জুবিন দাৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অযথা অদৰকাৰী কথা কোৱা বন্ধ কৰক,অন্যথা ২০২৬ৰ পূৰ্বেই প্ৰিয় চকীখন হেৰুৱাব লাগিব – গৌৰৱ গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন দাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত চলি তদন্তৰ সময়ত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আই.টি চেলৰ একাংশ প্ৰচাৰক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে কয় যে – যোৱা কিছুদিন ধৰি জুবিন দাৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BJP IT Cell এ কৈ থকা কথাবোৰৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে। এতিয়া এওঁলোকৰ কথা-বাৰ্তাৰ কোনো মৰ্য্যদা নোহোৱা হৈ পৰিছে৷স্বৰ্গগামী পবিত্ৰ আত্মাটিৰ ওপৰত প্ৰশ্ন তোলাৰ লগতে আৰক্ষীৰ হতুৱাই শক্তি প্ৰদৰ্শন কৰাৰ বাহিৰে মুখ্যমন্ত্ৰীৰ হাতত যেন বৰ্তমান আৰু কোনো বিকল্প নাই ৷ তেওঁ পাহৰি গৈছে যে অসমবাসীয়ে এতিয়াও এক গভীৰ বিষাদৰ সময় পাৰ কৰি আছে।ক্ষমতা হেৰুওৱাৰ ভয়ে তেওঁক এনে এক পৰ্য্যায়লৈ লৈ গৈছে যে তেওঁ মানৱীয়তাকো পাহৰি গৈছে। মই এতিয়াও অপেক্ষা কৰিম যে মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ মৃত্যুৰ সৈতে জড়িত সকলো তথ্য জনসাধাৰণৰ সন্মুখলৈ আনিব। লগতে অসমবাসীয়ে এইটোও জানিব বিচাৰে যে চিংগাপুৰত জুবিন দাৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল কেনেকৈ চলি আছিল ! মুখ্যমন্ত্ৰীয়ে অযথা অদৰকাৰী কথা কোৱা বন্ধ কৰক,অন্যথা আপুনি ২০২৬ৰ পূৰ্বেই আপোনাৰ প্ৰিয় চকীখন হেৰুৱাব লাগিব।