শৰত আহে এইদৰে – দীপালি বৰ্মণ

Pc Dainik Agradoot

শৰত আহে এইদৰে

দীপালি বৰ্মণ,গুৱাহাটী

শৰৎ আহে আহিনৰ বুকুত দোলা দি
তৰাৰ শেৱালি হাঁহি এমুঠি লৈ।
জোনাকৰ ৰাগীত মন উৰে
শৰতৰ গুণগুণ গীতৰ ঢৌ উঠে।
শৰৎ বিনন্দীয়া।
বৰ্ষাৰ বোকাময় মাদকতা স্নিগ্ধ কোমল পৰশেৰে নতুন কৰি শৰৎ আহে।
শেৱালি ফুলে চোতাল শুৱায়।
চপৰা চপৰ ডাৱৰৰ আঁৰত মেঘালী জোনৰ হাঁহি বিৰিঙে।
চেঁচা নিয়ৰৰ মুকুতাই দূবৰিত ৰহণ চৰায়।
গেৰধৰা ধানৰ সুবাস বতাহত ওপচে।
লুইতৰ পাৰত কঁহুৱা ফুলে
হালি-জালি গায়,শৰৎ এটি ঋতু যাৰ নাম পবিত্ৰতা।
শৰতৰ ৰূপত ৰাধাই
ছন্দ তুলি নেপুৰৰ কৃষ্ণৰ স্বৰ্গীয় প্ৰেমত
হৈ পৰিছিল উন্মনা।
কবিৰ কাপেৰে নিগৰে শৰতৰ মধুৰ বন্দনা-
ঋতুৰাণী শৰৎ যেন সদ্যস্নাতা গাভৰু,
পুৱতি নিশাৰ সপোন।
এৰা। শৰৎ হিয়াৰ কোণত বাজি উঠা এটি শেৱালি কোমল গীত,
যি গীতৰ মূৰ্চ্ছনাত সাৰ পায়
অসুৰ বধিবলৈ দেৱী মাতৃ।