মানিলে ধান নামানিলে পতান – অনামিকা (সংগীতা)কলিতা

Pc Unsplash

মানিলে  ধান নামানিলে পতান

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

:ল’ৰাটোক কি কৰি ৰাখিছ ?ডাক্তৰ দেখুৱালে নহ’ব !গুৱাহাটী/দিল্লী সকলোতে দেখালি একো কাম নিদিলে।গতিকে এবাৰ মোৰ কথা শুনিবি। গৰখীয়া দৰে সৰু  ল’ৰাক এসাজ খুৱাব লাগিব লগতে বেজ/বেজালি দেখুৱাই চাচোন ।

:পেহীয়েকৰ পৰামৰ্শ মতে শাহু/শহুৰ নথকা ঘৰখনত  ৰমাই মাকক মাতিলে ।মাক অহাত পেহীয়েকৰ সৈতে
সৰু ল’ৰা কেইটামানক বন্ধৰ দিনত মাতিলে, এসাজ ভাত খুৱাই সিহঁতৰ প্ৰয়োজনীয় বহী, কলম /পেন্সিল দিলে।তাৰ পাছত এদিন   সাধকৰ ঘৰত ৰমাই  ৰাতিপুৱাই  গিৰিয়েকৰ সৈতে যাব’লৈ ওলাল বুকৰ কলিজাটো  সাৱটি লগতে পেহীয়েক গ’ল।

:  অকণমান দীঘলীয়া গন্তব্য স্থান।গাঁওৰ বাট-পথ ওখোৰা-মোখোৰা গাড়ীখনৰ সহিতে ধলং-ঢপঙকৈ  ১২ বজাত যথাস্থানত উপস্থিত হ’ল  | তাই ভৱাতকৈ ভালে সংখ্যক মানুহৰ সমাগম দেখি মনৰ সংকোচ কিছু আঁতৰ হ’ল।” কিবা উপকাৰ নাপালেনো ইমান সংখ্যক লোক গোট খায় নে ..?ৰমাৰ  মনতে এক ডাঙৰ প্ৰশ্ন!

পেহীয়েকে ক’লে ঈশ্বৰে নিশ্চয় ভাল কৰিব।যি কয় সেই মতে কৰিব লাগিব ।

এজন২০বছৰীয়া ল’ৰা  চোতালত এখনত আসন পাতি বহি আছে।সেই ল’ৰাজনৰ ঘৰৰ মানুহে কেইখনমান চকী মানুহবোৰ বহাৰ কাৰণে ৰাখিছে।সমিধান বিচাৰি যোৱা মানুহবোৰৰ নামবোৰ ল’লে। তাৰ পিছত সেইমতে এফালৰ পৰা মাতিব ধৰিলে।  কাষতে এডাল ডাঙৰ গছ আছে সেই গছ ডাললৈ চাই যিজনকে কাষলৈ মাতে সেইজনকে  কিবা সুধি বিধান দিয়ে । এনেদৰে  ৰমাকো মাতি  সি ক’লে আপোনাৰ ল’ৰাটোক ডাঙৰ লেঠা লাগিছে ।সোনকালে আনিলেহে পাৰিলোঁ হয় তথাপি এই তাবিজটো পিন্ধাব।তাৰ কথাশুনি ৰমা আচৰিতেই নহয় মনে মনে  হাঁহিও উঠিল।কাৰণ ল’ৰাজন পেহীয়েকৰ সম্পৰ্কীয় সেই সূত্ৰে ইতিমধ্যে পেহীয়েকৰ পৰা সকলো তথ্য পাইছে।

তাৰ পিছত আৰু এদিন  এগৰাকী মহিলা সাধকৰ ওচৰত গ’ল । মানুহবোৰে বৰ আদৰ-সাদৰ কৰি বহিবলৈ দিলে। ক’ৰ পৰা আহিছে  ,কি সমস্যা ,আগতে আহিছিল নে…ইত্যাদি ইত্যাদি ? তাৰ মাজতে দুই এজনে ক’লে বহুত ডাঙৰ ডাক্তৰক দেখুৱাইও একো ফল নাপালে ইয়াত আহিহে।কিছু সকাহ পালোঁ . ! কথা বতৰাৰ পৰা বুজিব পাৰি আটাইবোৰ পাৰ্শ্চবৰ্তী গাওঁৰে  বাসিন্দা …! এজন লোকে ৰমাৰ গিৰিয়েকৰ  নামটো সুধি কুপন এখন দিলে “১৬ নম্বৰত” কিছু সময়ৰ পিছত   চুলিমেলি,ৰঙাৰঙৰ চাদৰ মেখেলা পিন্ধা মহিলা এগৰাকী  ঘৰৰ পৰা ওলাই আহি মাজ চোতালত সজাই থোৱা সৰু খেৰিৰ জুপুৰি ঘৰটোত সোমাল। সকলোৱে থিয়  হ’ল। ডবা,ঘণ্টা ,শঙ্খধ্বনী বজাই একেলগে প্ৰাৰ্থনা কৰিলে  প্ৰায় ১২ মিনিটমান। ইয়াৰ পিছত নিজ নিজ সমস্যা লৈ এজন এজনকৈ জুপুৰি ঘৰটোত সোমাল। প্ৰায় এক ঘণ্টামান পিছত ৰমা আৰু গিৰিয়েকক  মাতিলে। সন্তাটোক কোলাত তুলি লৈ স্বামী-স্ত্ৰী দুয়ো প্ৰৱেশ কৰিলে।ভিতৰত এটা সৰু গাতত মহিলা সাধক গৰাকী বহি আছে সন্মুখত  ধূপ,চাকি-বন্তি  প্ৰজ্বলিত এখন থাপনা, কালীগোসানীৰ ফটো এখন আছে । পিছফালে পাৰি থোৱা পাতিখনত বহি সিহঁতে প্ৰণাম কৰিলে।

:”মা “তুমি এবাৰ দেখা  দিয়া ক’ত আছা  “মা”  ওঁম নমঃ হিং কিং..দেৱী ……!  আহিছা “মা”,  কোৱা “মা” কোৱা .হিং  কিং. ….(অলপ মন্ত্ৰ উচ্ছাৰণ কৰি )
:  ৰোগীৰ” নাম আৰু বয়স কওকচোন  ….?

