ৰাজ্যত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ ১৯,১৪৫ ব্যক্তিৰ হাতত আছে

pc San Antonio Express-News

ৰাজ্যত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ ১৯,১৪৫ ব্যক্তিৰ হাতত আছে

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যৰ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে। ৰাজ্যৰ ভিতৰত নগাঁৱৰ ৩৪২২ গৰাকী ব্যক্তিৰ হাতত সৰ্বাধিক মাৰণাস্ত্ৰ আছে। গোলাঘাটত ২৬৫২, ডিমা হাছাওত ২০৫০, ধুবুৰীত ১২৮৪ আৰু দৰঙত ১১৪১ গৰাকী ব্যক্তিৰ হাতত আছে মাৰণাস্ত্ৰ। কামৰূপ মহানগৰত ৩৮ গৰাকী ব্যক্তিৰ ওচৰত আছে এই অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ।অসম বিধানসভাত বিজেপি বিধায়ক টেৰছ গোৱালাই সোধা এই সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লিখিত তথ্য সদনত দাখিল কৰিছে। চৰকাৰী বিভাগ-পাৰ্ছনেল, আৰক্ষী প্ৰতিৰক্ষা , শিক্ষা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, উদ্যোগ আৰু বাণিজ্য, স্বাস্থ্য, বন আৰু পৰিৱেশ, ৰেচম আৰু বেংকৰ কৰ্মচাৰীৰ হাতত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে বুলিও বিধায়কগৰাকীৰ আন এটা প্ৰশ্নত কোৱা হৈছে। লগতে কোৱা হৈছে যে আবেদনকাৰীৰ নিৰাপত্তাৰ দিশটোৰ বিষয়ে আৰুজীৱনৰ প্ৰতি সম্ভাব্য ভাবুকিৰ বিষয়ে আৰক্ষী বিভাগে পৰ্যালোচনা কৰি প্ৰতিবেদন দিয়ে। আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়। মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত ব্যক্তিসকল কেনে ধৰণৰ আৰু কোনে কোনে ভাবুকি দি আছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে ভাবুকি কোনো সংগঠন, কোনো ব্যক্তি বা কোনো অজ্ঞাত দিশৰ পৰা হ’ব পাৰে।

(RT.)