোৱা বাবে ইয়াক “ছট” বোলা হয় । ছট বা ছঠ “ষষ্ঠী”ৰ অপভ্ৰংশ । উত্তৰ বিহাৰত এই ব্ৰতক ৰবিষষ্ঠীয় বুলিও কোৱা হয় । ছটপূজা উপলক্ষ্যে চাৰিদিনৰ ব্ৰত পালনৰ প্ৰথমদিনা ব্তধাৰীসকলে ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি গা-পা ধুই শুদ্ধাচাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰে । এই অনুষ্ঠানৰ নাম “নহায় খায় ।” দ্বিতীয়দিনা নিৰ্জলা উপবাস কৰি সন্ধিয়া পূজাৰ্চনাৰ শেষত ক্ষীৰ ভোগ খোৱা হয় । এই অনুষ্ঠানৰ নাম “খৰনা ।” তৃতীয়দিনা পূণ্যাৰ্থীসকলে কোনো নদী বা জলাশয়ৰ ঘাটলৈ গৈ গাখীৰ অৰ্পণ কৰি সূৰ্যৰ পূজা কৰে । চতুৰ্থ আৰু ব্ৰতৰ শেষদিনা নদী বা জলাশয়ৰ ঘাটত সূৰ্যদেৱক অৰ্ঘ্য নিবেদনৰ মাজেদি উৎসৱৰ পূৰ্ণতাপ্ৰাপ্তি । তাৰপিছত ব্ৰতধাৰীসকলে উপবাস ভঙ্গ কৰে । প্ৰসঙ্গত, ত্ৰেতাযুগত শ্ৰীৰামচন্দ্ৰ আৰু সীতাদৈৱী শুক্লষষ্ঠীৰ দিনাই সূৰ্যদেৱৰ আৰাধনা কৰিছিল । আকৌ, দ্বাপৰযুগত অঙ্গৰাজ সূৰ্যপুত্ৰ কৰ্ণ‌ইও সূৰ্যদেৱৰ পূজা কৰিছিল । প্ৰচলিত বিশ্বাস, বৈদিক যুগৰ আগৰেপৰাই ছটপূজাৰ প্ৰচলন আছিল । মহাভাৰতত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে এই ছটপূজা কৰিছিল ।

ঋক্‌বেদত অন্নৰ বাবে সূৰ্যদেৱৰ স্তুতি কৰা হৈছে । তেওঁৰ কৃপাতে শস্য উৎপন্ন হয় । সেয়ে নতুন শস্য(গোমধান আৰু ধান)ক সূৰ্যদেৱৰ পূজাত ব্যৱহাৰ কৰা হয় । আটা আৰু গুৰেৰে তৈয়াৰ কৰা হয় এবিধ বিশেষ পিঠা “ঠেকুৱা” আৰু চাউলৰ পিঠাগুৰিৰে তৈয়াৰ কৰা হয় লাৰু । নৈবদ্য সজাবলৈ ব্যৱহাৰ কৰা হয় বাঁহেৰে তৈয়াৰী পাচি আৰু কুলা । ঠেকুৱা আৰু লাৰুৰ বাহিৰেও থাকে নানা ধৰণৰ ফলমূল—কুঁহিয়াৰ, এথোক কল, ৰবাবটেঙা, নাৰিকল আৰু অন্যান্য ফল ।

ছটপূজাৰ ব্ৰতৰ নিয়ম কোনো নদী বা জলাশয়ৰ তীৰত অৰ্ঘ্য সজাই, আঁঠুৱনী পানীত থিয় হৈ সাধনা পূৰ্বক অস্তাচলগামী আৰু উদীয়মান সূৰ্যদেৱক শ্ৰদ্ধা আৰু প্ৰণতি জ্ঞাপন কৰিব লাগে । নদী বা জলাশয়ৰ সৈতে এই ব্ৰতৰ সম্পৰ্ক লক্ষণীয় । আচলতে সূৰ্যৰ এই উপাসনাৰ সৈতে পানীৰ প্ৰতিষ্ঠাও ওতঃপ্ৰোতভাৱে জড়িত । পানী জীৱন স্বৰূপ । সূৰ্যদেৱ বৰুণৰূপে সেই জলতত্বৰেই প্ৰতীক ।