ভুল আৰু অনুশোচনাৰ মাজেৰে জীৱন চালিকা – শৈলেন কুমাৰ

Pc-YogaUOnline

ভুল আৰু অনুশোচনাৰ মাজেৰে জীৱন চালিকা

 শৈলেন কুমাৰ, মিৰ্জা

শুদ্ধ নে অশুদ্ধ ? কোনে নিৰ্ণয় কৰে ? জীৱন কষ্টকৰ নহোৱাকৈ কোনে চলিব বিচাৰে,বহুতে ভাৱে জীৱন এক ক্ৰীড়ামঞ্চ,ব্যক্তি বিশেষে জীৱন সংজ্ঞা ভিন্নভিন্ন ৷ কিন্তু আমি মানুহ আৰু মানুহ হিচাপে জীয়াবলৈ বিচাৰো ৷ চঞ্চল মনে ঘোৰা চেকুৰাৰ দ্বৰে আমাক দৌৰাই থাকে ৷ ভুল হয় লগতে অনুশোচনাও হয় ৷ আমি নিজস্ব কৰ্মত সন্তুষ্ট আৰু আনৰ কৰ্মৰাজিত অসন্তুষ্টও হব পাৰো ৷ পোহৰ আৰু অন্ধকাৰৰ মাজত মায়াবিনী নিশা ৷ নাৱৰীয়াই নৌকা লৈ নদীত নিৰন্তৰ বৈঠা মাৰি আগবাঢ়ি আছে ৷ চকুৰে দেখিছো মনমগজুৰে অনুধাৱন কৰিছো ৷ দেখা আৰু শুনাৰ মাজেৰে নিজক স্থিৰ অথবা অস্থিৰ কৰি সিদ্ধান্ত লৈ আগবাঢ়িছো ৷ জীৱন নামৰ নাটখনত মোয়ে নায়ক অথবা খলনায়ক হৈ অভিনয় কৰিছো ৷ অলপ ক্ষণ থমকি চাই জিৰণি লৈ ভাবিছো যাত্ৰাৰ অন্ত ক’ত ? এইযে আবেগ অনুভূতিবোৰ পৰ্বত পাহাৰত উপবিষ্ট শিল পাথৰ বোৰত নাই নেকি ? জড় পদাৰ্থবোৰ চাগে বহুত সুখী কাৰণ সিহঁতৰ আবেগঅনুভূতি নাথাকে ৷ জীৱ হ’লে সুখদুখ,তিতাকেহা,মিঠা সকলো অনুভৱ হয় ৷ তথাপি জীৱন জিন্দাবাদ,জীৱন চলি যায় ৰৈ যায় কেৱল যাত্ৰাপথৰ পদধূলি ৷ চঞ্চলা মনৰ চকৰি ঘূৰে আমি আশা আকাংক্ষাৰ মায়াচক্ৰত আৱদ্ধ হওঁ ৷ থমকি ৰোৱাৰ আহৰি নাই,অনুশোচনাবোৰ যেন কৰবাত অন্তৰ্ধান হয় ৷ সুখত হেপাঁহ পলুৱাই হাঁহো,দুখত হিয়াধাকুৰি কান্দো ৷ তাকে দেখি কোনবাই ৰং পায় কোনবাই আকৌ গৌৰৱত উফন্দি উঠে ৷ পৰ আপোন ক’ত থাকে সেয়া চঞ্চল মনৰ ৰচনা ৷ আমি যেতিয়ালৈকে বুজিবলৈ আৰম্ভ কৰো তেতিয়া বহু পলম হয় নেকি ? শুই উঠিলেই পোহৰ হয় কথাখিনি আমি তেনেকুৱাকৈও ল’ব পাৰো ৷ ভাল মানুহ বেয়া মানুহ চয়তান মানুহ সকলোৱে ৰংগমঞ্চৰ একোএকোজন পাকৈত অভিনেতা,অভিনেত্ৰী ৷ কিন্তু স্থিতপ্ৰজ্ঞ আৰু সংযমী হ’ব আমাক কোনে শিকাই ? ঈশ্বৰ,আল্লা,ভগৱান নামৰ কাল্পনিক সত্ত্বা এটা থকা বুলি কোনে বিশ্বাস কৰে ? হয়টো সেয়া আমাৰ মাজতে কোনবা অলৌকিক প্ৰৱাহিত প্ৰদত্ত ৷ যাত্ৰাৰ শেষত কি ? এই যাত্ৰাই হয়টো জীৱনৰ সংজ্ঞা ৷ ভুল আৰু অনুশোচনাৰ এই জীৱনযাত্ৰাই আমাৰ জীয়াই থকাৰ সম্বল তথা জীৱন চালিকা ৷ ভুলবোৰ অনুশোচনাৰ মাজেৰে শুদ্ধ কৰি সাহসেৰে সমস্যাবোৰৰ লগত দৃঢ়তাৰে যুঁজ দি আগুৱাই গৈ অৱশেষত আমি যাত্ৰাৰ শেষ মুহূৰ্ত অৰ্থাৎ অভিনয়ৰ ৰংগমঞ্চৰ যৱনিকালত বিচাৰাধীন হ’ম মানুহ আৰু মানৱতাৰ ৷ কেৱল ব্যক্তিগত স্বাৰ্থকেন্দ্ৰিক নহৈ আত্মকেন্দ্ৰিক দৃষ্টিৰে আত্মঅৱলোকন কৰাৰ প্ৰয়োজন ৷ জীৱনত শুদ্ধ নে অশুদ্ধ তাৰ নিৰ্ণয় আনে নহয় বৰঞ্চ নিজেই নিজক কৰাৰ প্ৰয়োজন ৷ শুদ্ধ মানে সত্য আৰু অশুদ্ধ মানে অসত্য ৷ আমাৰ জীৱনটো শুদ্ধ সত্যৰে আগবাঢ়িছেনে তাক নিৰূপণ কৰাই জীৱনৰ আন এটি নাম ৷