পূৰ্বাকাশত অস্ত গ’ল সূৰ্য্য
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
পূব আকাশত অস্ত গ’ল সূৰ্য্য
হঠাৎ নামি আহিল
কাল অমানিশা।
জানো,তুমি নদীৰ পৰা সাগৰলৈ যাব পাৰা,
সাগৰৰ লুণীয়া পানীয়ে কাঢ়ি নিলে
পাৰাপাৰহীন সুৰৰ কল্লোল।
বুকুয়ে বুকুয়ে বৈছে সেয়ে
বেদনাৰ গভীৰ সাগৰ।
তোমাৰ বাৰু
বৰ ভাগৰ লাগিছে নেকি?
শুই পৰিলা নিৰৱে -নিতালে
লুইতৰ উকা দুইপাৰত
আজি কেৱল আকুল-ক্ৰন্দন।
অসমীয়া জাগিছিল তোমাৰ গীতত।
সুখত ,দুখত মাথো তোমাৰ গীত।
ধুমুহাৰ সৈতে নাচি নাচি ভাগৰি
ধুমুহাৰ সৃষ্টি কৰি গ’লাগৈ।
তুমি পৃথিৱীৰ সন্তান
তুমি আকাশৰ দৰে মুক্ত
গছ অৰণ্য তোমাৰ বান্ধৱ
কথা পাতা গছৰ সৈতে
হ’ব খোজা ইউক্লেপ্তাছৰ দৰে ওখ।
তুমি নথকাত হেৰাই গৈছে
নিৰ্ভয়াত উদাত্ত কণ্ঠ।
প্ৰতি শৰতৰ প্ৰভাতি ফুল
চকুলোৰ নিয়ৰত তিতিব
তোমাক নাপায়।
হিয়াত বাজি ৰ’ব এটি সুৰ
দাৰা….ৰি ৰি… ৰা.. ৰা..।
তোমাৰ সমাধি মন্দিৰ হৈছে
দেখিছানে তুমি?
মহা-মিলনৰ
শংকৰ আজানৰ তীৰ্থভূমি হ’ল
তোমাৰ মৃত্যুত।
ক্ষত -বিক্ষত কলিজাত মাথো
তোমাৰ নাম
তোমাৰ গান
জুবিন এটি সূৰ্য
জয় জুবিন
সৃষ্টিৰ খনিকৰ।।