কঙালীৰ আশাৰ বন্তিগছি
কল্যাণী গগৈ(মুনু)
চিলাপথাৰ, ধেমাজি
আঘোণ মাহৰ পিছতেই কাতি পালেহি
ভঁৰালত ধান নাই যদিও,
উলহ-মালহেৰে আহিছে আজি
হেঁপাহৰ কঙালী বিহুটি।
শৰতৰ সন্ধিয়াটি আজি অতি বিতোপন
আঘোণৰ ধাননি পথাৰবোৰ আজি
সোণগুটিৰে ভৰি পৰিছে,
আঘোণৰ পথাৰত সোণালী শস্যবোৰ
কীট পতংগৰ পৰা বচাবলৈ
চাকিৰ পোহৰে আকাশ উজ্বলি উঠিছে।
ঘৰৰ পূব দিশত ৰোৱা তুলসীৰ তলত
চাকিৰ পোহৰ উঠিছে উজ্বলি,
শৰৎ নিশাৰ আজি মুক্ত আকাশত
জিলিকি ৰৈছে আকাশ বন্তি।
মুকলি আকাশৰ অʼত তʼত
শুকুলা ডাৱৰৰ ৰেঙনি
হৃদয়ৰ কোণত জীয়াই,
আকুণ্ঠিত হিয়াৰ অলেখ সপোন
হেঁপাহৰ আচ্ছাদনত লুকাই যায়।
এফালে শৰতৰ শেৱালীৰ সুকোমল সুবাস
আৰু আনফালে কাতিৰ আগমন,
নীলা আকাশৰ তলত আকৌ জিলিকিব
মোৰ আশাৰ বন্তিগছি,
পূৰণ হ’ব মোৰ দেউতাৰ দৰে
হাজাৰ কৃষকৰ সপোেন ..
আৰু আমি সবে মিলি
নতুন দিগন্তৰ বাটত খোজ পেলাম
কৰি সুখৰ সন্ধান ।।
*(দুখৰ মাজতো আশা, দীনতাৰ মাজতো দীপশিখা, আৰু পৰিশ্ৰমৰ মাজতো সপোন — এই তিনিটাই কবিতাটিৰ মূল প্ৰাণ।)