জুবিনক্ষেত্ৰ পৰিদৰ্শনৰ বাবে এছঅ’পি জাৰি চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছৰ পৰা প্ৰতিদিনেই সোণাপুৰৰ কমাৰকুছিৰ হাতীমুৰাত থকা সমাধিস্থলীত অলেখ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে দিনে-নিশাই সমাধিস্থলীত থাকে সাধাৰণ লোকৰ ভিৰ। পিছে এতিয়া দৰ্শনাৰ্থীসকলে মানি চলিব লাগিব কিছু কঠোৰ নিয়ম। এতিয়াৰ পৰা নিৰ্দিষ্ট সময়তহে জুবিনক্ষেত্ৰ দৰ্শন কৰিব পাৰিব গুণমুগ্ধই। এইক্ষেত্ৰত প্ৰশাসনে বান্ধি দিছে নীতি-নিয়ম তথা সময়সীমা। জুবিন গাৰ্গক ভাল পোৱাৰ নামত, জুবিন গাৰ্গৰ অনুগামী হোৱাৰ নামত সোণাপুৰৰ জুবিনক্ষেত্রত কোনোধৰণৰ ভণ্ডামি-উদ্ভণ্ডালি হ’ব নোৱাৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে কামৰূপ মহানগৰ জিলা প্রশাসনে এখন এছঅ’পি জাৰি কৰি কেতবোৰ কঠোৰ নির্দেশনা প্ৰকাশ কৰিছে। স্থানীয় জনসাধাৰণকে ধৰি বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি গায়কগৰাকীৰ শ্মশান ক্ষেত্ৰৰ পুণ্যতা আৰু পৱিত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত সাত্তাৱনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তিনিদফীয়া নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি জুবিন ক্ষেত্ৰত পুৱা ৬ বজাৰ পৰা দৰ্শনার্থীয়ে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনাব পাৰিব। নিশা ১০ বজালৈকে জুবিন ক্ষেত্র দর্শনার্থীৰ বাবে খোলা থাকিব। নিশা ১০ বজাৰ পাছত কোনো দর্শনার্থীকে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। জুবিন ক্ষেত্রত মদ্যপান বা আন কোনোধৰণৰ মাদকদ্রব্য সেৱন কৰি প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও মহানগৰ জিলা প্রশাসনে নির্দেশনা প্রকাশ কৰিছে। জুবিন ক্ষেত্ৰৰ চৌহদৰ ভিতৰৰ লগতে শ্মশান ক্ষেত্ৰৰ ওচৰত তথা আশে-পাশে যিকোনোধৰণৰ মাদকদ্রব্য সেবন বা বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশাৱলী তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব বুলিও উল্লেখ কৰি দিয়া হৈছে জাননীখনত।
