জুবিন গাৰ্গৰ স্মৃতিত লিখা এটি অনুভৱ
হঠাতে খহি পৰিল সূৰ্য্য
নমিতা দাস
শুৱালকুছি শান্তিতোল
হঠাতে খহি পৰিল সূৰ্য্য
কলা মেঘেৰে আৱৰি ধৰিলে আকাশ
সাগৰো থমকি ৰ’ল
শৰতৰ শেৱালীডাল
উকা হৈ গ’ল ।
গছ বিৰিখ স্তব্দ হৈ ৰ’ল
আকাশে বতাহে
মাথোঁ ক্ৰন্দনৰ ৰোল
অসমৰ জনতাৰ চকু পানী বোৰো নৈ হৈ গ’ল
আৰ্ত জনৰ সঞ্জৱনীৰ বাটো চোন
হেৰাই গল,
জীৱকুলু আজি নিমাত
সুৰ সমলয় কথা আৰু গীতেৰে
মাতৃভূমিক উজলাই ৰখা
তৰোৱাল খনো যে নিঃ শেষ হ’ল
প্ৰকৃতিৰ লগতে শত সহস্ৰ জনৰ হৃদয়
খনো উকা হৈ ৰল,
সকলোৰে আপোন হৈ পৰা শিল্পীগৰাকীক
শেষ কৃত জনাবলৈ ৰাজপথলৈ ওলাই আহিল
পোন্ধৰ লক্ষ্যাধিকতকৈ অধিক জনতা
পৃথিৱীৰ ইতিহাসত নাম থৈ গল।
