সৰু মানুহ – অৰ্ণৱ কটকী

Pc DepositPhotos

সৰু মানুহ

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

সৰু মানুহ আমি!
জেপ উদং থাকিলেও মন ভৰি থাকে
এবোজা সুখৰ সন্ধানত, প্ৰতি দিনাই খোজ দিওঁ
পোহৰ খুজি আন্ধাৰ ফালি, এমুঠি সপোন বিচাৰি।
সৰু সৰু সপোন ,আশাকে খচকি!
ডাঙৰ হ’বলৈ খোজা আশা বিলাকক মোহাৰি ।
সৰু মানুহ যে আমি, মিছা সুখী হেজাৰ চিন্তা সামৰি
সপোন দেখো প্ৰতিনিয়ত!
পূৰ নৌহওঁতেই যদিওঁ বা  যায় ভাঙি ।
মগজু কোষত সদায়েই থাকে
পোৱাতকৈ যোৱাৰ খৰছৰ এখনি প্ৰকাণ্ড লিষ্ট ।
হেজাৰ নিমিলা অংক মিলাবলৈ কৰা অপ্ৰাণ চেষ্টাত ব্ৰতী
জীৱন গাড়ী খন টানিবলৈ , সুখৰ ইন্ধন লৈ ।
ভাগৰিও পুনৰ যুঁজিবলৈ, আশাপালি ৰৈ থাকোঁ
সৰু মানুহ হ’লেও এদিন সপোন পূৰণ হ’ব বুলি ,
নিমিলা অংকৰ আউল লগা পাক খুলিবলৈ।
ফটা কাগজত ৰচিছোঁ সপোন,
চিয়াঁহী বিহীন কলমে আকিছোঁ আশাৰ দাপোন ;
কিস্তিৰ শিকলি চিঙিবলৈও নাই দুবাহুত শকতি
নাই পৰা আছে বুলি ক’বলৈ !
দুঃখ মচি সুখৰ বন্তি জ্বলাবলৈ ,
সৰু মানুহ হৈয়ো ডাঙৰ সপোন পূৰাবলৈ।
সৰু মানুহ যে আমি, আনৰ চকুৰ ধূলি।