: পাৰ্থ,পাঁচ বছৰ।

: ঠিক আছে। হ’ব হ’ব “মা” মই সকলো বুজি পাইছো….!
এনেকৈ দেৱীৰ সৈতে সংযোগ ঘটাই কিছু সময় পাচত ৰমালৈ  নোচোৱাকৈ  ক’ব ধৰিলে—–“আপোনালোকৰ ল’ৰাটোৰ পঢ়া শুনাত ভাল হ’ব”…!  অলপ নজৰ  লাগিছে কাৰণে  বেমাৰ আজাৰ  হৈছে। বয়স কম  মনটো চঞ্চল হৈ আছে…,.!মনস্তাত্বিক দিশৰ  পৰা পাঁচ বছৰ বয়সীয়া ল’ৰা এজনৰ  সকলো লক্ষণ  বৰ্ণনা কৰিব ধৰিলে….সাধক মহিলা গৰাকীয়ে।

:  বাট-পথ ভাল নহয় ভোকে পিয়াহে ইমান কষ্ট কৰি সন্তানটোক কোলাত লৈ থাকোঁতে  মনত লৈ যোৱা বিশ্বাসখিনি নিমিষতে পানী হৈ পৰিল ৰমাৰ। অজানিতে  ৰমাৰ মুখৰ পৰা ওলাই গ’ল….।”কি পঢ়াৰ কথা কয় হে??আজিলৈ খোজো কাঢ়িব নোৱাৰে মুখৰ মাতো ওলোৱা নাই..”।  সন্তানটি জন্মগত ভাৱে “চেৰিব্ৰেল পালচিত” আক্ৰন্ত হৈ শাৰীৰিক,মানসিক ভাৰসাম্য হেৰুৱাইছে ….। চেন্নাই,দিল্লী অসমৰ বাহিৰত  চিকিৎসা কৰি কোনো সুফল নেপালোঁ। যোনে যি কয় তাকেই কৰিছোঁ …!কিন্তু একো উপাই বিচাৰি নাপায়হে  আপোনাৰ ওচৰত আহিছোঁ।

:সাধক মহিলা গৰাকী থতমত খাই উঠিল  পিছফালে মূৰটো ঘুৰাই  কথাৰ সুৰ সলনি কৰিলে, বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ  আগবঢ়ালে..।

:ৰমাই বিষাদ মনেৰে ঘৰটোৰ  পৰা ওলাই বাহিৰত  বহিল…। মহিলা এগৰাকীয়ে ক’লে-এয়া তৃতীয় বাৰৰ বাবে আহিছো ,প্ৰথম বাৰতে ভাল নহয় -। এনেদৰে বহুতৰ বহু মন্তব্য শুনিলে ।তাই ভাবিলে ইমান  সহজ সৰল গাঁওৰ মানুহবোৰ  !!

:হঠাতে  চিঞৰি  উঠিল মহিলা সাধক গৰাকীয়ে” বিশ্বাস নাই যদি মোৰ ওচৰলৈ কিয় আহিছ?  এতিয়াই যোৱা,তহঁতৰ ইয়াত কোনো কাম নহ’ব”  !

:ৰমাৰ  গিৰিয়েকৰ নাম লৈ ঘৰটোৰ ভিতৰৰ পৰা তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে। ৰমাৰ  ভয় লাগিল  ভিতৰলৈ পুনঃ সোমাই গৈ কাকূতি-মিনতি কৰিবলৈ ধৰিলে।  মহিলা সাধক গৰাকীৰ পিছফালে বহি থকা গিৰীয়েকৰ পৰা এটা তাবিজ কিনি ওলাই আহিল..! ঘৰলৈ উভতি আহোঁতে  ভাবি অহিলে…এই যে তাইৰ কথাত সন্তুষ্ট হোৱা নাই, সাধক গৰাকীয়ে কেনেকৈ জানিলে !নিশ্চয় মানুহৰ মাজত ঘুৰি  থকা সিহঁতৰ কোনোবা সহচৰৰ  পৰা গম পাইছিল লগতে   বিশ্বাস জন্মোৱাৰ বাবে এখন নাটক  ..।

” মানিলে ধান নামানিলে পতান ” বুলি এষাৰ কথা আছে– গাঁওৰ এচাম লোকে এনেদৰে যাপ  , তাবিজ আদিৰ দ্বাৰা চিকিৎসা লৈ আৰোগ্য হয় বুলি বিশ্বাস কৰি আহিছে  আৰু আহি  থাকিব ….!!! কিন্তু অন্ধবিশ্বাসৰ এই জয়যাত্ৰা শেষ হ’ব নে?? এগৰাকী বিশেষভাৱে সক্ষম সন্তানৰ মাতৃৰ প্ৰশ্ন–!