জনতাৰ হিয়াৰ আমঠু জুবিনদা স্বাগতম
প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী
‘কলীয়া মেঘে ঢাকিছে অ
ধুনীয়া জোনৰ মুখনি অ’
জনতাৰ হিয়াৰ আমঠু জুবিনদা কায়িকভাৱে আমাৰ মাজত নোহোৱা হোৱা আজি এসপ্তাহ হ’ল ৷ তেখেতৰ গীতৰ মাজেৰেই যেন তেখেত জীয়াই আছে আৰু থাকিব ৷ জুবিনদাৰ বিয়োগত নিথৰুৱা হ’ল অসমৰ জনতা ৷ স্তব্ধ হৈ পৰিল সময় ৷ কলীয়ামেঘে ঢাকি ধুনীয়া জোনৰ মুখখনি নোহোৱা কৰাৰ দৰে অসমবাসীৰ হিয়াৰ আৱেগবোৰো যেন নোহোৱা হ’ল ৷ স্পন্দনহীন জীৱন ৷ জুবিনদা নোহোৱাৰ খবৰটোৱে সময়ৰ গতিপথ সলনি কৰি পেলালে অসমবাসীৰ জীৱনৰ জীৱনধাৰা ৷ স্বতঃস্ফূৰ্তভাৱে বন্ধহৈ পৰিল বজাৰ-সমাৰ, জনতাৰ দৈনন্দিন জীৱন ৷ অফিচ-কাছাৰী, হাট-বজাৰ, জনতাৰ দৈনন্দিন জীৱনৰ সকলোবোৰ কামকাজ স্থবিৰহৈ পৰিল ৷ জনতাৰ চকুপানীৰ পানীৰে সাগৰ বোৱালে ৷ মানুহৰ খোৱা-বোৱা নাইকিয়া হ’ল ৷ জুবিনদা নোহোৱাৰ বাবে জনতাৰ জীৱন পৰিক্ৰমা একেবাৰে সলনি হৈ পৰিল ৷
“ যাবলৈ নিদিবা ৰাখিবা ধৰি”
জুবিনদাৰ গীতৰ মাজেৰেই তেওঁ বুজাই গৈছে’ যাবলৈ নিদিবা ৰাখিবা ধৰি’ ৷ তেওঁ যেন অসমবাসীক বুজাবলৈ চেষ্টা কৰিছিল যদিও অসমবাসীয়ে আমাৰ হাৰ্টথ্ৰবজনক ৰাখিব নোৱাৰিলে৷ কিয়নো খেয়ালী মনৰ , শিশুসুলভ মনৰ জুবিনদায়ে বুজিয়েই পোৱা নাছিল বুকুৰ আপোন বুলি ভবাবোৰেই যে তেওঁক অনাদৰ কৰিব ! যিজন মানুহে প্ৰকৃতিক ভাল পাইছিল , যিজনে বাৰে-বাৰে কৈছিল নাহৰ ৰুবলৈ , নাহৰে হাঁহিলে জুবিনদায়ে হাঁহিব , যিজন মানুহ জীৱ-জন্ত্তক মৰম কৰিছিল , যিজন মানুহৰ বিশাল হৃদয়খনে মাথোঁ জনতাক আদৰ-মৰম যাচিছিল সেইজন অসমবাসীৰ হিয়াৰ আমঠুয়ে জীৱনৰ অন্তিম মুহূৰ্তত আতাইতকৈ বিশ্বাসী মানুহবোৰে অকণমান সহায় নকৰিলে , সেয়া লৈয়ে অসমবাসী বৰ্তমানো জ্বলি আছে জ্বলি থাকিব ৷
‘হৰ্ঠাতে হেৰাল কেনিনো মোৰ
চোতালৰে জোনাক
ঠাইতেই অচিনা তমসাই
আগুছিলেহি মোক ’
সঁচাকৈয়ে হিয়াৰ আমঠু জুবিনদায়ে যেন প্ৰতিজন অসমবাসীৰ বাবেহে গীতটি লিখি থৈ গৈছে ৷ এতিয়া যে অসমবাসীৰ মনত জোনাক নাই , অচিনা তমসাই আৱৰিলেহি প্ৰতিজনৰ হৃদয় ৷ জুবিনদা বিহীন অসমীয়াৰ বুকুত এতিয়া দুখৰ জুয়ে আগুৰি ধৰিলে ৷এই জুই কেতিয়ালৈ হাম কাটিব কোনেও নাজানে ৷ মনৰ আনন্দ-উল্লাহ নোহোৱা হ’ল ৷ কিমান বিশাল অন্তৰৰ গৰাকী হ’লে প্ৰতিজন অসমবাসীৰ বাবে হিয়াৰ আমঠু হব পাৰে? সেই বিশাল অন্তৰৰ গৰাকী আজি নোহোৱা হোৱাৰেপৰা অসমবাসীয়ে কান্দিছে , আৰু কান্দি থাকিব ৷ শিশুসুলভ মনৰ মানুহজনৰ মুখৰ হাঁহিটো নোহোৱাৰ বেদনাই অসমবাসীৰ জীৱন পৰিক্ৰমা সলনি কৰি পেলালে ৷ নেদেখাজনলৈ আহ্বান আমাৰ জুবিনদা আকৌ ঘূৰি আহিব আমাৰ মাজলৈ ৷ লাখ-লাখ ৰাইজৰ উচুপনিত জুবিনদাৰ আত্মাও কষ্ট পাইছে ৷
নেদেখাজনলৈ আমাৰ হৃদয়ৰ আহ্বান———
“ দিয়া ঘুৰাই দিয়া
পৃথিৱী আমাৰ আমাক”
আমাৰ পৃথিৱীক ঘুৰাই দিয়া ৷ অগণন জনতাৰ আস্থাক নেদেখাজনে বিশ্বাসঘাতক নকৰে ৷ জুবিনদাক ব্ৰহ্মাণ্ডই ধৰি ৰাখিব নোৱাৰে ৷
“ ঘেন্টা মই কাকো খাতিৰ নকৰোঁ”
খেয়ালী মনৰ জুবিনদায়ে সঁচাকৈয়ে কাকো খাতিৰ নকৰে ৷ আলসুৱা মনৰ জুবিনদায়ে মাথোঁ ৰাইজৰ মৰম বিচাৰে ৷ কাৰোৰে কথা পেলাব নোৱাৰা মানুহজনে অসমবাসীৰ চকুপানীক কেতিয়াও অনাদৰ কৰিব নোৱাৰে ৷ জনতাৰ হিয়াৰ আমঠু জুবিনদা আকৌ আমাৰ মাজলৈ ঘুৰি আহিব ৷ এয়া আমাৰ বিশ্বাস লগতে নেদেখাজনলৈ আমাৰ হৃদয়ৰ আহ্বান ৷
“ মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি”
আমাৰ হিয়াৰ আমঠু জুবিনদাক মায়াবিনীৰে বিদায় দিছিলোঁ আকৌ এবাৰ জুবিনদাক মায়াবিনীৰে আদৰণি জনাম ৷ স্বাগতম জুবিনদা..