প্ৰাক্তন নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ক্ৰিছ কেয়াৰ্নছে জীৱন-মৃত্যুৰে যুঁজি আছে

pc-Times Now

প্ৰাক্তন নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ক্ৰিছ কেয়াৰ্নছে জীৱন-মৃত্যুৰে যুঁজি আছে

অনলাইন বাৰ্ত্তাসেৱা– নিউজিলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ক্ৰিছ কেয়াৰ্নছে জটিল ৰোগত আক্ৰান্ত হৈ অষ্ট্ৰেলিয়াৰ চিকিৎলায়ত মৃত্যু সৈতে যুঁজি আছে ।দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ক্ৰিকেটাৰগৰাকী শাৰীৰিক অৱস্থা অত্যন্ত সংকটজনক। তেওঁ বৰ্তমান ভেণ্টিলেচনত আছে আৰু তেওঁক কৃত্ৰিমভাৱে শবাস-প্ৰশ্বাস দি থকা হৈছে। শৰীৰৰ মুল ধমনিজনিত ৰোগত তেওঁ আক্ৰান্ত হৈছে। উন্নত চিকিৎসাৰ বাবে তেওঁক নিউজিলেণ্ডৰ পৰা অষ্টেলিয়াৰ ছিডনী চহৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসাচলি আছে যদিও স্বাস্থ্যৰ বিশেষ কোনো উন্নতি ঘটা নাই।

 

(R.T)