চিয়াঁহী শেষ হোৱা কলম
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
চিয়াঁহী শেষ হোৱা কলমেৰে জানো
উকা কাগজখিলাত কিবা লিখিব পাৰোঁ
মনৰভাৱ স্পষ্টৰূপত জিলিকি উঠিব নে
জলজল-পটপট কৈ চকু ছাট মাৰি।
মনতে খোপনি পুতি আছিল ইমান দিনে
এটি অৰ্ধ নগ্ন জীয়া কাহিনীৰ দৃশ্য
লিখিম বুলিও লিখিব পৰা নাই
কৰণ কলমত মোৰ চিয়াঁহী শেষ হ’ল।
এবাৰ নহয় দুবাৰ নহয় বাৰংবাৰ মই
খালি ৰিফিলডাল উকা পাত খিলাত
লিখাৰ ভংগীৰে আঁচ টানিলো জোৰকৈ
কিন্তু কাগজখিলাত পৰিল বিশ্ৰী দাগ ।
আৰু লিখা নহ’ল মোৰ সেই ভাৱনাৰ
সদ্য ৰঙীন কাহিনীটোৰ এটা অংশও
ৰৈ গ’ল মনৰ সুপ্ত নিজান কোণত
অনিদ্ৰা কঢ়িয়াই চিৰদিনলৈ বুলি।
লিখিব ইচ্ছা আছিল এটা মুক্ত মনৰ
ৰজাৰ নিদাৰুন কাহিনীৰ এটা ভাগ
যিয়ে নিজক বিক্ৰী কৰিলে সম্পূৰ্ণ ৰূপে
প্ৰজাৰ হিতাৰ্থে মৰমৰ নিদৰ্শন হৈ
লিখিব লৈছিলোঁ এটি ৰং সলোৱা সেই
অত্যাচাৰী মালিৰ কৰুণ কথা
যিয়ে বাগিচাৰ কোমল ফুল পাহ
গচকি গচকি সুবাস লয় সুগন্ধি ফুলৰ।
চিয়াঁহী শেষ হ’ল মোৰ কলমৰ
মনৰ ভাবনাখিনি মনতে সামৰি
শুদা হাতেই নিজক নিজে অৰ্পন কৰিলোঁ
আৰুনো কি আছে কিনো দিম মই।
এটা দুটা অৰ্ধ ভঙা শব্দৰ বাহিৰে,
উকা এখিলা কাগজ অবিহনে
মোৰতো আৰু একোকে নাই
সেইখিনিও দিব পৰা নাই আজি।
কাৰণ কলমৰ চিয়াঁহী শেষ হ’ল
সময় থমকি ৰৈ গ’ল থিতাতে
শব্দই জুৰিলে তাণ্ডৱ নৃত্য মনতে
তথাপি লিখা নহ’ল এটি আখৰ…।