গছৰ লগত কথা পাতিব জনা মহানায়কজন
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
অসমৰ জনগণক মোহাচন্ন কৰি ৰখা মৰমৰ শিল্পী গৰাকীৰ অকাল বিয়োগত প্ৰতি গৰাকী অসমীয়াৰ মনত দুখৰ বন্যা। এতিয়া অসমৰ আকাশে- বতাহে শোক! জুবিনক হেৰুৱাৰ দুখ।যেন প্ৰতিটো পৰিয়ালে এজনকৈ সদস্যক হেৰুৱাইছে! ইমান আপোন!! ইমান ভালপোৱা!কেনেকৈ? মানুহক ভাল পোৱা, মানুহৰ মাজত থাকি ভাল পোৱা, অসমখনক ভাল পোৱাৰ জুবিন গাৰ্গৰ এয়া এক অনন্য একক ব্যক্তিত্ব।নিজকে শিল্পী বুলি কৈ ফুৰা, মঞ্চত গীতেৰে মন মুহি নিয়া বহু গায়ক আছে। বহু এনে শিল্পীৰ মৃত্যুও হৈছে! এতিয়াৰ দৰে নাই,এনে পৰিৱেশ দেখা নাই!
“মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই” এয়া কেৱল জুবিনৰ মুখৰ কথা নাছিল। তেওঁ কাৰ্যৰে দেখুৱাই গৈছে। সেয়ে ১৯ চেপ্তেম্বৰ ২০২৫ তাৰিখে সুদূৰৰ পৰা অহা অবাঞ্চিত দুখৰ খবৰ টোৱে অসমত স্বতঃস্ফুত ভাৱে জাতি ,ধৰ্ম , বৰ্ণ বিহীন পৰিৱেশ সৃষ্টি কৰিলে।
বুকুত সাহস, চকুত সপোন লৈ আকাশ চুব খোজা জুবিনে সঁচাকৈয়ে আকাশ চুই গৈছে। তথাপিও শেষ নাই। অযুত সপোন আছিল তেওঁৰ চকুত। প্ৰতিটো সাক্ষাৎকাৰত কৈছিল আৰু বহু কাম কৰিবলৈ আছে! সেই সপোন পুৰ নহ’ল। নতুন প্ৰজন্মলৈ তেওঁ সেই সপোন আৰু সাহস সিঁচি থৈ গৈছে। এবাৰ এটা লেখাত তেওঁ নতুন প্ৰজন্মক উদ্দেশ্যি কৈছিল “মোক যি সকলে ভাল পায়, তেওঁলোকে মানুহক সহায় কৰক।গছ পুলি ৰোৱক।কিতাপ পঢ়ক। অসমীয়া চিনেমাৰ কাৰণে কাম কৰক।অসমৰ কাৰণে কাম কৰক।তাতকৈয়ো ডাঙৰ কথা – নিজক নিজৰ দৰে গঢ়ক।… মোৰ পৰা কিবা ল’ব বিচাৰিলে ‘মই যিটো কৰিম বুলি ভাবিছোঁ, কৰিছোঁ’, এই আত্মবিশ্বাসটো লʼবা । তোমালোক সকলো নিজৰ ধৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি ডাঙৰ মানুহ হোৱা। মই লগত থাকিম “। এইজনেই আমাৰ জুবিনদা !
জুবিন গাৰ্গ প্ৰকৃতি আৰু গছ-গছনি ভালপোৱা এজন শিল্পী আছিল।হয় ,জুবিন গাৰ্গে গছ ভাল পাইছিল। বিশেষকৈ তেওঁ নাহৰ গছৰ প্ৰতি এক বিশেষ মৰম আছিল। তেওঁ নাহৰৰ ফুল আৰু পাতৰ সৈতে জড়িত ‘ব’হাগ অহাৰ বাতৰি’ শীৰ্ষক এক গীতো ৰচনা কৰিছিল। তেওঁৰ এই গছৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবে, তেওঁৰ মৃত্যুৰ পিছত বহুজনে তেওঁৰ নামত নাহৰ গছ ৰোপণ কৰিছিল। তেওঁ অনুৰাগীক উদ্দেশ্যি কৈছিল ” ঘৰত নাহৰ এজোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকা নিচিনা লাগিব। য’ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে”। জুবিন গাৰ্গে গছৰ লগত সুখ – দুখৰ কথা পাতিছিল। সকলোকে কৈছিল “গছ নাথাকিলে আমিও নাথাকিম”।গছ ৰোপণত যিমান গুৰুত্ব দিছিল তাতোকৈ অধিক বাধা দিছিল গছ কটা কাৰ্যক। চৰকাৰে উৰণ সেতু নিৰ্মাণৰ বাবে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ গছখিনি কটাৰ সিদ্ধান্ত লৈছিল। বহু দল সংগঠন, বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল। জুবিন গাৰ্গে বিশেষভাৱে দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল “চৰকাৰে এই কাম কৰিব নোৱাৰে। মই প্ৰতিবাদ নকৰোঁ , কথা কওঁ।উৰণ সেতুৰ বাবে গছ কটাৰ বিকল্প ব্যৱস্থা আছে। চৰকাৰে বিকল্প ব্যৱস্থা গ্ৰহণ কৰক।” তেওঁ আৰু কৈছিল “বহু বছৰ পুৰণি দীঘলী পুখুৰীৰ গছ কাটি নতুন কৈ গছ ৰোপণ কৰিলে দীঘলী পুখুৰীৰ আগৰ সৌন্দৰ্য ঘুৰাই আনিব পাৰিবনে?”
জুবিন গাৰ্গে আদৰ্শ দেখুৱাই গ’ল মাটিত ভৰি থৈ আকাশত উৰিবলৈ। অতীতৰ হাতত ধৰি নতুনলৈ গতি কৰিবলৈ! বহুমুখী প্ৰতিভাসম্পন্ন জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিবলৈ আমি প্ৰত্যেকেই নিস্বাৰ্থভাৱে ভাল পাব লাগিব প্ৰকৃতিক ,মাতৃভূমিক , মানুহ আৰু ইতৰ প্ৰাণীক।